“ মেইনে কভি দো ব ’ ৰ্ড এক জেইছা নহী বনায়া (কেতিয়াও দুখন ব’ৰ্ড একে ধৰণৰ বনোৱা নাই),” আহমেদাবাদৰ ছাইন ব’ৰ্ড ৰং কৰা শ্বেইখ জালালুদ্দিন কামাৰুদ্দিনে কয়। কেঁচী নিৰ্মাণৰ বাবে জনাজাত ঘীকান্তা নামে ঠাইখনৰ আটাইবোৰ চাইন ব’ৰ্ড তেঁৱেই আঁকিছে। প্ৰায়ভাগ দোকানে একেই সামগ্ৰী বিক্ৰী কৰে যদিও জালালুদ্দিনে প্ৰতিখন দোকানৰ বাবে অঁকা ছাইন ব’ৰ্ডৰ নিজস্বতা আছে।
প্ৰবীণ চিত্ৰকৰজনৰ শিল্প আপুনি “বেৰ, দোকান আৰু শ্বাটাৰত দেখিবলৈ পাব,” আৰু চিনেমাৰ নেপথ্যতো দেখিব। ছাইন ব’ৰ্ডৰ চিত্ৰকৰে বিভিন্ন স্থানীয় ভাষাত লিখিব জানিব লাগিব। আহমেদাবাদৰ মানেক চ’কৰ অলংকাৰৰ দোকান এখনত চাৰিটা ভাষাত ছাইন ব’ৰ্ড এখন আছে - গুজৰাটী, হিন্দী, উৰ্দু আৰু ইংৰাজী - আধা দশক পিছতো সেইখন চলি আছে।
জালালুদ্দিনে কয় যে সেইখন পেইণ্টিং তেওঁৰ মনলৈ স্বাভাৱিকভাবেই আহিছিল। আহমেদাবাদত ৭১ বছৰ বয়সীয়া তেঁৱেই আটাইতকৈ পুৰণি চিত্ৰকৰ, মানুহে তেওঁক জেকে পেইণ্টাৰ বুলি জানে। ৫০ বছৰ আগতে যেনেকৈ কাম পাইছিল, আজিকালি তেনেকৈ নাপায় বুলি তেওঁ কয়।
প্ৰবীণ শিল্পীজনে ৭ম মানলৈকে পঢ়িছিল। তেওঁ পাঁচটা ভাষা গুজৰাটী, ইংৰাজী, হিন্দী, উৰ্দু আৰু আৰৱীত ছাইন ব’ৰ্ড লিখিব পাৰে। স্কুল এৰাৰ পিছত তেওঁ ৰছী বনোৱা, কিতাপ বন্ধা আৰু গেৰেজত মেকানিক হিচাপে কাম কৰিছিল। পিছলৈ তেওঁ দলঘৰৱাদ বজাৰৰ ৰহীমৰ দোকানত পেইণ্টিং শিকিবলৈ লয়।
বয়সে সত্তুৰৰ দেওনা পাৰ কৰিছে যদিও তেওঁ এতিয়াও ২০ কিল’গ্ৰাম ওজনৰ জখলাডাল কান্ধত লৈ ছাইন ব’ৰ্ড পেইণ্ট কৰিবলগীয়া ঠাইলৈ যাব পাৰে। অৱশ্যে তেওঁৰ বাইপাছ চাৰ্জাৰী হোৱাৰ পিছত ডাক্তৰে বেছি গধুৰ বস্তু দাঙিবলৈ মানা কৰিছে। সেয়ে তেওঁৰ অনছাইট কাম কমিছে, কেৱল দোকানত থাকিয়ে তেওঁ পেইণ্টিং কৰে। “বেছিসময় জখলা লৈ ফুৰিলে মোৰ আঠু বিষায়,” তেওঁ কয়। “কিন্তু যিমানদিন মোৰ হাত-ভৰিয়ে কাম কৰি থাকিব, তেতিয়ালৈ মই এই কাম কৰি যাম।”
তেওঁ অলপতে আহমেদাবাদৰ তীন দৰৱাজা অঞ্চলৰ চিনামাটীৰ বাচন-বৰ্তনৰ দোকান এখনৰ মালিক মুন্তাজিৰ পিছুৱালাৰ বাবে ছাইন ব’ৰ্ড এখন আঁকিছিল। ছাইন ব’ৰ্ডখনৰ বাবে তেওঁ ৩,২০০ টকা পাইছিল। পিছুৱালাই কয় যে সেয়া আছিল এক লগে-ভাগে কৰা কাম। “কি ৰং কৰিম, আদি সকলো আমি মিলি সিদ্ধান্ত লৈছিলো।”
জালালুদ্দিনৰ দোকানখন আছে পীৰ কুটুব মছজিদ চৌহদৰ সন্মুখৰ তেওঁৰ ঘৰৰ আগফালে। গৰমৰ দিনটোত তেওঁ দুপৰীয়াৰ আহাৰ খাই পিছফালে এঘুমটি মাৰি লৈ পুনৰ কামত ধৰিছে। পিন্ধনত ৰঙৰ দাগ লাগি থকা বগা কুৰ্তা। অ’ল্ড চিটিৰ হোটেল এখনৰ বাবে তেওঁ তাৰিফ কাৰ্ডৰ ব’ৰ্ড এখনৰ কাম কৰিবলৈ লৈছে। তেওঁ ৰছী আৰু ষ্টীলৰ চকী এখন ব্যৱহাৰ কৰে যাতে তেওঁ বহি থকা অৱস্থাতেই সহজেই হাতদুখন ইফালে-সিফালে নিব পাৰে।
তেওঁ নিজহাতে বনোৱা চিত্ৰপটখন সঠিক উচ্চতাত মিলাই লয় আৰু তাত উকা ব’ৰ্ডখন ৰাখে। তেওঁ ২৫ বছৰ আগতে বনোৱা উৱলি যোৱা ব’ৰ্ডখনৰ দৰে একেই শৈলীত নতুন এখন গ্ৰাহকজনে বনাবলৈ দিছে। পুৰণিখন তেওঁ অনুসৰণ কৰি যাব লাগিব।
“মই ৰঙৰ তিনিটা প্ৰলেপ দিও,” ইতিমধ্যে বগা ৰং দিয়া কাঠৰ ব’ৰ্ডখনৰ ওপৰত তেওঁ ৰং দিয়ে। এনেকৈ তিনিবাৰ ৰং দিলে, “বিলকুল ফিনিশ্চিং ৱালা কালাৰ আয়েগা (ব’ৰ্ডখনৰ ৰঙে এক পৰিপূৰ্ণ ৰূপ পায়),” প্ৰতিটো প্ৰলেপ শুকাবলৈ এদিন সময় লাগে।
প্ৰতিজন চিত্ৰকৰে বনোৱা ব’ৰ্ডবোৰৰ শৈলী মন কৰিবলগীয়া। “তেওঁলোকে ভাৰতীয় ভাষাচিত্ৰৰ অলংকাৰ আৰু স্তৰসমূহ প্ৰতিফলিত কৰে, যিবোৰ আমাৰ ভাস্কৰ্য্য, মন্দিৰ আৰু গ্ৰন্থ আদিত পোৱা যায়,” নেচনেল ইনষ্টিটিউট অৱ ডিজাইন (এন.আই.ডি.), আহমেদাবাদৰ গ্ৰাফিক ডিজাইনৰ অধ্যাপক তৰুণ দীপ গিৰধেৰে কয়।
জালালুদ্দিনে চাই চাই আখৰকেইটা লিখি আছে। “আখৰবোৰ কিমান ডাঙৰ বা সৰু হ’ব লাগিব, তাকে চাইছো,” তেওঁ কয়। “কোনো ড্ৰৱিং নবনাও, আঁচকেইডাল টানি কাম আৰম্ভ কৰোঁ।” নিপুণ শিল্পীগৰাকীয়ে পেঞ্চিলেৰে আখৰবোৰ লিখি নলয়, কিন্তু কাঠৰ মাৰিডালেৰে পোনকৈ ৰেখা টানি লয়।
ৰঙৰ বাকচটোৰ পৰা কেৰ্কেটুৱাৰ নোমেৰে বনোৱা তুলিকাডাল উলিয়াই তেওঁ গৌৰৱেৰে কয়, “মই নিজে মোৰ ৰঙৰ বাকচ বনাইছো।” জালালুদ্দিনে ৰং মিস্ত্ৰী হিচাপেও কাম কৰে আৰু ১৯৯৬তে এই বাকচটো বনাইছিল। তেওঁ বজাৰৰ নতুন প্লাষ্টিকৰ তুলিকাবোৰ ভাল নাপায়, তাতোকৈ তেওঁ নিজে বনোৱা ৰঙৰ বাকচটোৰ ভিতৰত থোৱা তেওঁৰ ৩০ বছৰ পুৰণি তুলিকাডালেই ব্যৱহাৰ কৰাটো পছন্দ কৰে।
দুডাল তুলিকা বাচি লৈ তেওঁ টাৰ্পেণ্টাইন তেলেৰে পৰিস্কাৰ কৰি লয়। তাৰপিছত ৰঙা ৰঙৰ কেন এটা খোলে। বটলটো ১৯ বছৰ পুৰণি। স্কুটাৰৰ ছাবিটোৰে তেওঁ টাৰ্পেণ্টাইন তেলখিনি সঠিক গাঢ়তালৈ মিহলায়। তাৰপিছত তেওঁ তুলিকাডালৰ আগটো চিধা কৰি লয়।
জালালুদ্দিনে কয় যে তেওঁৰ হাত এইটো বয়সতো নকঁপে, সেয়ে তেওঁ কৃতজ্ঞ। কামৰ সময়ত হাত নকঁপাটো অতিকৈ জৰুৰী। প্ৰথমটো আখৰ লিখোতে তেওঁক পাঁচ মিনিট লাগিল, কিন্তু আখৰটোৰ উচ্চতা সঠিক হোৱা নাই। এনেকৈ ভুল হ’লে তেওঁ সেয়া কেঁচা হৈ থাকোতেই মচি পেলায়। “ৰং অকণমানো বাহিৰলৈ ওলাই অহাটো পছন্দ নকৰোঁ,” তেওঁ কয়।
নিখুঁট কামৰ বাবেহে গ্ৰাহকে তেওঁক বিচাৰি আহে। তেওঁ হীৰাৰ আকৃতিৰ আখৰ লিখাত নিপুণ। এনে আখৰ ত্ৰিমাত্ৰিক আৰ্হিত লিখা হয়, হীৰাৰ দৰেই জিলিকি থকা ৰূপ দিব লাগে। এনে আখৰ লিখাটো কটিন কাম। তেওঁ কয় যে তাৰবাবে সঠিক মাত্ৰাৰ পোহৰ, ছাঁ আৰু সঠিক বৰ্ণগাঢ়তা ৰঙেৰে আনিবলগীয়া হয়।
ছাইন ব’ৰ্ডখন শেষ কৰিবলৈ তেওঁক আৰু এদিন লাগিব। দুদিনৰ কামৰ বাবে তেওঁ ৮০০ৰ পৰা ১,০০০ টকা পা। জালালুদ্দিনে প্ৰতি বৰ্গফুটত ১২০ৰ পৰা ১৫০ টকা লয়। কিন্তু তেওঁ মাহৰ হিচাপ নিদিয়ে। “হিচাব লিখিবলৈ গ’লে ঘাটিয়েই ওলাব, সদায় লোকচানতে থাকিম, সেয়ে কেতিয়াও হিচাপ লিখা নাই।”
জালালুদ্দিনৰ তিনি সন্তান। দুগৰাকী পুত্ৰ আৰু আনগৰাকী কন্যা। তেওঁৰ ডাঙৰজন ল’ৰাই ছাইন ব’ৰ্ড পেইণ্টিঙৰ কাম কৰিছিল যদিও এতিয়া সেই কাম এৰি দৰ্জীৰ দোকান এখনৰ কাম কৰে।
জালালুদ্দিনৰ সন্তানৰ দৰে বহুতেই এই পেছা এৰিছে। হাতে-অঁকা ব’ৰ্ডৰ চাহিদা নাই। “কম্পিউটাৰ নে হাত কাট দিয়া পেইণ্টাৰ কে (কম্পিউটাৰে শিল্পীৰ ঠাই ল’লে),” ৩৫ বছৰ আগতে ছাইনব’ৰ্ড আঁকিবলৈ আৰম্ভ কৰা আশিক হুছেইনে কয়। দ্বিতীয় প্ৰজন্মৰ চাইন ব’ৰ্ড পেইণ্টাৰ ধীৰুভাইয়ে কয় যে আহমেদাবাদত এতিয়া ৫০ খনমান হাতে-অঁকা ছাইনব’ৰ্ড আছে।
ফ্লেক্সত কৰা ডিজিটেল প্ৰিণ্ট এতিয়া সকলোতে উপলব্ধ আৰু কাতিৎহে কোনোবাই হাতে-অঁকা ছাইনব’ৰ্ড বিচাৰে। সেয়ে আশিকে পৰিয়াল পুহিবলৈ সেই কামৰ উপৰিও অটোৰিক্সা চলাবলৈ লৈছে।
গোপালভাই থক্কৰৰ দৰে ডিজিটেল প্ৰিণ্টিঙৰ দোকান থকা মালিকে এনে হাতে অঁকা ছাইনব’ৰ্ড বিচাৰি অহাটো শিল্পবিধৰ প্ৰতি একপ্ৰকাৰৰ অপ্ৰত্যাশিত স্বীকৃতি। কিয়নো তেওঁলোকে ডিজিটেল ছাইনব’ৰ্ড এখন সহজতে প্ৰিণ্ট কৰি ল’ব পাৰে। দাম বেচি যদিও এই ছাইনব’ৰ্ড তেওঁলোকে বিচাৰি আহে। “য়ে লাইফটাইম চলতা হ্য়ে, ৱহ নহী চলেগা (হাতেঅঁকা ছাইনব’ৰ্ড জীৱনটো চলিব, ডিজিটেলবোৰ নচলে।”
বহু চিত্ৰকৰে এতিয়া নতুন প্ৰযুক্তিক আদৰি লৈছে। অৰবিন্দভাই পাৰমাৰে গান্ধিনগৰৰ পৰা ১০ কিলোমিটাৰ দূৰৰ আদালাজত ছাইনব’ৰ্ড আঁকি আহিছে। সাতবছৰ আগতে তেওঁ এটা প্লেক্সি কাটাৰ মেচিন আনিলে, এতিয়া তাতে ষ্টিকাৰ প্ৰিণ্ট কৰে। মেচিনটোত তেওঁৰ ২৫,০০০ টকা পৰিছিল আৰু কম্পিউটাৰটোত ২০,০০০ টকা। কম্পউটাৰৰ ব্যৱহাৰ তেওঁ বন্ধুবৰ্গৰ পৰা শিকি লৈছিল
মেচিনটোৱে ষ্টিকাৰ আৰু আখৰ ৰেডিয়াম পেপাৰত কাটে, পিছত সেয়া ধাতুত লগোৱা হয়। কিন্তু অৰবিন্দভাইয়ে কয় যে তেওঁ হাতেৰে অঁকাটোৱে পছন্দ কৰে, কিয়নো কম্পিউটাৰ কিম্বা মেচিন বাৰে বাৰে বেয়া হয় আৰু মেৰামতি কৰি থাকিব লাগে।
বালি মহম্মদ মীৰ কুৰেছি ৪১ বৰ্ষীয় এগৰাকী ছাইনব’ৰ্ড চিত্ৰকৰ। তেওঁ আজিকালি ডিজিটেল ছাইনব’ৰ্ডৰো কাম কৰে। তেওঁ মাজে-সময়ে ছাইনব’ৰ্ড অঁকা কাম পায়।
আন বহুতো চিত্ৰকৰৰ দৰে বালিৰো শিক্ষক আছিল হুছেইনভাই হাদা। কিন্তু হুছেইনভাইয়ে কয় যে তেওঁৰ নিজ সন্তানেই সেই কাম নিশিকিলে। তেওঁৰ পুত্ৰ হানিফ আৰু নাতি হাজিৰ আৰু আমিৰে গান্ধীনগৰৰ ছেক্টৰ ১৭-ত ষ্টিকাৰ, ছাইনব’ৰ্ড আৰু ফ্লেক্স ডিজাইন আৰু প্ৰিণ্টিঙৰ ব্যৱসায় চলায়।
“ ঔৰ লৌগৌ কৌ কৰনা চাহিয়ে (ছাইনব’ৰ্ড অঁকা কামত আৰু মানুহ জৰিত হ’ব লাগে),” হুছেইনভাইয়ে কয়।
অনুবাদ: পংকজ দাস