“বিজুৰ দিনা (নৱবৰ্ষৰ উচৱত) আমি আটায়ে পুৱা সোনকালে উঠি ফুল চিঙি আনো। তাৰপিছত সেয়া নৈত ভঁহাই দি নৈতে জুবুৰি মাৰি গাটো তিয়াই লওঁ। তাৰপিছত আহে ঘৰে ঘৰে যোৱা পৰ্ব। প্ৰত্যেককে আমি দেখা কৰোঁ আৰু নতুন বছৰৰ ওলগ জনাওঁ,” জয়াই কয়। পঞ্চাচটা বছৰ পাৰ হ’ল, কিন্তু উচৱৰ সেই দিনবোৰ তেওঁৰ স্মৃতিৰ পটত এতিয়াও জলজল-পটপট।
“আমি এমুঠি চাউল আগবঢ়াও (সৌভাগ্যৰ চিন হিচাপে) আৰু বিনিময়ত গৃহস্থই আমাক লাংগি (চাউলৰ পৰা তৈয়াৰী সুৰা) যাঁচে। প্ৰতিঘৰতে আমি এঢোক-দুঢোকহে খাওঁ, কিন্তু দিনটোৰ শেষৰফালে আমাৰ হিচাপ নাথাকে,” তেওঁ কয়। তাৰোপৰি “সেইদিনা গাঁৱৰ সৰুবোৰে বুঢ়া-মেথাক সন্মান যাঁচি নৈৰ পৰা অনা পানীৰে গা ধুৱায়।” বছৰেকত হোৱা উচৱৰ স্মৃতিৰে জয়াৰ মুখখন উদ্ভাসিত হৈ পৰে।
এতিয়া ঘৰৰ পৰা বহু শ কিলোমিটাৰ দূৰত বিদেশৰ মাটিত পৰম্পৰাৰ চিন হিচাপে থাকি গৈছে কেৱল লাংগি। চাকমা সম্প্ৰদায়ৰ বহু ভগনীয়াৰ মাজত তেওঁলোকৰ সম্প্ৰদায়ৰ ৰীতি-নীতি আৰু প্ৰথাবোৰৰ সেয়াই কেৱল চিন। “এয়া আমাৰ পৰম্পৰাৰ অভিন্ন অংগ,” বাংলাদেশৰ ৰঙামাটিত ডাঙৰ-দীঘল হোৱা জয়াই কয়। এই অঞ্চলৰ আন জনগোষ্ঠীয়েও তেওঁলোকৰ পৰম্পৰাগত কাজ-কৰ্মত লাংগি ব্যৱহাৰ কৰে।
“মই মোৰ মা-দেউতাহঁতক দেখি দেখি এয়া (লাংগি) প্ৰস্তুত কৰিবলৈ শিকিছিলো। বিয়াৰ পিছত মোৰ স্বামী সুৰেন আৰু মই একেলগে এই কাম কৰিবলৈ ল’লো,” তেওঁ কয়। দম্পতিহালে লাংগি, মদ আৰু জগৰা - এই তিনি প্ৰকাৰৰ বিয়েৰ প্ৰস্তুত কৰিব জানে।
চাউলৰ পৰাই প্ৰস্তুত কৰা জগৰাৰ প্ৰস্তুতি চৈত্ৰ (বাংলা কেলেণ্ডাৰ অনুযায়ী বছৰটোৰ শেষৰটো মাহ)ৰ প্ৰথম দিনটোৰ পৰা আৰম্ভ হয়। “আমি বিৰইন চাল (এবিধ মিহি আঠালতিয়া চাউল) ব্যৱহাৰ কৰো, সেয়া পাতন কৰাৰ আগতে বাঁহৰ চুঙাত কেবাসপ্তাহ কিন্বন হ’বলৈ দিওঁ। আজিকালি জগৰা কাচিৎহে প্ৰস্তুত কৰা হয়,” এইবিধ সুৰা প্ৰস্তুত কৰিবলৈ অতিকমেও এমাহ লাগে, তাৰোপৰি চাউলবিধৰ দামো বেছি, এই প্ৰসংগত জয়াই কয়। “আগতে আমি ঝুম পদ্ধতিত এই ধানৰ খেতি কৰিছিলো, এতিয়া এই ধানৰ খেতি কৰা খেতিমাটি কমিছে।”
















