মমতা পাৰেড পাৰিত আমাৰ সহকৰ্মী আছিল। বিৰল প্ৰতিভাৰ আকৰ আৰু সাংবাদিকতাৰ প্ৰতি অংগীকাৰবদ্ধ নবীন সাংবাদিকগৰাকীৰ ২০২২ৰ ১১ ডিচেম্বৰত দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটে।
তেওঁৰ প্ৰস্থানৰ প্ৰথম বাৰ্ষিকীত আমি এক বিশেষ পডকাষ্ট আপোনালোকলৈ আগবঢ়াইছো য’ত আপুনি মমতা পাৰেডে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ৱাড়া তালুকৰ নিজ ৱাৰ্লি সম্প্ৰদায়ৰ বিষয়ে বৰ্ণনা কৰা শুনিবলৈ পাব। তেওঁ মৃত্যুৰ কেইমাহমান পূৰ্বে সেই ভিডিঅ’ ৰেকৰ্ড কৰিছিল।
মমতাই ৱাৰ্লি সম্প্ৰদায়ৰ মৌলিক অধিকাৰ আৰু সা-সুবিধাৰ সংগ্ৰামৰ বিষয়ে লিখিছিল। এগৰাকী নিৰ্ভীক সাংবাদিক মমতাই সৰু সৰু চুবুৰীৰ পৰা প্ৰতিবেদন যুগুতাইছিল, যিবোৰ মানচিত্ৰত আপুনি বিচাৰি নাপাব। ভোক, শিশু শ্ৰমিক, বন্ধুৱা শ্ৰমিক, স্কুলীয়া শিক্ষাৰ সুবিধা, ভূমিৰ অধিকাৰ, বিস্থাপিত লোক, জীৱিকা আৰু আন বিভিন্ন বিষয়ৰ ওপৰত প্ৰতিবেদন যুগুতোৱাৰ ক্ষেত্ৰত তেওঁ অতিকৈ আগ্ৰহী আছিল।
এইটো খণ্ডত মমতাই মহাৰাষ্ট্ৰৰ
তেওঁৰ নিজ গাওঁ নিম্বাভালিত হোৱা অন্যায়ৰ
কাহিনী
বৰ্ণনা কৰিছে। কৈছে, কেনেদৰে মুম্বাই-বদোদৰা এক্সপ্ৰেছৱেৰ বাবে পানীৰ প্ৰকল্প এটাৰ
গইনা লৈ চৰকাৰী বিষয়াই গাঁৱৰ মানুহৰ পৰা পৈত্ৰিক ভূমি চলনাৰে অধিগ্ৰহণ কৰিছে।
প্ৰকল্পটোৱে গোটেই গাওঁখন দুভাগ কৰি পেলাইছে আৰু তাৰ বাবদ যি ক্ষতিপূৰণ আগবঢ়াইছে,
সেয়া তেনেই অপৰ্য্যাপ্ত।
পাৰিত আমি মমতাক জানিবলৈ পাই আৰু তেওঁৰ সৈতে কাম কৰিবলৈ পাই বৰ উপকৃত হৈছো। তেওঁৰ যুগুতোৱা নটা ষ্ট’ৰিৰ আটাইকেইটা ইয়াত পাব।
নিজৰ লেখা আৰু ৱাৰ্লি সম্প্ৰদায়ৰ সৈতে কৰা কামৰ মাজেৰে মমতা জীয়াই আছে। তেওঁৰ অনুপস্থিতি আমি বাৰুকৈয়ে অনুভৱ কৰোঁ।
এই পডকাষ্টটো প্ৰস্তুত কৰি উলিওৱাৰ বাবে আমি হিমাংশু শইকীয়ালৈ ধন্যবাদ জনাইছো।
প্ৰচ্ছদত থকা মমতাৰ ফটো চিটিজেন ফৰ জাষ্টিচ এণ্ড পিচৰ ৱেবছাইটৰ পৰা লোৱা হৈছে, সংস্থাটোৰ তেওঁ এগৰাকী সদস্য আছিল। ফটোখন ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ বাবে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছো।
অনুবাদ: পংকজ দাস