“কেৱল মোৰ পৰিয়ালে মোক আদৰি নল’লে। মাছমৰীয়াই অৱশ্যে আদৰিলে। নাৱৰ মালিকে মোক শুভংকৰ বুলিয়ে কয়,” মণীষাই কয়। ৰূপান্তৰিত মহিলা মাছ ব্যৱসায়ীগৰাকীয়ে হাঁহিমুখে আমাক কয়, “তেওঁলোকে মোক প্ৰত্যাখান নকৰিলে। মই কোন, সেয়া তেওঁলোকৰ বিচাৰ্য্য বিষয় নাছিল। মই মাছ বিক্ৰী কৰি যাওঁ, সেয়াই তেওঁলোকে বিচাৰিছিল।”
কড়ালুৰ অ’ল্ড টাউন হাৰ্বাৰত কাম কৰি থকা ৩০ গৰাকী মহিলা নিলামদাৰৰ মাজৰ ৩৭ বৰ্ষীয় মণীষাও এগৰাকী। “মোৰ মাত ডাঙৰ, সেয়ে মই ভাল দাম পাওঁ। বহুতেই মোৰ পৰা মাছ কিনি নিয়ে,” মাত ডাঙৰ কাৰণে গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে বুলি তেওঁ কয়।
লিংগ স্বীকৃতিৰ অস্ত্ৰোপচাৰৰ আগৰেপৰাই তেওঁ মাছৰ নিলামদাৰ আছিল আৰু আৰু শুকান মাছৰো ব্যৱসায় কৰি আহিছিল। এই জীৱিকাত তেওঁ নিতৌ মাছমৰীয়া আৰু নাৱৰ মালিকৰ সৈতে যোগাযোগ কৰি থাকিবলগীয়া হয়। “তেওঁলোকৰ মোক লৈ কোনো দ্বিধাবোধ নাই। আনতকৈ মই ভাল দামত মাছ বিক্ৰী কৰিব পাৰো।” নাৱৰ মালিকৰ নৈতিক সমৰ্থন অবিহনে তেওঁ ২০১২ত সেই অস্ত্ৰোপচাৰ কৰাব নোৱাৰিলেহেঁতেন। অস্ত্ৰোপচাৰত সমৰ্থন আগবঢ়োৱা আন এজন আছিল তেওঁৰ ঘনিষ্ঠ আৰু বিশ্বাসী বন্ধু। সেই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে তেওঁ স্থানীয় মন্দিৰত তেওঁৰ সৈতে বিয়াত বহে।
















