“ম’বাইল-টিভি, ভিডিঅ’ গেমচ্ অহাৰ পিছত পুতলা নাচ, কাহিনী কথন আদি পৰম্পৰাগতভাবে চলি অহা অনুষ্ঠানবোৰ ক্ৰমাৎ নাইকিয়া হৈ আহিব ধৰিছে।” ৰাজস্থানৰ সিকৰ জিলাৰ দান্তা ৰামগঢ়ৰ পুতলা নাচৰ শিল্পী পুৰণ ভাটে কয়। এসময়ত মইনামেল, বিয়া-সবাহ আৰু চৰকাৰী অনুষ্ঠানৰ বাবে নিজাকৈ পুতলা বনাই পুতলানাচ দেখুওৱা দিনবোৰৰ কথা মনত পেলায় ৩০ বৰ্ষীয় শিল্পীগৰাকীয়ে।
“আজিকালি মানুহক বিভিন্ন কাৰুকাৰ্য্য কৰি দেখুৱাব লাগে। আগতে মহিলাই ঢোলক বজাই গীত গাইছিল। কিন্তু মানুহে হাৰমনিয়ামত হিন্দী গান বিচৰা হ’ল। কোনোবাই সহায় কৰিলে আমি আমাৰ ককাদেউতাৰ দিনৰ পৰা চলি অহা এই পৰম্পৰাক আগবঢ়াই নিব পাৰিম,” তেওঁ কয়।
ভাটক লগ পাইছিলো এইবছৰ (২০২৩) আগষ্টত, তিনি দশক পুৰণি জয়পুৰৰ কলা কেন্দ্ৰত। ৰাজস্থানৰ বিভিন্ন ঠাইৰ পৰা লোকশিল্পীসকল ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত উৎসৱত ভাগ ল’বলৈ আহিছিল, তাতেই চৰকাৰে জীৱিকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱা শিল্পীসকলৰ বাবে এক নতুন আঁচনিৰ ঘোষণা কৰে।
মুখ্যমন্ত্ৰী লোক কলাকাৰ প্ৰোৎসাহন যোজনা নামে এই আঁচনিৰ অধীনত প্ৰতিগৰাকী লোকশিল্পীক নিজৰ নিজৰ ঠাইত দিনে ৫০০ টকা পাৰিতোষিকৰ ১০০ দিনৰ নিশ্চিত নিয়োগ প্ৰদানৰ ঘোষণা চৰকাৰে কৰে। পূৰ্বৰ ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি, ২০০৫ৰ পৰা অনুপ্ৰাণিত হৈ এই আঁচনি চৰকাৰে নিৰ্ধাৰণ কৰিছিল।
শিল্পকৰ্মী আৰু কাৰুশিল্পীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশ্বকৰ্মা যোজনাখন ২০২৩ৰ ছেপ্টেম্বৰত মুকলি কৰা আন এখন আঁচনি আছে যদিও কলাকাৰ যোজনাখন সুকীয়। এইখন কালবেলিয়া, তেৰাহ তালি, বহুৰূপীয়া আৰু আন বিভিন্ন লোকশিল্পীৰ বাবে প্ৰথমখন এনে সুকীয়া আঁচনি। সমাজকৰ্মীসকলে কৰা হিচাপ মতে ৰাজস্থানত প্ৰায় ১ৰ পৰা ২ লাখ লোকশিল্পী আছে। অৱশ্যে মুঠ কিমান হ’ব, সেয়া কোনেও সম্পূৰ্ণকৈ হিচাপ কৰা নাই। এই আঁচনিৰ অধীনত গিগ ৱৰ্কাৰ (পৰিবহন আৰু ডেলিভাৰীৰ কামত নিয়োজিত)সকলৰ লগতে ৰাস্তাৰ কাষৰ বিক্ৰেতাসকলকো এই সামাজিক সুৰক্ষাবেষ্টনীত অন্তৰ্ভুক্ত কৰা হৈছে।










