শুকান, জৰ্জৰ মালভূমিখনৰ মাজত থকা দৰগাহটিয়ে মালগাওঁৰ ৰাইজলৈ মনৰ শান্তি আনে। মহাৰাষ্ট্ৰৰ সাতাৰা জিলাৰ এই উপাসনাস্থল বহু পুৰণি, বহুযুগ ধৰি এই দৰগাহ দুৰ কৰে পথৰ ক্লান্তি। ভাগৰুৱা আৰু দুখ-শোকত জৰ্জৰিতজনৰ আশ্ৰয় এই দৰগাহ।
দৰগাহৰ গাতে লাগি থকা গছৰ ছাঁত স্কুলীয়া ল’ৰা-ছোৱালীয়ে গৃহকৰ্ম কৰে। ডেকা ল’ৰা-ছোৱালীয়ে দৰগাহৰ দুৱাৰমুখতে বহি প্ৰতিযোগীতামূলক অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। গৰমৰ দিনত সেইটুকুৰা ঠাইতেই শীতল বতাহ বলি থাকে। কাষতে থকা মুকলি ঠাইখিনিত আৰক্ষীৰ চাকৰিপ্ৰাৰ্থীয়ে বিভিন্ন শাৰীৰিক কচৰত কৰে।
“আনকি আমাৰ ককাদেউতাৰ মুখতো ইয়াৰ (দৰগাহৰ) কথা শুনিছো,” গাওঁখনত ১৫ একৰৰো অধিক মাটি থকা কৃষক বিনায়ক যাদৱে (৭৬) কয়। “ভাবকচোন, সেয়া কিমান প্ৰাচীন এই দৰগাহৰ ইতিহাস। হিন্দু আৰু মুছলমানে মিলি ইয়াৰ চোৱাচিতা কৰে। এয়া শান্তিপূৰ্ণ সহবাসৰ এক প্ৰতীক।”
২০২৩ৰ ছেপ্টেম্বৰত কথাবোৰ সলনি হ’ল। মালগাঁৱৰ তীৰ্থভূমিয়ে নতুন অৰ্থ লাভ কৰিলে - ডেকাল’ৰা কিছুমানে হৈ-হাল্লা লগালে যে সেই ভূমি বেদখল কৰি দৰগাহ বনোৱা হৈছে। তেওঁলোকক এই উত্তেজনামূলক পৰিৱেশ সৃষ্টিত ইন্ধন যোগাইছিল হিন্দুত্ববাদী গোট কিছুমানে।
মালগাঁৱৰ ২০ৰ পৰা ২৫ বছৰ বয়সৰ এই হিন্দু নিবাসীকেইজনে জিলা প্ৰশাসনলৈ “বেদখল”ত থকা দৰগাহটো ভাঙি পেলাবলৈ দাবী জনাই চিঠি লিখে। কিছুমানে তাৰ কাষতে থকা পানীৰ টেংকটো ইতিমধ্যে ভাঙি পেলাইছিল। “মুছলমান সম্প্ৰদায়ৰ লোকে তাৰে ৰাজহুৱা মাটিখিনি দখল কৰাৰ পাং পাতিছে,” তেওঁলোকৰ চিঠিখনত এনেকৈ লিখা আছিল। “উপাসনাস্থলীখন গাওঁ পঞ্চায়তৰ অনুমতি অবিহনে নিৰ্মাণ কৰা হৈছে।”













