মধ্য ভাৰতৰ খাৰগোনে চহৰখনত সেয়া আছিল এপ্ৰিল মাহৰ এটা উষ্ম দিন। চহৰখনৰ ব্যস্ততাপূৰ্ণ পুৱাটোৰ ছন্দত ব্যাঘাত হানি হুমহুমাই সোমাই আহিল কেইখনমান বুলড’জাৰ। মধ্য প্ৰদেশৰ চান্দনি চ’কৰ এই ব্যস্ত জনবহুল এলেকাটো নিমিষতে নিস্তব্ধ হৈ পৰিল, কেৱল শুনা গ’ল আগবাঢ়ি অহা সেই দৈত্যকায় মেচিনৰ শব্দ। সৰু সৰু দোকান আৰু ঘৰবোৰৰ পৰা ভয়াৰ্ত মানুহবোৰ বাহিৰলৈ ওলাই আহিল।
৩৫ বৰ্ষীয় ৱাচিম আহমেদে সন্ত্ৰাসিত চকুৰে চাই ৰ’ল, বুলড’জাৰখনৰ গধুৰ দৈত্যকায় ষ্টীলৰ ব্লেডখনে তেওঁৰ দোকান আৰু ভিতৰত থকা মূল্যৱান সামগ্ৰী এফালৰ পৰা ভাঙি-মোহাৰি নিলে। “মই মোৰ যিখিনি সাচতীয়া ধন আছিল, আটাইখিনি দোকানত খটুৱাইছিলো,” তেওঁ কয়।
চৰকাৰৰ নিৰ্দেশত অহা বুলড’জাৰবোৰে ১১ এপ্ৰিলৰ দিনা কেৱল তেওঁৰ দোকানখনেই ভাঙি পেলোৱা নাছিল, লগতে খাৰগোনেৰ মুছলমান সম্প্ৰদায় অধ্যুষিত এই বৃহৎ এলেকাটোৰ প্ৰায় ৫০ খন দোকান ধূলিস্যাৎ কৰি পেলাইছিল। ৰাম নৱমী উৎসৱৰ সময়ত “সংঘৰ্ষকাৰী”য়ে শিলাবৰ্ষণ কৰাৰ পোটক তুলিবলৈ মধ্যপ্ৰদেশ চৰকাৰে ব্যক্তিগত সম্পত্তি নষ্ট কৰাৰ এই পন্থা হাতত লৈছিল।
কিন্তু ৱাচিমে শিল দলিওৱাৰ কথাটো সত্য বুলি মানিবলৈ টান। তেওঁৰ দুয়োখন হাত কটা, আনকি চাহ খাবলৈও তেওঁক আনে সহায় কৰি দিব লাগে, শিল দাঙি দলিওৱাটো দূৰৰে কথা।
“সিদিনাৰ ঘটনাটোৰ লগত মোৰ লেনা-দেনা একো নাছিল,” ৱাচিমে কয়।
২০০৫ত দুয়োখন হাতত দুৰ্ঘটনা এটাত হেৰুওৱাৰ আগত তেওঁ এজন ৰং মিস্ত্ৰী আছিল। “এদিন কাম কৰি থাকোতে বিদ্যুৎপৃষ্ঠ হওঁ আৰু ডাক্তৰে মোৰ দুয়োখন হাত কাটি বিচ্ছিন্ন কৰি পেলাবলগীয়া হয়। অতিশয় বেয়া পৰিস্থিতিৰ মাজেৰে পাৰ হৈ শেষত উপায় এটা বিচাৰি পাইছিলো (এই দোকানখন পাতি),” নিজৰ অৱস্থাক লৈ তেওঁ দুখ কৰি সময় কটোৱা নাছিল বুলি গৌৰৱ কৰা ৱাচিমে কয়।








