“মই কেবাবাৰো ১০৮ (এম্বুলেন্স সেৱা)লৈ ফোন লগোৱাৰ চেষ্টা কৰিলো। ফোন লাইন ব্যস্ত আছিল, মাজে মাজে আনৰিচ্চেবল হৈ আছিল।” তেওঁৰ পত্নীৰ জৰায়ুৰ সংক্ৰমণ হৈছিল আৰু দৰৱ সেৱন কৰি থকা সত্ত্বেও গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। ৰাতি হৈ আহে মানে তেওঁৰ বিষ বাঢ়িছিল। গণেশ পাহাৰীয়াই চিকিৎসা সাহায্য বিচাৰি হাবাথুৰি খাইছিল।
“শেষত গৈ মই স্থানীয় মন্ত্ৰীজনৰ সহায়কৰ ওচৰত সহায়ৰ বাবে হাত পাতিলো। তেওঁ (নিৰ্বাচনী) প্ৰচাৰ অভিযানৰ সময়ত আমাক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল,” গণেশে মনত পেলায়। সহায়কজনে বেলেগত আছো বুলি কৈ ফোন থ’লে। “তেওঁ আমাক সহায় কৰাৰ পৰা বিৰত থাকিল।”
অতিকৈ উৎকণ্ঠিত হৈ পৰা গণেশে কয়, “এম্বুলেন্স এখন থকা হ’লে মই তেওঁক বোকাৰো বা ৰাঁচীৰ ভাল হস্পিতাল এখনলৈ লৈ যাব পাৰিলোহেঁতেন।” তাৰ পৰিৱৰ্তে তেওঁ তেওঁৰ পত্নীক কাষৰে ব্যক্তিগত হস্পিতাল এখনলৈ নিবলগীয়া হ’ল আৰু সম্পৰ্কীয়ৰ পৰা ৬০,০০০ টকাৰ ধাৰ ল’বলগীয়া হ’ল।
“নিৰ্বাচনৰ সময়ত তেওঁলোকে কি কি যে নকয় – এনেকুৱা কৰি দিম, তেনেকুৱা হৈ যাব...মাত্ৰ আমাক ভোট দি জয়ী কৰক। কিন্তু পিছত দেখিব আপুনি তেওঁলোকক সাক্ষাৎ কৰিবলৈ গ’লে তেওঁলোকৰ হাতত সময়ে নাথাকে,” ৪২ বৰ্ষীয় গাওঁবুঢ়াজনে কয়। তেওঁ কয় যে মৌলিক সা-সুবিধাখিনিৰ পৰাও তেওঁলোকৰ পাহাৰীয়া সম্প্ৰদায় লোকসকল চৰকাৰৰ দ্বাৰা উপেক্ষিত।
ধনগড়া পাকুৰ তালুকৰ হিৰনপুৰ ব্লকৰ এটা সৰু চুবুৰী আৰু তাত ৫০ টা পাহাৰীয়া জনজাতীয় পৰিয়াল থাকে। গাওঁখন পাবলৈ আপুনি শোচনীয় ৰাস্তাৰে আঠ কিলোমিটাৰ যাব লাগিব, তেতিয়া ৰাজমহল পৰ্বতশ্ৰেণীৰ দাঁতিত থকা আওহতীয়া ঠাইখন পাব।
“আমাৰ চৰকাৰী স্কুলখনৰ অৱস্থা অতিকৈ বেয়া। আমি নতুন এখন বিচাৰিছিলো, কিন্তু ক’ত পাম?” গণেশে সোধে। আমাৰ সম্প্ৰদায়ৰ প্ৰায়ভাগ শিশুৱেই স্কুলত নামভৰ্তি কৰা নাই আৰু সেয়ে ৰাজ্য চৰকাৰৰ মধ্যাহ্ন ভোজনো নাপায়।










