এজন মানুহ পৰ্দাখনৰ সিপাৰে দৌৰা-দৌৰি কৰি আছে, চাকিটো নুমাই যোৱাৰ আগতেই তাক পুনৰাই তেল দি জ্বলাই ৰাখিব লাগিব। সেয়া তেওঁৰ কাম। তেওঁ ঘণ্টাজোৰা প্ৰদৰ্শনীৰ মাজত এই কামটো বাৰম্বাৰ কৰিব লাগিব। এইটোও চাব লাগিব যে তেওঁৰ এই কামটোৱে যাতে সহকৰ্মীসকলৰ কামত যতি নেপেলায় আৰু তাত থকা সা-সঁজুলিবোৰৰ একো ক্ষতি নকৰে।
এই আটাইকেইজন তোলপাৱকুট্টু পুতলা নাচৰ শিল্পী, দৰ্শকৰ আঁৰত পুতলা নচুৱাই থকা কলা-কুশলী।
এই বগা কপাহী কাপোৰখনৰ সিপাৰে হাতত পুতলা লৈ শিল্পীসকলে সঘনাই ইফাল-সিফাল কৰিছে। তেওঁলোকৰ ভৰিৰ কাষত ব্যৱহাৰৰ বাবে শাৰী শাৰীকৈ ৫০-৬০ টা পুতলা সাজু কৰি থোৱা আছে। স্পীকাৰত কাহিনীৰ বৰ্ণনা চলি আছে, ছাঁৰে পুতলা নাচ দেখুওৱা হৈছে।
এই শিল্পকলাবিধ এনেকুৱা যে আঁৰত কাম কৰি থকা শিল্পীক মানুহে নেদেখে। লোকচক্ষুৰ আঁৰত থকা এনে এজন শিল্পী ৰামচন্দ্ৰ পুলাৱাৰে ২০২১ত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰাটো উৎসৱৰ এক মুহূৰ্ত আছিল আৰু শিল্পবিধৰ স্বীকৃতিৰো চিন আছিল। ভাষণত ছাঁ পুতলানাচৰ শিল্পীগৰাকীয়ে কৈছিল, “এই স্বীকৃতিৰ…শ্ৰেয় দিব লাগিব বছৰ বছৰ ধৰি লাগি থাকি শিল্পবিধক জীয়াই ৰখাটো নিশ্চিত কৰা পুতলানাচৰ সকলো শিল্পীৰ সন্মিলিত প্ৰচেষ্টাক।”
কিন্তু পুলাৱাৰ আৰু তেওঁৰ সহযোগী শিল্পীৰ গোটটোৰ এই স্বীকৃতিৰ বাবে তেওঁলোকে সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছে। সমালোচক আৰু শিল্পবিধৰ অনুৰাগীয়ে তেওঁলোকক এই শিল্পক ব্যৱসায়ত পৰিণত কৰাৰ অভিযোগ উত্থাপন কৰিছে। “জীয়াই থাকিবলৈ ব্যৱসায় কৰিবই লাগিব,” তেওঁ কয়। “যদি অভিনেতা আৰু নৃত্যশিল্পীয়ে তেওঁলোকে কৰা কামৰ বাবদ মাননি ল’ব পাৰে, পুতলানাচৰ শিল্পীয়ে কিয় নোৱাৰে?”




