ভাৰতৰ প্ৰায় প্ৰতিগৰাকী কৃষকে জনা ইৰাংজী শব্দবোৰৰ বিষয়ে যদি ক’বলৈ কোৱা হয় তেন্তে সেইবোৰৰ ভিতৰত অন্যতম হ’ব ‘Swaminathan Report’ (স্বামীনাথন ৰিপ’ৰ্ট) বা ‘Swaminathan Commission Report’ (স্বামীনাথন কমিচনৰ ৰিপ’ৰ্ট)। কৃষকসকলে তেওঁলোকৰ বাবে সেই প্ৰতিবেদনত থকা মূল কথা 'ন্যুনতম সমৰ্থন মূল্য (MSP) হিচাপৰ সূত্ৰ’ৰ (C2+50 per cent) কথাও জানে।
অধ্যাপক এম.এছ. স্বামীনাথনক কেৱল যে চৰকাৰ, আমোলা-বিষয়া আৰু বিজ্ঞানৰ সৈতে জড়িত প্ৰতিষ্ঠানতে স্মৰণ কৰা হ’ব তেনে নহয়, ৰাষ্ট্ৰীয় কৃষক আয়োগ (NCF)ৰ প্ৰতিবেদন কাৰ্যকৰীৰ কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহা এই বিশেষ ব্যক্তিগৰাকী কোটি কোটি কৃষকৰ হৃদয়তো সদায়েই গুঞ্জৰিত হৈ ৰ’ব।
ভাৰতীয় কৃষকসকলে অৱশ্যে ইয়াক থোৰতে 'স্বামীনাথন ৰিপ’ৰ্ট’ বুলি কৈ আহিছে, কিয়নো এনচিএফৰ অধ্যক্ষ হিচাপে তেওঁ দাখিল কৰা প্ৰতিবেদনৰ প্ৰভাৱে সমগ্ৰ দেশৰ কৃষিৰ ক্ষেত্ৰখনক ব্যাপকভাৱে চুই গৈছে।
এই প্ৰতিবেদনৰ কথা ক’বলৈ গ’লে ইউপিএ আৰু এনডিএ দুয়োখন চৰকাৰে কৰা প্ৰতাৰণা আৰু অৱদমনৰ কথাও আহি পৰে। প্ৰথমখন প্ৰতিবেদন দাখিল কৰা হৈছিল ২০০৪ চনত আৰু পঞ্চম তথা অন্তিমখন প্ৰতিবেদন দাখিল কৰা হৈছে ২০০৬ চনৰ অক্টোবৰত। এই প্ৰতিবেদনক লৈ সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হোৱাতো দূৰৰে কথা, নিয়মীয়া অধিৱেশনতো এই লৈ ভালকৈ এঘণ্টাও আলোচনা হোৱা দেখা নগ’ল। এনেকৈয়ে এতিয়া প্ৰথমখন প্ৰতিবেদন দাখিল কৰা ১৯ বছৰ পাৰ হৈ গ’ল।
বহু প্ৰতিশ্ৰুতিৰ মাজতে স্বামীনাথন প্ৰতিবেদনৰ এমএছপি সূত্ৰ ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদানৰ জৰিয়তে ২০১৪ চনত কেন্দ্ৰত শাসনলৈ আহে মোদী চৰকাৰ। কিন্তু তাৰ পৰিৱৰ্তে চৰকাৰে তাৎক্ষণিকভাৱে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি কয় যে সেয়া কাৰ্যকৰী কৰাতো সম্ভৱ নহয় কিয়নো তাৰ ফলত বজাৰ মূল্যত অস্থিৰতাই দেখা দিব।
ইউপিএ আৰু এনডিএ দুয়োখন চৰকাৰেই জানিছিল যে এই প্ৰতিবেদনখনে কৃষকৰ পক্ষ ভালকৈয়ে লৈছিল, সেয়ে দুয়োখন চৰকাৰে কৃষি খণ্ডক ক’ৰ্পৰেট খণ্ডক গতাই দিবলৈ চেষ্টা চলাই গৈছিল। স্বাধীনতাৰ পিছত এই প্ৰতিবেদনেই আছিল কৃষিখণ্ডৰ বাবে এক ইতিবাচক ব্লু-প্ৰিণ্ট। এই প্ৰতিবেদনৰ আঁৰৰ ব্যক্তিগৰাকীয়ে সমগ্ৰ ক্ষেত্ৰখনকে এক নতুন দৃষ্টিভংগীৰে চাইছিল আৰু এক নব্য আৰ্হিৰ নিৰ্মাণ কৰিছিল। তেওঁ সাজোৰে এই মত উত্থাপন কৰিছিল যে কৃষিক্ষেত্ৰৰ বিকাশ কেৱল উৎপাদনৰ জৰিয়তে নহয়, কৃষকৰ উপাৰ্জন বৃদ্ধিৰ জৰিয়তেহে জুখিব পৰা যায়।






