“মই নাভাবো যে মই এগৰাকী চিত্ৰশিল্পী। চিত্ৰকৰ এজনৰ যিখিনি গুণ থাকিব লাগে, সিমানখিনি মোৰ নাই। কিন্তু মই ৰং-তুলিকাৰে কাহিনী ক’বলৈ যত্ন কৰোঁ। মই নাভাবো যে মই কৰা আঁক-বাঁকবোৰ নিখুঁত। যোৱা দুই-তিনিটা বছৰত মই ভালেমান শিল্পীৰ কামবোৰ অধ্যয়ন কৰিবলৈ আৰু বুজিবলৈ যত্ন কৰিছো। তাত বাদে মোৰ একো জ্ঞান নাই। কাহিনী এটা মই ছবিৰে কওঁ। কাহিনীটো ৰঙেৰে ব্যক্ত কৰিব পাৰিলে মই সুখী অনুভৱ কৰোঁ। মই এনেকৈ ছবি আঁকিবলৈ চাও যে মই কাহিনী এটা বৰ্ণনা কৰি আছো।”
লাবনি পশ্চিমবংগৰ নাডিয়া জিলাৰ অতি ভিতৰুৱা গাওঁ ধুবুলিয়াৰ এগৰাকী শিল্পী, এগৰাকী চিত্ৰকৰ। গাওঁখনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটা সেনা ছাউনি আছিল, বিমানঘাটী আছিল। মুচলিম অধ্যূষিত অঞ্চলটোৱে ব্ৰিটিছে পতা সেই সেনা ছাউনিটোৰ বাবে ভালেখিনি খেতিমাটি হেৰুৱাইছিল। পিছলৈ যেতিয়া দেশ বিভাজন হ’ল, গাওঁখনৰ ভালেখিনি মানুহ সীমান্তৰ সিপাৰে গুছি গ’ল। “কিন্তু আমি নগ’লো, আমাৰ আজোককাহঁতে যাব নিবিচাৰিলে। আমাৰ পুৰ্বপুৰুষ এই মাটিতেই মিলি গৈছে। আমিও এই মাটিতেই জহি যাম।” মাটিৰ সৈতে আমাৰ যি সম্পৰ্ক আৰু মাটিৰ গইনা লৈ যিবোৰ ঘটনা ঘটি থাকে, সেয়াই তেওঁৰ বৰ্তমানৰ চিন্তা-চেতনাক গঢ় দিছে।
চিত্ৰশিল্পৰ প্ৰতি আগ্ৰহ গঢ়ি উঠা আৰু অনুপ্ৰেৰণাৰ স্ৰোত আছিল তেওঁৰ পিতৃ যিয়ে তেওঁক শৈশৱত চিত্ৰশিল্পৰ শিক্ষক এজনৰ ওচৰলৈ লৈ গৈছিল। তেওঁৰ পিতৃ আছিল পঢ়াশালীলৈ যোৱা প্ৰথম প্ৰজন্মৰ লোক, তেওঁলোকৰ দহগৰাকী ভাই-ভনীৰ ভিতৰত তেঁৱেই পঢ়িব পাইছিল। তৃণমূল পৰ্য্যায়ত অধিবক্তা হিচাপে কাম কৰা তেওঁৰ পিতৃয়ে খেতিয়ক আৰু শ্ৰমিকৰ বাবে সমবায় আৰম্ভ কৰিছিল যদিও তাৰ পৰা বেছি উপাৰ্জন নহৈছিল। “তেওঁ যি পইচা পাইছিল, সেইখিনিৰে মোক কিতাপ কিনি দিছিল,” লাবনিয়ে কয়। “মস্কো প্ৰেছ, ৰাডুগা পাব্লিচাৰ্ছ আদিৰ পৰা প্ৰকাশিত ভালেমান ইংৰাজী কিতাপৰ বাংলা অনুবাদ আমাৰ ঘৰলৈ আহিছিল। মই সেই কিতাপবোৰৰ ছবিবোৰ চাই বৰ ভাল পাইছিলো। তেনেকৈয়ে ছবি অঁকাৰ প্ৰতি মোৰ শৈশৱতে আগ্ৰহ জন্মিছিল।”
দেউতাকে সৰুতে পৰিচয় কৰোৱা ছবি অঁকাৰ প্ৰশিক্ষণ বেছিদিন নাথাকিল। কিন্তু ২০১৬ত যেতিয়া ভাষাই তেওঁক এৰি যাবলৈ ধৰিলে, তেতিয়া চিত্ৰশিল্পৰ প্ৰতি লাবনিৰ আগ্ৰহ বাঢ়িল। ৰাজ্যখনত মতপাৰ্থক্য, সংখ্যালঘুৰ ওপৰত স্বেচ্ছাকৃত উত্পীড়ন আৰু এনে বিদ্বেষজনিত হিংসাৰ প্ৰতি সংখ্যাগৰিষ্ঠৰ উদাসীনতা আৰু বালিত মূৰ গোজা প্ৰকৃতিৰ মনোভাৱৰ পৰিপ্ৰেক্ষিতত দেশখনত সংখ্যালঘুৰ ওপৰত উন্মত্ত জনতাৰ আক্ৰমণ আৰু হত্যাৰ ঘটনা বাঢ়ি আহিল। এই পৰিস্থিতিক লৈ কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত এম.ফিল কৰি থকা লাবনি উদ্বিগ্ন হৈ পৰিছিল যদিও সেইবিষয়ে লিখিব পৰা নাছিল।
“অসহজবোধে মোক ঘেৰি পেলাইছিল,” তেওঁ কয়। “তেতিয়ালৈ মই লিখি ভাল পাইছিলো আৰু বাংলাত কেইটামান লেখা লিখিছিলো আৰু প্ৰকাশিত হৈছিল। কিন্তু হঠাতে মনলৈ ভাব আহিছিল যে শব্দৰ নাটনি ঘটিছে। মই আটাইবোৰৰ পৰা আঁতৰি আহিব বিচাৰিছিলো। সেইখিনি সময়তে মই চিত্ৰশিল্পৰ আশ্ৰয় ল’লো। মই ৱাটাৰ কালাৰেৰে সাগৰখনক তাৰ বিভিন্ন ৰূপত আঁকিছিলো। কাগজৰ টুকুৰা এটা পালেও মই তাত আঁকিবলৈ লৈছিলো। ২০১৬-১৭ত মই সাগৰৰ ভালেমান ছবি আঁকিছিলো। এখন অশান্ত পৃথিৱীত শান্তি অন্বেষণৰ সেয়াই এক ৰাস্তা মই বিচাৰি লৈছিলো।”
লাবনি এনেকৈয়ে আজিৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী।




























