“পানী বাঢ়িলে আমাৰ বুকুৱে ধান বানিবলৈ আৰম্ভ কৰে,’’হৰেশ্বৰ দাসে কয়। অসমৰ বগৰীবাৰী গাঁৱৰ বাসিন্দা হৰেশ্বৰে আৰু কয় যে বাৰিষা কালত যেতিয়া ওচৰেৰে বৈ যোৱা পুঠিমাৰী নৈৰ ওফন্দি উঠা পানীয়ে তেওঁলোকৰ ঘৰ-দুৱাৰ আৰু খেতি-বাতি ধ্বংস কৰাৰ উপক্ৰম হয় তেতিয়া গাঁওখনে প্ৰতিটো মুহূৰ্ততে সতৰ্ক হৈ থাকিবলগীয়া হয়।
“বৰষুণ আহিলেই আমি কানি-কাপোৰ বান্ধি সাজু হৈ থাকো। যোৱাবাৰ বানে আমাৰ দুটাকৈ কেঁচা ঘৰ শেষ কৰি পেলাইছিল। তাৰ পিছত আকৌ নতুনকৈ ঘৰ সাজিবলগীয়া হৈছে,’’ পত্নী সাবিত্ৰী দাসে লগতে কয়।
নিৰদা দাসে কয়, “বানপানীৰ সময়ত পানী সোমাই টিভিটো বেয়া হ’ল। সেয়ে তাক বস্তাত ভৰাই চিলিঙত তুলি থৈছো।” আগৰ টিভিটো তেওঁ বানপানীৰ পৰা বচাবলৈ কোনো সুযোগেই নাপালে।
২০২৩ চনৰ ১৬ জুনৰ নিশা, ধাৰাসাৰে বৰষুণ দিছিল। যোৱা বছৰেই বাঢ়নী পানীয়ে ছিঙি পেলোৱা মথাউৰিটোৰ এটা অংশ মেৰামতিৰ বাবে গাঁওবাসীয়ে বালিৰ বস্তা ব্যৱহাৰ কৰিছিল। দুদিন ধৰি নেৰানেপেৰাকৈ বৰষুণ দি আছিল। মথাউৰিৰ আটাইতকৈ দুৰ্বল অংশটো পুনৰ ভাঙি যোৱাৰ আশংকাত বগৰীবাৰীৰ লগতে ইয়াৰ কাষৰীয়া গাঁওসমূহ ধেপাৰগাঁও, মাদৈকটা, নিজ কাউৰবাহা, খন্দিকৰ, বিহাপাৰা আৰু লাহপাৰাৰ বাসিন্দাসকলে পহৰা দি আছিল।
অৱশেষত চাৰিদিন পিছত বৰষুণ কমিবলৈ লোৱাত, পানীও কমি গ’ল।
“মথাউৰি ভাঙিলে এনে লাগে যেন পানীৰ বোমা এটাহে ফুটিছে। তাৰপিছত সকলো এফালৰ পৰা ঢাহি-মুহি লৈ যায়,’’ স্থানীয় শিক্ষক হৰেশ্বৰ দাসে কয়। ৮৫ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে কে বি দেউলকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়া বিষয় পঢ়ুৱাইছিল।
“পথাৰত পলস পেলোৱাৰ পৰিৱৰ্তে এতিয়া পথাৰবোৰ পানীয়ে বুৰাইহে পেলায়,” তেওঁৰ মতে ১৯৬৫ চনত নিৰ্মাণ কৰা মথাউৰিটোৱে আচলতে ভাল কৰাতকৈ অধিক ক্ষতিহে কৰিছে।




















