মায়া থামিয়ে ৩০ কিলোগ্ৰাম ওজনৰ এটা চিলিণ্ডাৰ পিঠিত কঢ়িয়াই প্ৰায় ৩ কিলোমিটাৰ খোজ কাঢ়িছিল৷ সেই ওজনৰ সৈতে তেওঁ প্ৰায় ২০০টা খটখটি বগাইছিল আৰু চিলিণ্ডাৰটো দিনটোৰ প্ৰথমজন গ্ৰাহকক যোগান ধৰিছিল৷
ঘন-ঘনকৈ উশাহ লৈ ৩২ বৰ্ষীয়া মহিলাগৰাকীয়ে কয়, ‘‘এতিয়া মই সেইখন পাহাৰলৈ আৰু এটা চিলিণ্ডাৰ কঢ়িয়াই নিব লাগিব৷’’ ৮০ টকা হাজিৰা সংগ্ৰহ কৰি তেওঁ ততালিকে পৰৱৰ্তী চিলিণ্ডাৰটো যোগান ধৰিবলৈ আঁতৰি গ’ল৷ আগন্তুক ছমাহৰ বাবে তেওঁ এইদৰে এলপিজি চিলিণ্ডাৰ খোজকাঢ়ি কঢ়িয়াব লাগিব৷
‘‘গধূৰ ওজনৰ বাবে সাধাৰণতে পুৰুষকেই অগ্ৰাধিকাৰ দিয়া হয় আৰু মানুহে মহিলাৰ সৈতে দৰ-দাম অধিক কৰে’’, মায়াই এইদৰে কয়৷ এক নিৰ্দিষ্ট দূৰত্বৰ বাবে পুৰুষ কুলিয়ে ১০০ টকা উপাৰ্জন কৰাৰ বিপৰীতে সেই একে দূৰত্বৰ বাবে মহিলা এগৰাকীয়ে ৮০ টকাহে পায়৷
পশ্চিমবংগৰ এক ব্যস্ত চহৰ দাৰ্জিলিং পূব হিমালয়ত সমুদ্ৰপৃষ্ঠৰ পৰা ২,০৪২ মিটাৰ উচ্চতাত অৱস্থিত৷ পাহাৰীয়া ঠাইডোখৰত জনসাধাৰণে দৈনিক প্ৰয়োজনীয় সামগ্ৰী যেনে শাক-পাচলি, পানী, চিলিণ্ডাৰ আনকি ঘৰলৈ আচবাব কঢ়িয়াবলৈও কুলিৰ ওপৰত নিৰ্ভৰ কৰে৷ বাহনে ওখ ঠাইলৈ যাব নোৱাৰা হেতুকে চিলিণ্ডাৰ কঢ়িয়াবলৈ হয়তোবা নিজে আগবাঢ়িব লাগিব নতুবা গেছ এজেঞ্চীয়ে পঠিওৱা কুলিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব৷











