পাৰ্বতীয়ে শেষবাৰৰ বাবে মনৰেগাৰ অধীনত যোৱা বছৰ অৰ্থাৎ ২০২৩ চনৰ মে’ মাহতহে কাম পাইছিল৷ তাকো পাঁচ দিনৰ বাবে৷
পাৰ্বতীয়ে (তেওঁ কেৱল এই নামটো ব্যৱহাৰ কৰে) সেই সময়খিনিত গৌৰ মধুকৰ শ্বাহপুৰ গাঁৱৰ পথ লেভেলিঙৰ কাম কৰিছিল৷ মনৰেগাৰ অধীনত ১০০ দিনীয়া কামৰ নিশ্চিতি এই ৪৫ বৰ্ষীয়া মহিলাগৰাকীৰ জীৱনত কেতিয়াও নহ’ল৷ ‘‘আমি আধাপেটি হৈ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে’’, জাটভ সম্প্ৰদায়ৰ (অনুসূচীত জাতি) এই মহিলাগৰাকীয়ে এইদৰে কয়৷
২০২০ চনত দম্পত্তীহালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰৰ বাবে আবেদনখনো ৰাজ্য চৰকাৰে অগ্ৰাহ্য কৰিলে৷ চৰকাৰী ঘৰৰ আশা বাদ দি পাৰ্বতী আৰু তেওঁৰ স্বামী ছোটে লালে দুটা কোঠালীৰ পকীঘৰ এটা সজাবলৈ আত্মীয়-স্বজনৰ পৰা ৯০,০০০ টকাৰ ঋণ এটা ল’লে৷
‘‘কোনোবাই যদি ভোট খুজিবলৈ আহে, মই তেওঁক সুধিম যে ঘৰৰ হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন হোৱা নাম ভোটাৰ তালিকাত কেনেদৰে সোমাল?’’ পাৰ্বতীয়ে এইদৰে কয়৷ পাৰ্বতীৰ স্বামীও এজন মনৰেগা কৰ্মী আছিল৷ কিন্তু পাঁচ বছৰ আগেয়ে পক্ষাঘাত ৰোগত আক্ৰান্ত হোৱা বাবে তেওঁ কাম কৰিবলৈ যাব পৰা নাছিল৷ আজিকালি তেওঁ বাৰাণসীৰ শ্ৰমিক মণ্ডীত দিনে ৪০০-৫০০ টকা হাজিৰাত শ্ৰমিকৰ কাম কৰে৷
মনৰেগাৰ জৰিয়তে গ্ৰামীণ এলেকাৰ অদক্ষ শ্ৰমিকসকলক ১০০ দিনৰ কৰ্মনিশ্চিতি দিয়া হয়৷ কিন্তু গাঁওবাসীসকলৰ এটাই অভিযোগ যে বিগত দহ বছৰ ধৰি তেওঁলোকৰ ‘চৰপঞ্চ’ৰ দুটা কাৰ্যকালত বছৰটোত মাত্ৰ ২০-২৫ দিনৰহে কাম উপলব্ধ থাকে৷
পাৰ্বতী এতিয়া ঋণৰ বোজাত ভাৰাক্ৰান্ত৷ ৰাজ্য চৰকাৰৰ পৰা কাম পোৱাৰ কোনো আশা নেদেখি তেওঁ এতিয়া ঠাকুৰ সম্প্ৰদায়ৰ লোকৰ খেতিপথাৰত দিনহাজিৰা কৰে৷ কামৰ বিনিময়ত তেওঁ শস্য সিঁচা আৰু চপোৱা বতৰত প্ৰায় ১৫ দিনৰ কামৰ বাবে ১০ কিলোগ্ৰাম খাদ্যশস্য লাভ কৰে৷
![](/media/images/02a-IMG_20240517_124831-AK-In_Varanasi_dis.max-1400x1120.jpg)
![](/media/images/02b-IMG_20240517_125109-AK-In_Varanasi_dis.max-1400x1120.jpg)
উত্তৰ প্ৰদেশৰ বাৰাণসী জিলাৰ গৌৰ মধুকৰ শ্বাহপুৰৰ বাসিন্দা পাৰ্বতী (বাওঁফালে)৷ তেওঁ কয় যে মনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োজন নিশ্চিতি)ৰ অধীনত ১০০ দিনীয়া কৰ্মৰ প্ৰতিশ্ৰুতি কেতিয়া তেওঁৰ ক্ষেত্ৰত পূৰ্ণ নহ’ল৷ স্বামী ছোটে লাল (সোঁফালে)ৰ সৈতে তেওঁলোকৰ বাসগৃহত
ৰাজা তালাব তহচিলৰ অধীনত গৌৰ মধুকৰ শ্বাহপুৰ গাঁৱত প্ৰায় ১২০০ ঘৰ লোক আছে৷ তেওঁলোক প্ৰধানকৈ অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোক৷ সৰু সৰু ভূমিত খেতি-খোলাৰ কাম হয় যদিও শ্ৰমেই হ’ল গাঁওবাসীৰ প্ৰধান জীৱিকাৰ উৎস৷
এই গাঁওখন বাৰাণসী চহৰৰ পৰা মাথো ২০ কিলোমিটাৰ নিলগত অৱস্থিত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰাণসী লোকসভা সমষ্টিৰ অন্তৰ্গত৷ ২০১৪ আৰু ২০১৯ চনত তেওঁ ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল আৰু এইবাৰ তৃতীয়বাৰলৈ পুনৰ এই সমষ্টিৰ পৰাই তেওঁ নিৰ্বাচনৰ যুঁজত অৱতীৰ্ণ হৈছে৷
১ জুনত নিৰ্বাচন আৰু সকলোৰে দৃষ্টি বাৰাণসী সমষ্টিত নিবদ্ধ। চহৰখনৰ প্ৰতিটো কোণত, ই-ৰিক্সাৰ পিছফালে, ষ্ট্ৰীট লেম্পৰ খুঁটাত ‘হৰ দিল মে মোদী (সকলোৰে হৃদয়ত মোদী)’ৰ গেৰুৱা পোষ্টাৰে চানি ধৰিছে৷ অটো ৰিক্সাসমূহত মাইক লগাই এই হাই-প্ৰফাইল প্ৰাৰ্থীগৰাকীৰ ভাষণে চৌদিশে প্ৰচাৰ কৰা হৈছে য’ত তেওঁ নৱনিৰ্মিত ৰাম মন্দিৰ নিৰ্মাণত তেওঁৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰিছে৷
কিন্তু গৌৰ মধুকৰ শ্বাহপুৰত কোনো নিৰ্বাচনী পোষ্টাৰ দেখিবলৈ পোৱা যোৱা নাই৷ কেৱল বস্তিটোত থকা হনুমান মন্দিৰত মোদীয়ে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰা অনুষ্ঠানৰ এখন ফটোগ্ৰাফ লগাই থোৱা হৈছে৷
কিন্তু পাৰ্বতীয়ে বিএছপি (বহুজন সমাজ পাৰ্টী)ৰ নীলা পতাকাৰ জয় হোৱাটোহে বিচাৰিছে কিয়নো তেওঁৰ কাৰণে পৰিয়ালৰ পাঁচোজন সদস্যকে ধৰি নিজকো পোহপাল দিয়াটো কঠিন হৈ পৰিছে৷ ‘‘চৰকাৰে আমাক আধাৰ কাৰ্ড দিছে, তেওঁলোকৰ হাতত সকলো তথ্য আছে, তথাপিও তেওঁলোকে দৰিদ্ৰ লোকসকলক কিয় বিচাৰি নাপায়?’’ পাৰ্বতীয়ে আচৰিত হৈ প্ৰশ্ন কৰে৷
![](/media/images/03a-IMG_20240517_135151-AK-In_Varanasi_dis.max-1400x1120.jpg)
![](/media/images/03b-IMG_20240517_125722-AK-In_Varanasi_dis.max-1400x1120.jpg)
গৌৰ গাঁৱৰ হৰিজন বস্তিত থকা হনুমান মন্দিৰটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (বাঁওফালে) এখন পোষ্টাৰ লগোৱা আছে৷ অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ প্ৰায় ১২০০ ঘৰ লোক ইয়াত বাস কৰে৷ পাৰ্বতীৰ বাসগৃহৰ ওপৰত (সোঁফালে) বহুজন সমাজ পাৰ্টীৰ এখন পতাকা উৰি আছে
![](/media/images/04a-IMG_20240518_102508-Crop-AK-In_Varanas.max-1400x1120.jpg)
![](/media/images/04b-IMG_20240518_173740-AK-In_Varanasi_dis.max-1400x1120.jpg)
বাঁওফালেঃ ৰেণু দেৱী হ’ল মনৰেগা মজদুৰ সংঘৰ সমন্বয়ক আৰু মনৰেগাৰ কাম প্ৰায় নায়েই বুলি তেওঁ উল্লেখ কৰে৷ তৃতীয়বাৰলৈ এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰধানমন্ত্ৰী মোদীৰ পোষ্টাৰ চহৰ আৰু জিলাখনৰ চাৰিওফালে দেখা গৈছে
গ্ৰামীণ নিয়োজন নিশ্চিতিৰ অধীনত কাম নায়েই বুলি পাৰিৰ আগত নিশ্চিতি কৰিলে মনৰেগা মজদুৰ সংঘৰ ৰেণু দেৱীয়ে৷ তেওঁ কয়, ‘‘২০১৯ চনৰ পৰাই মনৰেগাৰ কাম বন্ধ হৈ আহিছে৷ আগতে আমি যেতিয়া কোনো গাঁওবাসীৰ হৈ আবেদন কৰিছিলো তেতিয়া সপ্তাহজোৰা কামৰ বাবে শ্ৰমিকজনক আবণ্টন দিয়া হৈছিল৷ এতিয়া বছৰটোত এসপ্তাহৰ বাবে কাম পোৱাটোও কঠিন হৈ পৰিছে৷’’
২০২১ চনত মনৰেগা মজদুৰ সংঘৰ স্থানীয় স্বেচ্ছাসেৱীয়ে বাৰাণসীৰ খণ্ড পৰ্যায়ৰ বিষয়ালৈ ২৪খন পত্ৰ লিখি গাঁওবাসীক কামৰ আৱণ্টন দিবলৈ অনুৰোধ জনাইছিল৷
২০২১ চনৰ জুনৰ পৰা জীৰা দেৱীয়ে মনৰেগাৰ কাম পোৱা নাই৷
জীৰাও গৌৰ মধুকৰ শ্বাহপুৰ গাঁৱৰ বাসিন্দা৷ ৪৫ বৰ্ষীয়া এই মহিলাগৰাকীয়ে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ অধীনত লাভ কৰা প্ৰধানমন্ত্ৰী মোদীৰ ফটো সম্বলিত এখন কাপোৰৰ বেগ কঢ়িয়াই ফুৰে৷ বেগটোত তেওঁৰ আঁচনি সম্পৰ্কীয় কেতবোৰ জৰুৰী কাগজ আছে৷ ‘‘মোদীক বিচাৰিবলৈ হ’লে প্ৰথমে তেওঁ ঘূৰি ফুৰা হেলিকপ্টাৰখন বিচাৰিব লাগিব’’, তেওঁ হাঁহি হাঁহি কয়৷
স্থানীয় প্ৰধানগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত এটা ঘৰ দিবলৈ জীৰাৰ পৰা ১০,০০০ টকাৰ উৎকোচ বিচাৰিছিল৷ তেওঁ আনকি এই বিষয়ে বাৰাণসীৰ জিলা দণ্ডাধীশলৈ এখন পত্ৰও লিখিছিল, কিন্তু কোনো কামত নাহিল৷ ঘৰটোৰ উৱলি পৰা চালখনৰ তলত বহি তেওঁ কয়, ‘‘বস্তা আৰু পোষ্টাৰেৰে সজোৱা মোৰ ঘৰৰ দেৱালবোৰ চাওক৷’’
মনৰেগাৰ কাম বন্ধ হৈ এই দৈনিক শ্ৰমিকগৰাকীৰ দুখ কুলাই-পাচিয়ে নধৰা হৈছে; পৰিয়ালটোৰ ভূমি বুলিবলৈ এক একৰ ভূমিৰ দহ ভাগৰ এভাগো নাই৷ তেওঁৰ সন্তান শিৱম আৰু স্বামী ৰাম লালে তেওঁৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰে৷ ‘‘মূৰ আৰু দেহৰ বিষৰ বাবে মই এতিয়া মাটি কঢ়িয়াব নোৱাৰা হৈছো [কেতিয়াবা মনৰেগা কামৰ অংশ]’’, তেওঁ এইদৰে কয়৷
![](/media/images/05a-IMG_20240517_133226-AK-In_Varanasi_dis.max-1400x1120.jpg)
![](/media/images/05b-IMG_20240517_134748-AK-In_Varanasi_dis.max-1400x1120.jpg)
মনৰেগাৰ কাম নোহোৱাৰ ফলত জীৰা দেৱীয়ে পৰিয়ালটোৰ পোহপালৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে৷ তেওঁ কয় যে দৰিদ্ৰ হোৱা স্বত্বেও তেওঁ আঁচনিৰ অধীনত ঘৰ লাভ কৰা নাই৷ যদিও তেওঁৰ আঁচনিটোৰ বিষয়ে উল্লেখ কৰা মোনা এখন আছে (সোঁফালে)
![](/media/images/06a-IMG_20240517_141205-AK-In_Varanasi_dis.max-1400x1120.jpg)
![](/media/images/06b-IMG_20240517_133513-AK-In_Varanasi_dis.max-1400x1120.jpg)
গৌৰ মধুকৰ শ্বাহপুৰ গাঁৱৰ হৰিজন বস্তিত জীৰা দেৱী আৰু তেওঁৰ পুত্ৰ শিৱম (বাঁওফালে) তেওঁলোকৰ কেঁচা ঘৰটোত আৰু (সোঁফালে) পাকঘৰটো
এই পৰিয়ালটো উত্তৰ প্ৰদেশৰ অন্যান্য পিছপৰা শ্ৰেণীৰ বিন্দ/মাল্লাহ সম্প্ৰদায়ৰ অন্তৰ্গত৷ তেওঁৰ স্বামীয়ে এতিয়া কাম নকৰে আৰু তেওঁৰ পুত্ৰই চকুৰে দেখা নোপোৱা বাবে শাৰীৰিক অক্ষমতাৰ পেঞ্চন লাভ কৰিছিল যদিও যোৱা বছৰৰ পৰা সেই পেঞ্চনৰ টকা পোৱাও বন্ধ হৈছে৷
কৃষি শ্ৰমিক হিচাপে কাম কৰি মজুৰি হিচাপে পোৱা নহৰু কেইমুঠিমান হাতত লৈ জীৰা দেৱীয়ে এই প্ৰতিবেদকৰ সন্মুখত কয়, ‘‘মই আমাৰ দৰে লোকক সমৰ্থন জনোৱা মায়াৱতীক ভোট দিম!’’
এই হাই প্ৰফাইল সমষ্টিটোৰ বাবে এয়া এক কঠিন সিদ্ধান্ত৷
কিন্তু জীৰা আৰু পাৰ্বতী অকলশৰীয়া নহয়৷ সেই গাঁওখনৰ আন এগৰাকী দৈনিক শ্ৰমিক অশোকে কয়, ‘‘মই এতিয়াও কাক ভোট দিম সিদ্ধান্ত লোৱা নাই৷ কিন্তু আমি মোদীজীৰ কামক লৈ সুখী নহয়৷’’
তেওঁৰ পত্নী সুনীতাই যোৱা বছৰ অৰ্থাৎ ২০২৩ চনত পাঁচ দিনৰ বাবে মনৰেগাৰ অধীনত কাম কৰাৰ সুযোগ পাইছিল৷ দম্পত্তীহালে গৌৰ মধুকৰ শ্বাহপুৰত তিনিটা সন্তান- ১৪ বছৰীয়া সঞ্জনা, ১২ বছৰীয়া সন্তান ৰঞ্জনা আৰু ১০ বছৰীয়া সন্তান ৰঞ্জনৰ সৈতে বাস কৰে৷
অশোকে (তেওঁ কেৱল এই নামটো ব্যৱহাৰ কৰে) অত্যধিক দামৰ বিখ্যাত বাৰাণসী শাড়ীৰ শিপিনি হিচাপে কাম কৰিছিল, কিন্তু সেই উপাৰ্জন পৰিয়ালটোৰ পোহপালৰ বাবে যথেষ্ট নাছিল৷ তেওঁ শিপিনিৰ কাম এৰি পিছত বাৰাণসী চহৰত এক নিৰ্মাণ খণ্ডত আৰু শ্ৰমিক মণ্ডীত দৈনিক শ্ৰমিক হিচাপে কাম কৰি আহিছে৷ মাহটোত ২০-২৫ দিন কাম কৰাৰ পিছত তেওঁ প্ৰায় দৈনিক ৫০০ টকাকৈ লাভ কৰে৷ ‘‘মাহটো কেনেবাকৈ জোঁৰা-টাপলি মাৰি মিলাই আছো’’, শ্ৰমিক মণ্ডীলৈ ওলাই আহি হৰিজন বস্তিৰ ৪৫ বৰ্ষীয় অশোকে এইদৰে কয়৷
![](/media/images/07a-IMG_20240517_123255-AK-In_Varanasi_dis.max-1400x1120.jpg)
![](/media/images/07b-IMG_20240517_115302-AK-In_Varanasi_dis.max-1400x1120.jpg)
কেইবছৰমান পূৰ্বে অশোকে মনৰেগাত কাম কৰা বন্ধ কৰিছে৷ পূৰ্বে বাৰাণসী শাড়ীৰ শিপিনিৰ কাম কৰা অশোকে এতিয়া দৈনিক শ্ৰমিকৰ কাম কৰে৷ ৰাখাউনা গাঁৱত মোদীৰ পোষ্টাৰ৷
![](/media/images/08a-IMG_20240517_113853-AK-In_Varanasi_dis.max-1400x1120.jpg)
![](/media/images/08b-IMG_20240517_110544-AK-In_Varanasi_dis.max-1400x1120.jpg)
ৰাখাউনা গাঁৱৰ সান্থৰা দেৱীয়েও মনৰেগাৰ কোনো কাম পোৱা নাই৷ তেওঁ এতিয়া ঘৰতে ৰুদ্ৰাক্ষৰ মালা গুঁঠে আৰু কেই মাহমানৰ মূৰে মূৰে ২,০০০-৫,০০০ টকাকৈ উপাৰ্জন কৰে
বাৰাণসী জিলাৰ লগতে ৰাখাউনা গাঁৱৰ ঘৰে ঘৰে ‘মে হুঁ মোদী কা পৰিৱাৰ [আমি মোদী পৰিয়ালৰ]’ৰ নীলা ষ্টিকাৰ দেখা যায়৷ সান্থৰা দেৱীৰ ঘৰত মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ‘‘ডাবল ইঞ্জিন কা চৰকাৰ’’ৰ সাফল্যৰ পোষ্টাৰ বিচনাত পৰি থকা দেখা গৈছে৷
ছয়জনীয়া পৰিয়ালটোক উত্তপ্ত সূৰ্যৰ পোহৰৰ পৰা ৰক্ষা কৰা এখন উৱলি যোৱা চালৰ তলত কেঁচা ঘৰটোৰ মজিয়াত বহি ৰুদ্ৰাক্ষৰ মালা গুঁঠি গুঁঠি সান্থৰা দেৱীয়ে এই প্ৰতিবেদকক কৈ যায়, ‘‘আমাৰ কোনো কৃষি ভূমি নাই৷ যদি আমি কাম নকৰো, কেনেকৈ জীয়াই থাকিম?’’
মনৰেগা কৰ্মী হিচাপে পঞ্জীকৃত সান্থৰা দেৱীয়ে যোৱা আগষ্টত (২০২৩ চনত) আঠদিনৰ বাবে পুখুৰী খন্দাৰ কাম পাইছিল৷ মনৰেগাৰ কাম নোহোৱাৰ ফলত সান্থৰাৰ দৰে আন বহু মহিলাই ক্ষুদ্ৰ উপাৰ্জনৰ কাম যেনে ৰুদ্ৰাক্ষৰ মালা গুঁঠা আদি কাম কৰি কেই মাহমানৰ মূৰে মূৰে ২,০০০-৫,০০০ টকাকৈ উপাৰ্জন কৰি আছে৷
সান্থৰাৰ চুবুৰীয়া ৫০ বৰ্ষীয়া মুনকা দেৱীয়েও যোৱা বছৰৰ পৰা ৰোজগাৰ সহায়কৰ (যাৰ হাতত তথ্যপাতি থাকে) পৰা মনৰেগাৰ কাম পাব বুলি আশা পালি আছে৷ মুনকাৰ স্বামীৰ নামত ১.৫ বিঘা কৃষিভূমি আছে আৰু সেই কৃষিভূমিত তেওঁ শাক-পাচলিৰ খেতি কৰে৷ লগতে তেওঁ আনৰ কৃষিভূমিতো কাম কৰে৷ ‘‘এইখিনিৰে মোৰ পৰিয়ালটোৰ অন্ততঃ নিমখ-তেলখিনিৰ যোগাৰ হয়’’, তেওঁ এইদৰে কয়৷
![](/media/images/09a-IMG_20240518_122100-AK-In_Varanasi_dis.max-1400x1120.jpg)
![](/media/images/09b-IMG_20240518_121130-AK-In_Varanasi_dis.max-1400x1120.jpg)
এখন মনৰেগা জব কাৰ্ড (বাঁওফালে)৷ শকুন্তলা দেৱীৰ নামটো মনৰেগা তালিকাৰ পৰা ভুলতে কাটি দিয়া হৈছে৷ তেওঁ এতিয়া পাথৰৰ মূৰ্তি পলিছ কৰে আৰু সেয়ে তেওঁৰ হাতখনত সদায়েই জোলা বান্ধে
![](/media/images/10a-IMG_20240517_111209-AK-In_Varanasi_dis.max-1400x1120.jpg)
![](/media/images/10b-IMG_20240518_121509-AK-In_Varanasi_dis.max-1400x1120.jpg)
মুনকা দেৱী (বাঁওফালে) তেওঁৰ নৱনিৰ্মিত ঘৰটোৰ সন্মুখত৷ শীলাই (সোঁফালে) কয়, ‘মোদীয়ে আমাৰ এনৰেগাৰ কাম লৈ গ’ল’
খেৱালী গাঁৱৰ শকুন্তলাই এইবাৰ ভোটদান নকৰে বুলি সিদ্ধান্ত লৈছে৷ ‘‘যিহেতু চৰকাৰে মোক কোনো কাম দিয়া নাই, সেয়ে মইও কাকো ভোট নিদিও’’, তেওঁ এইদৰে ঘোষণা কৰে৷ শকুন্তলাকে ধৰি গাঁওখনৰ ১২ গৰাকী মহিলাৰ নাম সক্ৰিয় জব কাৰ্ডৰ পৰা ভুলতে কাটি দিয়া হৈছে৷ তালিকাৰ পৰা ভুৱা নাম কাটি থকাৰ সময়ত এওঁলোকৰ নামো কেৰাণীৰ দোষত কটা গৈছে৷
‘‘মোদীয়ে আমাৰ এনৰেগাৰ কাম কাঢ়ি লৈ গ’ল৷ আমি অতিকমেও দুমাহ নিয়মীয়া কাম আৰু দিনে ৮০০ টকাকৈ বিচাৰিছো’’, খেৱালী গাঁৱৰ শীলাই এইদৰে কয়৷ ‘‘বিনামূলীয়া ৰেচন আঁচনিত আটা আৰু চাউলৰ সৈতে দাইল, নিমখ আৰু খোৱা তেলো দিয়া উচিত’’, শকুন্তলাই লগতে এইদৰে কয়৷
শকুন্তলাৰ ঘৰৰ সন্মুখৰ মুকলি ঠাইডোখৰত নন্দীৰ (পবিত্ৰ ষাঁড়) কেইবাটাও মূৰ্তি পৰি আছে৷ ‘‘এই মূৰ্তি পলিছ কৰি প্ৰতিটোত ১৫০-২০০ টকাকৈ পাওঁ৷’’ মূৰ্তি পলিছৰ কাম কৰি কৰি হাতত জোলা বান্ধি গ’লেও মনৰেগাৰ নিয়মীয়া কাম বন্ধ হোৱাৰ পিছত শকুন্তলাৰ দৰে মহিলাসকলৰ হাতত উপাৰ্জনৰ অন্য বিকল্পৰ ব্যৱস্থা নোহোৱা হৈ পৰিছে৷
অনুবাদক: মনোৰঞ্জন মজুমদাৰ