কাৰদগা গাঁৱত শিশু জন্ম পালে পৰিয়ালৰ লোকে সোমাক্কা পূজাৰীক খবৰ কৰে। ৯,০০০ লোকৰ বসতি থকা গাওঁখনত তেঁৱেই মুষ্টিমেয় কেইগৰাকীমান শিল্পীৰ মাজৰ এগৰাকী, যিয়ে ভেড়াৰ নোমৰ পৰা এতিয়াও খাৰু বনাব পাৰে। এই অলংকাৰক স্থানীয় ভাষাত কাণ্ডা বুলি কয়। পবিত্ৰ বুলি বিবেচিত এই খাৰু নৱজাতকক পিন্ধোৱা হয়।
“বিভিন্ন ধৰণৰ মানুহৰ মাজেৰে প্ৰতিকুল বতৰ নেওচি ভেড়াবোৰ ইখন গাঁৱৰ পৰা সিখনলৈ চৰণীয়া পথাৰৰ সন্ধানত নিবলগীয়া হয়,” পঞ্চাচৰ দেওনা পাৰ কৰা সোমাক্কাই কয়। ভেড়াবোৰ সহিঞ্চুতাৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু ভেড়াৰ নোমৰ পৰা তৈয়াৰী খাৰুৱে অপায়-অমংগল দূৰ কৰে বুলি তেওঁলোকৰ মাজত বিশ্বাস প্ৰচলিত।
ধনগৰ সম্প্ৰদায়ৰ মহিলাসকলে পাৰম্পৰিকভাৱে এই খাৰু সাজি আহিছে। এতিয়া কাৰদগা গাঁৱৰ কেৱল আঠটা ধনগৰ পৰিয়ালেহে এই শিল্প জীয়াই ৰাখিছে। “নিম্মা গাৱালা ঘাটলা আহে (এই গাঁৱৰ আধাসংখ্যক শিশুৰ হাত মই শুৱনি কৰিছো),” সোমাক্কাই মাৰাঠী ভাষাতে কয়। কাৰদগা গাওঁখন কৰ্ণাটকৰ বেলাগাভি জিলাত অৱস্থিত, মহাৰাষ্ট্ৰৰ সীমাৱৰ্তী এলেকাত। সেয়ে সোমাক্কাৰ দৰে বহুতে কান্নাড়া আৰু মাৰাঠী দুয়োটা ভাষাই ক’ব পাৰে।
“বিভিন্ন ধৰ্ম আৰু জাতিৰ লোকে আমাৰ পৰা খাৰু নিয়েহি,” সোমাক্কাই কয়।
সৰুতে সোমাক্কাই প্ৰয়াত মাতৃ কিষ্ণাবাই বনকৰক কাৰদগাত বৰ নিখুঁত খাৰু বনোৱা দেখিছিল। “কাণ্ডা বনোৱাৰ আগে আগে ভেড়াৰ প্ৰতিডাল নোম (লোকাৰ বুলিও কয়) তেওঁ তন্ন তন্নকৈ পৰীক্ষা কৰিছিল, তাকে দেখি মই আচৰিত হৈছিলো.” ভেড়াৰ নোমবোৰ মিহি হ’লে খাৰু বনোৱাটো মাকৰ বাবে সহজ হৈ পৰিছিল, সেই কথা সুঁৱৰি সোমাক্কাই কয়। ভেড়াৰ পৰা প্ৰথম খুৰোৱা নোমখিনি ব্যৱহাৰ কৰা হয়, কিয়নো তেনে নোমৰ টেক্সাৰ ভাল। “এশটা ভেড়াৰ ভিতৰত এটাৰহে নোম কাণ্ডা বনোৱাৰ বাবে উপযুক্ত।”
সোমাক্কাই তেওঁৰ প্ৰয়াত পিতৃ আপ্পাজি বনকৰৰ পৰা কাণ্ডা বনোৱা শিকিছিল। তেতিয়া তেওঁৰ বয়স আছিল ১০ বছৰ আৰু তেওঁ দুমাহত সেয়া শিকিছিল। চাৰিটা দশক পিছতো সোমাক্কাই এই পৰম্পৰা অব্যাহত ৰাখিছে আৰু পৰম্পৰাটোৰ প্ৰতি মানুহৰ আগ্ৰহ কমি অহাক লৈ তেওঁ চিন্তিত: “আজিকালি ডেকা ভেড়াৰখীয়াবোৰে ভেড়া চৰাবলৈকো নাযায়। ভেড়াৰ নোমৰ সৈতে জড়িত শিল্পৰ কথা তেওঁলোকে কি জানিব?”














