প্ৰথমে বৰষুণৰ অভাৱ, তাৰপিছত আবতৰত মুষলধাৰ বৰষুণে চত্ৰা দেৱীৰ শস্যখিনি নষ্ট কৰি পেলালে। “আমি বাজৰাৰ খেতি কৰিছিলো আৰু ভালেই হৈছিল। কিন্তু খেতিত যেতিযা পানীৰ প্ৰয়োজন হ’ল, তেতিয়া বৰষুণ নহ’ল। শস্য চপাবৰ সময়ত বৰষুণ দিলে আৰু সোপাকে শস্য নষ্ট হৈ গ’ল,” ৰাজস্থানৰ কৰৌলি জিলাৰ খিৰখিৰি গাঁৱৰ ৪৫ বৰ্ষীয় খেতিয়কজনে কয়।
কৰৌলিৰ অৰ্থনীতি ঘাইকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু জিলাখনৰ প্ৰায়ভাগ লোক হয় কৃষক নহয় কৃষিশ্ৰমিক হিচাপে নিয়োজিত (২০১১ৰ লোকপিয়ল)। ৰাজ্যখন অতীজৰে পৰা পানীৰ সংকটত ভুগি আছে আৰু ঘাইকৈ বৰ্ষানিৰ্ভৰ খেতিয়েই তাত কৰা হয়।
মীনা সম্প্ৰদায়ৰ (ৰাজ্যখনত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভুক্ত) চত্ৰা দেৱীয়ে কয় যে তেওঁ যোৱা ১০ বছৰত বৰষুণৰ ৰেহৰূপ সলনি হোৱা লক্ষ্য কৰিছে। ৰাজস্থান দেশখনৰ ভিতৰতে আয়তন হিচাপত আটাইতকৈ ডাঙৰ ৰাজ্য আৰু ৭০ শতাংশ বাসিন্দা কৃষি আৰু পশুপালনৰ ওপৰত নিৰ্ভৰশীল।


