‘‘বেংকৰ ধন আদায় কৰা লোকসকলে আহিবলৈ এৰিলে’’, য়াভাতমলৰ সৰস্বতী আম্বেৰৱাৰে আমাক এই কথা জনালে৷ ১৫ জুনত ৰাষ্ট্ৰপতি এ.পি.জে. আব্দুল কালামে ভ্ৰমণ কৰিবলৈ অহা ঠাইডোখৰৰ পৰা সৰস্বতীৰ ঘৰ বেছি দূৰত নহয়৷ ১৯৯৮ চনত সৰস্বতীৰ স্বামী ৰামদাসে আত্মহত্যা কৰিছিল৷ এই ঘটনা সংবাদ মাধ্যমত বিদৰ্ভৰ প্ৰথমটো কৃষক আত্মহত্যাৰ ঘটনা হিচাপে পৰিগণিত হৈছিল৷ তেতিয়াৰে পৰা তেওঁ ধন আদায়কাৰীৰ ঋণ পৰিশোধ কৰিবলৈ বিভিন্ন চাপৰ সন্মুখীন হৈ আহিছে৷ সেয়ে হঠাতে ধন আদায়কাৰী লোকসকলে ধন আদায় কৰিবলৈ অহা বন্ধ কৰি দিয়াটো এক প্ৰকাৰ আচৰিত ঘটনাৰ দৰেই হৈছিল৷
‘‘শেষবাৰলৈ তেওঁলোক যেতিয়া ইয়ালৈ আহিছিল, কিশোৰ ভাওৱে দিয়া চিঠিখন তেওঁলোকক দেখুৱাইছিলো’’, তেওঁ এইদৰে কয়৷ ‘‘ইয়াৰ পিছত তেওঁলোক আহিবলৈ এৰিলে৷’’ কিশোৰ তিৱাৰী বিদৰ্ভ জন আন্দোলন সমিতি (ভিজেএএছ)ৰ সভাপতি আৰু অঞ্চলটোৰ কৃষিসংক্ৰান্ত সমস্যাৰ ক্ষেত্ৰত তেওঁ সততে সোচ্চাৰ। নক’লেও চলে যে তেওঁৰ দৰে লোকৰ বেংকত কোনো মিত্ৰ থাকিব নোৱাৰে৷ বহুবাৰ তেওঁ বেংকৰ কৃষি ঋণ ধন আদায় কৰিবলৈ অহা লোকক ঘেৰাও কৰিছে৷ তেওঁৰ পত্ৰখনত কি আছিল?
চিঠিখনৰ অনুবাদ এনেধৰণৰ: ‘‘প্ৰিয় ৰিক’ভাৰী বিষয়াসকল, ৰামদাসে স্বৰ্গৰ পৰা একাধিকবাৰ মোক দেখা দিছে। তেওঁ কৈছে: ‘মোৰ হাতত ধন আছে আৰু মই আপোনালোকৰ ঋণ পৰিশোধ কৰিবলৈ অপেক্ষা কৰি আছো৷’ অনুগ্ৰহ কৰি আপোনাৰ মানুহকেইজনক স্বৰ্গলৈ পঠিয়াই দিয়ক৷ আপোনাৰ একান্তই বাধ্য, কিশোৰ তিৱাৰী৷’’ সৰস্বতীয়ে কোৱাৰ দৰে এই পত্ৰখন পঢ়াৰ পিছত তেওঁলোকে পুনৰাই ঋণৰ ধন বিচাৰি নাহিল।
অৱশ্যে ৰাষ্ট্ৰপতি কালামলৈ লিখা তিৱাৰী পত্ৰখনৰ ভাষা যথেষ্ট মাৰ্জিত৷ পত্ৰখনত তেওঁক হতভগীয়া বিধৱাসকলক য়াভাতমল অথবা ৱাৰ্ধাত কিছুসময়ৰ বাবে সাক্ষাৎ দিবলৈ অনুৰোধ জনোৱা হৈছে৷





