গোমা ৰামা হাজাৰে তেওঁৰ ঘৰৰ ভিতৰত নিঃশব্দে এখন চকীত বহী উৰুঙা পদূলিলৈ একেৰাহে চাই ৰৈছে৷
একে সময়তে তেওঁৰ খবৰ ল’বলৈ অহা মানুহসকলৰ সৈতে সাধাৰণ দুই-এটা কথাও পাতিছে৷ মাত্ৰ এসপ্তাহ আগেয়ে মানুহজনে দীঘলীয়া ৰোগত ভুগি থকা পত্নীক হেৰুৱাইছে৷
২০২৪ চনৰ এপ্ৰিল মাহৰ এয়া আবেলি ৫ বাজিছে৷ দিনটো বৰ গৰম আছিল৷ উত্তৰ গড়চিৰোলিৰ আৰমোৰি তেহচিলৰ বাঁহনি আৰু অটব্য অৰণ্যৰ মাজৰ এই পালাশগাঁওখন হঠাতে নিশ্চুপ হৈ পৰিছে৷ কেইটামান দিনৰ ভিতৰতে গড়চিৰোলি-চিমুৰ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ সমষ্টিটোৰ পৰা বিজেপিৰ সাংসদ অশোক নেটেয়ে পুনৰবাৰ নিৰ্বাচন খেলিব৷ কিন্তু হতাশাৰ বাহিৰে তাত একো নাই। কেৱল দুশ্চিন্তাত জিন গৈছে গাওঁখন।
বিগত দুমাহ ধৰি গোমাৰ হাতত কোনো কাম নাছিল৷ সাধাৰণতে এইখিনি সময়ত বয়সে ষাঠিৰ কাষ চপা গোমা আৰু তেওঁৰ দৰে ভূমিহীন শ্ৰমিকসকলে অৰণ্যত মহুৱা অথবা তেন্দু পাত সংগ্ৰৰ কামত ব্যস্ত থাকে৷
‘‘এই বছৰ নহ’ব, জীৱনৰ ৰিস্ক কোনে ল’ব?’’, গোমাই এইদৰে কয়৷
‘‘মানুহে নিজকে ঘৰতে আবদ্ধ কৰি ৰাখিছে’’, গোমাই এইদৰে কয়৷ দিনবোৰো গৰম হৈ আহিছে৷ আপুনি বাহিৰলৈও যাব নোৱাৰে৷ এসময়ত গড়চিৰোলিত চাৰিটা দশক ধৰি সুৰক্ষা বাহিনী আৰু সশস্ত্ৰ মাওবাদীসকলৰ আক্ৰমণৰ বাবে বহু দিনলৈ থকা কাৰ্ফিউৰ সৈতে গাঁৱৰ বাসিন্দাসকল অভ্যস্ত হৈ পৰা হেতুকে এতিয়াৰ এই আৱদ্ধ জীৱনৰ সৈতেও তেওঁলোক অভ্যস্ত হৈ পৰিছে৷
পালাশগাঁৱৰ সমীপতে মাক-পোৱালীৰ সৈতে ২৩টা বনৰীয়া হাতীৰ এটা জাক এটাই জিৰণি লৈছে, আশে-পাশে টহল দি ফুৰিছে৷
এমাহতকৈও অধিক সময় জুৰি উত্তৰ ছট্টিশগড়ৰ পৰা অহা এই বনৰীয়া হাতীৰ জাকটোৱে গাঁওখনৰ বাঁহনি আৰু ধাননি পথাৰ তহিলং কৰি গাঁওবাসী তথা জিলা বনবিষয়াসকলক বিতত কৰি তুলিছে৷ প্ৰায় চাৰি বছৰ পূৰ্বে কয়লা খনন আৰু নিৰ্বননীকৰণে হাতীৰ প্ৰাকৃতিক বাসস্থান আৰু খাদ্যস্থান ধ্বংস কৰাৰ বাবে মহাৰাষ্ট্ৰ পূব বিদৰ্ভ এলেকাতো হাতীৰ জাকে প্ৰৱেশ কৰিছিল৷
মহাৰাষ্ট্ৰৰ গণ্ডিয়া, গড়চিৰোলি, চন্দ্ৰপুৰ আৰু ছট্টিশগড়ৰ বাস্তাৰ জিলা অতিক্ৰম কৰি যি পূৰ্বৰ 'দণ্ডকাৰণ্য'ৰ এটা অংশ, এই হাতীবোৰ ছট্টিশগড়ৰ এটা ডাঙৰ জাকৰ পৰা সম্ভৱতঃ পৃথক হৈ গৈছে আৰু ই ৰাজ্যখনৰ বন্যপ্ৰাণীৰ বাবে এক নতুন সংযোজন বুলি বিশেষজ্ঞসকলে মতপোষণ কৰিছে৷
গড়চিৰোলি জিলাত দক্ষিণ অংশত কিছুমান প্ৰশিক্ষিত হাতীয়ে বন বিভাগক তেওঁলোকৰ পৰিবহণৰ কামত সহায় কৰিছিল যদিও কিন্তু মহাৰাষ্ট্ৰৰ পূব অংশত ডেৰ শতিকাৰো অধিক সময়ৰ পিছত বনৰীয়া দঁতাল হাতীবোৰ ঘূৰি অহা দেখা গৈছে। পশ্চিম ঘাটত বনৰীয়া হাতীৰ উপস্থিতি সচৰাচৰ দেখা যায়।
পালাশগাঁৱৰ আদিবাসী বাসিন্দাসকলক বনবিভাগৰ বিষয়াসকলে হাতীৰ জাকটো আঁতৰি নোযোৱালৈকে ঘৰতে থাকিবলৈ পৰামৰ্শ দিছে৷ ইয়াৰ জৰিয়তে গাঁওখনৰ ১৪০০ (২০১১ চনৰ লোকপিয়ল) ভূমিহীন তথা ক্ষুদ্ৰ কৃষকসকল আৰু লগতে নিকটৱৰ্তী বিহিৰগাঁৱৰ লোকসকলৰো জীৱিকাৰ উপায় নোহোৱা হৈ পৰিছে৷
ৰাজ্যিক বন বিভাগে নষ্ট হোৱা শস্যৰ ক্ষতিপূৰণ দিছে যদিও বনজাত সামগ্ৰীৰ পৰা বন্ধ হোৱা উপাৰ্জনৰ ক্ষতিপূৰণ দিয়া নাই৷
‘‘মোৰ পৰিয়ালে সমগ্ৰ গ্ৰীষ্মকালটো মহুৱা আৰু তেন্দু পাত সংগ্ৰহৰ দ্বাৰা হোৱা উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰে’’, গোমাই এইদৰে কয়৷
জীৱিকাৰ সম্বল হেৰুওৱাৰ পৰিপ্ৰেক্ষিতত পালাশগাঁৱৰ লোকসকলৰ এতিয়া এয়াই আশা যে হাতীৰ জাকটো অতি সোনকালেই আঁতৰি যাওক আৰু তেওঁলোকৰ জীৱিকাৰ পথ মুকলি হওক৷
গড়চিৰোলিৰ মুখ্য বন সংৰক্ষক (চিচিএফ) এছ ৰমেশকুমাৰে কয়, "জাকটোৱে যোৱা তিনিটা গ্ৰীষ্মকালৰ দৰে ছট্টিশগড়লৈ পাৰ হোৱা নাছিল। কেইদিনমান আগতে মাখুন্দী এজনীয়ে এটা পোৱালী জন্ম দিয়াৰ বাবেও হয়তো এনে হ’ব পাৰে৷"
জাকটোত দুটামান পোৱালী আছে৷ হাতী মাতৃপ্ৰধান জীৱ, তেওঁ এইদৰে কয়৷
যোৱা বছৰ (২০২৩) এই একেটা জাকে পালাশগাঁৱৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৈত গণ্ডিয়া জিলাৰ নিকটৱৰ্তী অৰ্জুনি মৰগাঁও তেহচিলৰ নাংগল-দোহৰ জনএলেকাৰ মাজেৰে ঘূৰি ফুৰিছিল আৰু অটব্য অৰণ্যত কেইমাহমান ৰৈছিল।
‘‘সেই ৰাতি এটাও জুপুৰি ৰক্ষা পৰা নাছিল৷ সিহঁতে মাজৰাতি আহিছিল’’, সেই নিশা ঘৰ ধ্বংস হোৱা বিজয় মাদাভিয়ে ভয়ংকৰ নিশাটোৰ কথা সোঁৱৰণ কৰি এইদৰে কয়৷ তেওঁ এতিয়া ভাৰনোলি গাঁৱৰ কাষত এডোখৰ বেদখল কৰা মাটিত বাস কৰে৷
সেই নিশাই নাংগল-দোহ খালী কৰা হৈছিল আৰু তাৰে লোকসকলক ভাৰনোলিৰ জিলা পৰিষদৰ বিদ্যালয়লৈ স্থানান্তৰিত কৰা হৈছিল৷ তেওঁলোকে তাত ২০২৩ বৰ্ষৰ গ্ৰীষ্মকালটো পাৰ কৰিছিল৷ গ্ৰীষ্মবন্ধৰ পিছত যেতিয়া বিদ্যালয়ৰ শ্ৰেণী আৰম্ভ হৈছিল তেতিয়া তেওঁলোকে গাঁৱৰ বাহিৰত অৰণ্যৰ এটুকুৰা ভূমি মুকলি কৰি পানী আৰু বিদ্যুৎ অবিহনে সৰু সৰু জুপুৰিত বাস কৰিবলৈ আৰম্ভ কৰিছিল৷ মহিলাসকলে খোৱা পানীৰ বাবে বহু দূৰলৈ যাবলগীয়া হৈছিল৷ কিন্তু গাঁৱৰ মানুহবোৰে অৰণ্য মুকলি কৰি আৰম্ভ কৰা কৃষিভূমিবোৰ হেৰুৱাবলগীয়া হৈছিল৷
‘‘আমি আমাৰ নিজা ঘৰ কেতিয়াকৈ পাম?’’ পুনৰ্বাসন সাহায্য আৰু এটা স্থায়ী ঘৰৰ অপেক্ষাত থকা উষা হোলীয়ে এইদৰে প্ৰশ্ন কৰে৷
এই তিনিখন জিলাত দঁতাল হাতীৰ জাকটোৱে সিহঁতৰ বাসস্থান সলনি কৰাৰ লগে লগে কৃষকসকলে উৎপাদিত শস্য হেৰুৱাবলগীয়া হৈছে যিটো আগেয়ে কেতিয়াও হোৱা নাছিল৷
উত্তৰ গড়চিৰোলি এলেকাত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ কঠিন পৰ্যায়ৰ কথা উল্লেখ কৰি ৰমেশ কুমাৰে কয় যে ভাৰতৰ দক্ষিণ অংশৰ তুলনাত উত্তৰ অংশ অধিক জনবহুল৷ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে শস্য নষ্ট হোৱাটো৷ সন্ধিয়া হ’লে দঁতাল হাতীৰ জাকটো ওলাই আহে আৰু শস্য নষ্ট কৰে, আচৰিতভাৱে সিঁহতে সেই শস্য ভক্ষণো নকৰে৷
বন বিভাগৰ বিষয়াসকলে ড্ৰোন আৰু থাৰ্মেল ইমেজিঙৰ সহায়ত চৌবিশ ঘণ্টাই দ্ৰুত সঁহাৰি অনুসৰণ দল আৰু আগতীয়াকৈ সতৰ্কবাণী দিয়া দল মোতায়েন কৰিছে৷ তেওঁলোকে গাঁওবাসীক হাতী ওলোৱাৰ সময়ত সতৰ্ক কৰি দিয়ে৷
পালাশগাঁৱৰ সাত একৰ ভূমিৰ কৃষক নিতিন মানে আৰু আন পাঁচজন গাঁৱৰ লোকৰ সৈতে হুল্লা গেঙত যোগদান কৰি সন্ধিয়া হ’লেই নৈশপ্ৰহৰীৰ ভূমিকাত অৱতীৰ্ণ হয়৷ বনৰক্ষী যোগেশ পাণ্ডাৰামৰ নেতৃত্বত তেওঁলোকে বনৰীয়া হাতীক অনুসৰণ কৰে৷ এই হুল্লা গেং বনৰীয়া হাতীক অনুসৰণ কৰাত সিদ্ধহস্ত৷ স্থানীয় বিষয়াসকলক পৰামৰ্শ দিবলৈ তথা গাঁৱৰ ডেকাসকলক প্ৰশিক্ষণ দিবলৈ পশ্চিমবংগৰ পৰা লোক অনা হৈছে৷ ড্ৰোণৰ সহায়ত আকাশী পথৰ পৰা দঁতাল হাতীৰ জাকটোক নিৰীক্ষণ কৰাৰ লগতে হাতীৰ সন্ধানত তেওঁলোক নামি পৰে, নিতিনে এইদৰে কয়৷
‘‘হুল্লা গেঙৰ সৈতে গাঁৱৰ বহুতো লোক জড়িত হৈ পৰিছে৷ কিন্তু এয়া মোৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে৷ তেওঁলোকে হাতীৰ উৎপাতৰ বাবে মোৰ সন্মুখত ক্ষোভ উজাৰে৷ ইয়াৰ বাবে মই কেনেদৰে দায়ী?’’ পালাশগাঁৱৰ প্ৰথমগৰাকী মহিলা চৰপঞ্চ তথা মানা আদিবাসী সম্প্ৰদায়ৰ জয়শ্ৰী দাধমালে এইদৰে কয়৷
বনৰীয়া হাতীবোৰে নিজৰ বাসস্থান বিচাৰি পোৱাৰ পিছত হয়তো পালাশগাঁৱৰ বাসিন্দাসকললৈ স্বাভাৱিক জীৱন ঘূৰি আহিব৷ বনবিভাগৰ বিষয়াসকলৰ মতে অঞ্চলটোৰ লোকে বনৰীয়া হাতীৰ সৈতে সহৱস্থান কৰি জীৱন আৰু জীৱিকা নিৰ্বাহৰ পথ সন্ধান কৰিব লাগিব৷
এই বছৰ গাঁৱৰ লোকসকলৰ সৈতে জয়শ্ৰীয়ে নিজেও মহুৱা ফুল সংগ্ৰহ কৰিবলৈ যাব নোৱাৰা হেতুকে তেওঁ গাঁওবাসীসকলৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে৷ ‘‘হাতীৰ বাবে আমি তেন্দু পাত সংগ্ৰহ কৰিবলৈ যাব নোৱাৰিবও পাৰো৷ প্ৰতিটো পৰিয়ালৰ যোৱা দুমাহত অতি কমেও ২৫,০০০ টকাৰ লোকচান হৈছে’’, এটা আনুমানিক হিচাপ কৰি জয়শ্ৰীয়ে এইদৰে কয়৷
‘‘পহিলেছ মহগাই দোকিয়াৱাৰ আহে, আতা হাতী আলে, কা কাৰাবে আমহি (মুদ্ৰাস্ফীতি আছিলেই, তাৰ ওপৰত আহি পৰিল হাতী। এতিয়া কৰিম কি)?’’, গোমাই প্ৰশ্ন কৰে৷
ইয়াৰ কোনো সহজ উত্তৰ নাই, কেৱল মাথো প্ৰশ্ন হে আছে৷
সংসদত কোনে প্ৰৱেশ কৰে এয়া তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ নহয়, তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ অৰণ্য কোনে সোনকালে ত্যাগ কৰে৷
(অনুসূচীত জনজাতিৰ (এছটি) বাবে সংৰক্ষিত গড়চিৰোলি-চিমুৰ লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ত ৭১.৮৮ শতাংশ ভোটদানৰ সৈতে ১৯ এপ্ৰিলত ভোটদান সম্পন্ন হয়)।
অনুবাদক: মনোৰঞ্জন মজুমদাৰ