মৃতদেহক লৈয়ো ব্লেকমেইল কৰা হৈছিল শ্যামলাল কাশ্যপৰ পৰিয়ালক।
২০২৩ চনৰ মে’ মাহত আৰাকোটৰ নিৱাসী দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ২০ বৰ্ষীয় শ্যামলাল কাশ্যপে তেওঁৰ ২০ বছৰীয়া অন্তঃসত্বা পত্নী মাৰ্থাক অকলে এৰি আত্মহনন কৰিছিল।
‘সি আত্মহত্যা কৰিছিল। তাৰ মৃতদেহ ইয়াৰ পৰা ১৫ কিলোমিটাৰ দূৰৈত থকা হাস্পতাললৈ লৈ যোৱা হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চিকিত্সকে আন কোনো সম্ভাৱনাৰ কথা নুই কৰিছিল।” – এই মন্তব্য শ্যামলালৰ পত্নীৰ জ্যেষ্ঠ ভগ্নী সুকমিতি কাশ্যপ (৩০)ৰ। আৰাকোট গাঁৱৰ নৈপৰীয়া অঞ্চলত অৱস্থিত শেতা পোহৰে জয়াল কৰি ৰখা জুপুৰিটোৰ বাহিৰত ম্ৰিয়মান হৈ বহি ৰৈছিল সুকমিতি।
চৰকাৰী চিকিৎসালয়ৰ বাহিৰত শ্যামলালৰ দুজনমান আত্মীয়ই তেওঁৰ মৃতদেহটো গাঁৱৰ ঘৰলৈ লৈ যাবলৈ বুলি অপেক্ষা কৰিছিল। গাঁৱৰ ঘৰতে শোকত ব্যাকুল পৰিয়ালটোৱে ব্যৱস্থা কৰিছিল অন্ত্যেষ্টিক্ৰিয়াৰ। শ্যামলালৰ মৃত্যুত শোকস্তব্ধ আছিল পৰিয়ালটো।
সেই মুহূৰ্ততে স্থানীয় একাংশ লোকে পৰিয়ালটোক আহি জনাইছিল যে তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিলেহে গাঁৱত শেষ ৰীতি-নীতি সম্পন্ন কৰিবলৈ অনুমতি দিয়া হ’ব।
পৰিয়ালটোৰ মূলতঃ জীৱিকা আছিল দৈনিক মজুৰি আৰু ছত্তীশগড়ৰ বাস্তাৰ জিলাত থকা তিনি একৰ কৃষিভূমিত কৰা খেতি। সেই খেতি অৱশ্যে তেওঁলোকে নিজে খাবলৈকেহে কৰিছিল। পৰিয়ালটোৰ বাকী সমস্ত খৰছ নিৰ্ভৰ কৰিছিল শ্যামলালৰ হাড়ভগা পৰিশ্ৰমৰ ওপৰত। মাহে ৩ হাজাৰ টকা উপাৰ্জন কৰিছিল শ্যামলালে।
সুকমিতিয়ে ভাৱে- কম বয়সতে দৰিদ্ৰতাৰ বোজাই কোঙা কৰি পেলাইছিল নেকি শ্যামলালক? তেওঁ কয়, “মৃত্যুৰ সময়তো একো কৈ থৈ নগ’ল শ্যামলালে।“








