পাৰ্বতীয়ে শেষবাৰৰ বাবে মনৰেগাৰ অধীনত যোৱা বছৰ অৰ্থাৎ ২০২৩ চনৰ মে’ মাহতহে কাম পাইছিল৷ তাকো পাঁচ দিনৰ বাবে৷
পাৰ্বতীয়ে (তেওঁ কেৱল এই নামটো ব্যৱহাৰ কৰে) সেই সময়খিনিত গৌৰ মধুকৰ শ্বাহপুৰ গাঁৱৰ পথ লেভেলিঙৰ কাম কৰিছিল৷ মনৰেগাৰ অধীনত ১০০ দিনীয়া কামৰ নিশ্চিতি এই ৪৫ বৰ্ষীয়া মহিলাগৰাকীৰ জীৱনত কেতিয়াও নহ’ল৷ ‘‘আমি আধাপেটি হৈ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে’’, জাটভ সম্প্ৰদায়ৰ (অনুসূচীত জাতি) এই মহিলাগৰাকীয়ে এইদৰে কয়৷
২০২০ চনত দম্পত্তীহালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰৰ বাবে আবেদনখনো ৰাজ্য চৰকাৰে অগ্ৰাহ্য কৰিলে৷ চৰকাৰী ঘৰৰ আশা বাদ দি পাৰ্বতী আৰু তেওঁৰ স্বামী ছোটে লালে দুটা কোঠালীৰ পকীঘৰ এটা সজাবলৈ আত্মীয়-স্বজনৰ পৰা ৯০,০০০ টকাৰ ঋণ এটা ল’লে৷
‘‘কোনোবাই যদি ভোট খুজিবলৈ আহে, মই তেওঁক সুধিম যে ঘৰৰ হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন হোৱা নাম ভোটাৰ তালিকাত কেনেদৰে সোমাল?’’ পাৰ্বতীয়ে এইদৰে কয়৷ পাৰ্বতীৰ স্বামীও এজন মনৰেগা কৰ্মী আছিল৷ কিন্তু পাঁচ বছৰ আগেয়ে পক্ষাঘাত ৰোগত আক্ৰান্ত হোৱা বাবে তেওঁ কাম কৰিবলৈ যাব পৰা নাছিল৷ আজিকালি তেওঁ বাৰাণসীৰ শ্ৰমিক মণ্ডীত দিনে ৪০০-৫০০ টকা হাজিৰাত শ্ৰমিকৰ কাম কৰে৷
মনৰেগাৰ জৰিয়তে গ্ৰামীণ এলেকাৰ অদক্ষ শ্ৰমিকসকলক ১০০ দিনৰ কৰ্মনিশ্চিতি দিয়া হয়৷ কিন্তু গাঁওবাসীসকলৰ এটাই অভিযোগ যে বিগত দহ বছৰ ধৰি তেওঁলোকৰ ‘চৰপঞ্চ’ৰ দুটা কাৰ্যকালত বছৰটোত মাত্ৰ ২০-২৫ দিনৰহে কাম উপলব্ধ থাকে৷
পাৰ্বতী এতিয়া ঋণৰ বোজাত ভাৰাক্ৰান্ত৷ ৰাজ্য চৰকাৰৰ পৰা কাম পোৱাৰ কোনো আশা নেদেখি তেওঁ এতিয়া ঠাকুৰ সম্প্ৰদায়ৰ লোকৰ খেতিপথাৰত দিনহাজিৰা কৰে৷ কামৰ বিনিময়ত তেওঁ শস্য সিঁচা আৰু চপোৱা বতৰত প্ৰায় ১৫ দিনৰ কামৰ বাবে ১০ কিলোগ্ৰাম খাদ্যশস্য লাভ কৰে৷




















