প্ৰতিদিন পুৱা আকিফ এছ.কে.য়ে হেষ্টিংছৰ ব্ৰীজ এখনৰ তলত থকা তেওঁৰ জুপুৰী ঘৰটো এৰি কলকাতাৰ জনপ্ৰিয় পৰ্য্যটনস্থলী ভিক্টোৰিয়া মেম’ৰিয়েলৰ দিশে আগবাঢ়ে। ৰাস্তাত তেওঁ ৰাণী আৰু বিজুলীক লগত লৈ যায়।
শুভ্ৰ এই ঘোঁৰা দুটাক তেওঁ ৰাণী আৰু বিজুলী নাম দিছে। সেয়াই তেওঁৰ বছৰটোৰ এছোৱা সময়ৰ জীৱিকাৰ উপায়। “আমি গাড়ী চালাই (ঘোঁৰাগাড়ী চলাও),” আকিফে কয়। তেওঁ হেষ্টিংছৰ কাষত তেওঁৰ ঘোঁৰাদুটা ৰাখে, পুৱা প্ৰায় ১০ মান বজাত দুয়োকে লগত লৈ কলকাতাৰ মাজমজিয়াত থকা মাৰ্বল খটুওৱা অট্টালিকা আৰু মুকলি ঠাইখিনিলৈ লৈ আহে। ইংলেণ্ডৰ ৰাণী কুইন ভিক্টোৰিয়াৰ স্মৃতিত নিৰ্মিত এই স্মৃতিচিহ্নটো ১৯২১ত সাধাৰণ মানুহলৈ মুকলি কৰি দিয়া হৈছিল।
আকিফে ভাৰাত লোৱা তেওঁৰ ঘোঁৰাগাড়ীখন ভিক্টোৰিয়া মেম’ৰিয়েলৰ কুইনচ্ ৱে নামৰ বাটটোত পাৰ্ক কৰা থাকে। পুৱা ১০ মান বজাত ঘোঁৰাগাড়ীৰ শাৰীটোলৈ আঙুলিয়াই তেওঁ কয়, “মোৰখন সোণালী ৰঙৰ।” অৱশ্যে এটা কথা যে তাত শাৰী শাৰীকৈ থোৱা প্ৰায়ভাগ ঘোঁৰাগাড়ীয়ে দেখিবলৈ একেই। ৰং একে, ফুলকটা ডিজাইন, চৰাইৰ ডিজাইন আদিৰে ৰাজসিক ৰথ যেনেই লাগে। কিন্তু আকিফৰ ঘোঁৰাগাড়ীখন জাকত জিলিকা - তেওঁ সেইখনক ব্ৰিটিছৰাজৰ লুক এটা দিয়াবলৈ প্ৰতিদিনে দুঘণ্টাকৈ চাফা কৰে আৰু পলিচ কৰি চিকচিকিয়া কৰি ৰাখে।
ভিক্টোৰিয়া মেম’ৰিয়েলৰ গেটৰ বাহিৰত, ৰাস্তাত ইতিমধ্যে সৰুকৈ ভীৰ এটা লাগিছে। “পুৰণি দিনত ৰজাৰ ইয়াতে বসতি আছিল, তেওঁলোকে ৰথত উঠি ইফালে-সিফালে ফুৰিছিল। এতিয়া ৰজা নাই। কিন্তু ভিক্টোৰিয়া মেম’ৰিয়েল চাবলৈ অহা লোকে ঘোঁৰাগাড়ীত উঠি সেই দিনৰ আমেজ লয়,” ২০১৭ৰ পৰা ঘোঁৰাগাড়ী চলাই জীৱিকা নিৰ্বাহ কৰা আকিফে কয়। “ভিক্টোৰিয়া (মেম’ৰিয়েল) থকালৈকে ঘোঁৰাগাড়ীও চলি থাকিব।” গতিকে তেওঁলোকৰ দৰে চালকৰ জীৱিকাও চলি থাকিব। বৰ্তমান এই অঞ্চলত এনে ৫০ খনমান ঘোঁৰাগাড়ী আছে।
শীত পৰিছে, বাহিৰৰ জগতখনৰ বাবে কলকাতা সাজু হৈছে। আকিফো আবেলিৰ ভাগত ব্যস্ত হৈ পৰিছে। তেওঁ কয় যে শীতৰ দিনকেইটা, নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ ঘোঁৰাগাড়ীৰ বতৰ থাকে। তাৰপিছত গৰম পৰে, সেয়ে মানুহে এনে মুকলি গাড়ীত উঠিবলৈ টান পায়।











