“প্ৰথমে বাওঁফালে ঘুৰিব। অকণমান আগুৱাই গৈ আপুনি ক’লা স্তম্ভ এটাত জোৱান এজনৰ ফটো দেখিব। সেইটোৱে তেওঁৰ ঘৰ।” ৰামগঢ় চৰ্দাৰনৰ চাইকেল মেকানিক এজনে আমাক ৰাস্তাটো দেখুৱাই দিলে। গাওঁখনৰ মানুহে অজয় কুমাৰক হয় ফৌজি নাইবা ছহিদ বুলি কয়।
ভাৰত চৰকাৰৰ দৃষ্টিত পিছে তেওঁ তাৰে এটাও নহয়।
জম্মু-কাশ্মীৰৰ উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক অভিযানত এই ২৩ বছৰীয়া জোৱানজনে নিজৰ শেষটোপাল তেজ দি দেশৰ সীমান্তত যুঁজি প্ৰাণ এৰিলে যদিও সেয়া সৰু কথা এটা হৈ ৰ’ল। তেওঁৰ বৃদ্ধ, ভূমিহীন দলিত পৰিয়ালটোৱে এতিয়া এটা পেঞ্চনো নাপায়, পুত্ৰৰ বাবে ছহিদৰ মৰ্য্যাদাকণো নাপায়। তেওঁলোক এক্স-চাৰ্ভিচমেন কনট্ৰিবিউটৰি হেলথ্ স্কীমৰ অধীনত কোনো সুবিধাও নাপায়। আনকি কেণ্টিনৰ ৰেহাই মূল্যৰ সামগ্ৰীও নাপায়। চৰকাৰী তথ্যত অজয় কুমাৰ সৈনিকো নাছিল, ছহিদো নাছিল।
তেওঁ আছিল কেৱল এজন অগ্নিবীৰ।
লুধিয়ানা জিলাৰ এইখন গাঁৱত চৰকাৰে অৱশ্যে সামান্য গুৰুত্ব দিয়া আপোনাৰ চকুত পৰিব। গ্ৰেণ্ড ট্ৰাংক ৰোডৰ পৰা ৪৫ মিনিটৰ এই ৰাস্তাটোৰ দুয়োপাৰে ফুলি থকা সৰিয়হ ফুলৰ খেতিৰ মাজেৰে আপুনি আহি ৰামগঢ় চৰ্দাৰন আহি পাব। ৰাস্তাটোৰ কাষৰ বেৰবোৰত তেওঁৰ নাম আছে। হৰ্ডিংবোৰত অজয়ৰ ধুনীয়া ফটো লগোৱা আছে। তেওঁক স্থান দিয়া হৈছে ছহিদ ভগত সিঙৰ সৈতে, যিয়ে নটা দশক আগতে ফাঁচিকাঠত বুকু ফিন্দাই উঠিছিল, কিন্তু এতিয়াও চৰকাৰে ছহিদৰ মৰ্য্যাদা দিয়া নাই।
গাঁৱত থকা এখন হৰ্ডিঙত লিখা আছে:
নৌজৱান জড় উঠতে নে
তান নিজাম বদল জান্দে নে,
ভগত সিং আজ ভি পেইদা হুন্দে নে,
বচ নাম বদল জান্দে নে…
[যেতিয়া ন-জোৱান থিয় হয়,
মুকূট আঁতৰাই থোৱা হয়
প্ৰতিদিনে জন্ম হয় নতুন এজন ভগত সিঙৰ
মাথো নাম সলনি হয়...]













