মহম্মদ শ্বোৱেইবৰ দোকানখন দিনটোৰ চৌব্বিশ ঘণ্টাই খোলা থাকে। কিন্তু তেওঁৰ বিশেষ ব্যঞ্জনৰ সোৱাদ ল’বলৈ হ’লে আপুনি তাত পুৱা সোনকালে হাজিৰ হ’ব লাগিব।
৩৫ বৰ্ষীয় শ্বোৱেইবে যোৱা ১৫ বছৰ ধৰি নৱাকাড়ালৰ গ্ৰেতা বল এলেকাত হেৰিটেজ হাৰিছা নামে দোকান এখন চলাই আহিছে। শ্ৰীনগৰৰ এই মাজমজিয়াত হাৰিছা বিক্ৰী কৰা দোকানেৰে ভৰি আছে। তাৰে কিছুমান দোকান আকৌ তিনি শতিকাৰো অধিক পুৰণি। ব্যঞ্জনবিধৰ কাহিনী আকৌ তাতোকৈ পুৰণি।
“মই মোৰ পিতাইৰ মুখত শুনিছো যে ১৪ শ শতিকাৰ ইৰানৰ এগৰাকী চুফী সন্ত শ্বাহ-ই-হামদানে উপত্যকাটোলৈ হাৰিছা বনোৱা কৌশল লৈ আহিছিল,” চতুৰ্থ প্ৰজন্মৰ হাৰিছা বনাওতা শ্বোৱেইবে কয়।
ভেড়া আৰু চাউলেৰে বনোৱা প্ৰচুৰ প্ৰটিনেৰে সমৃদ্ধ এইবিধ জলপান বছৰত ছটা মাহহে উপলব্ধ - অক্টোবৰৰ পৰা মাৰ্চলৈ। লগত দিয়া হয় মিঠি (সৰু সৰুকৈ কটা ভেড়াৰ ক্ষুদ্ৰান্ত) আৰু গৰম তেল ছটিয়াই দিয়া কবাব। লগতে কান্দেৰ জোত (ময়দাৰে বনোৱা স্থানীয় এবিধ পাউৰুটি)। এই ব্যঞ্জনবিধ বনাবলৈ প্ৰয়োজন হয় সেউজীয়া আৰু ক’লা ইলাচি, ডালচেনি আৰু লং। তাৰপিছত সেয়া ৰান্ধি এটা মত্থ (তাম নাইবা মাটিৰ পাত্ৰ)ত ভৰাই সেয়া মাটিত পুতি থোৱা হয়, তলত জুই দিয়া থাকে।












