অনুবাদ: ৰুবী বৰুৱা দাস
T


Mumbai, Maharashtra
|WED, MAY 22, 2024
মুম্বাইখন কেনেকৈ নিৰ্মাণ কৰিছিল মেহবুবনগৰৰ প্ৰব্ৰজিত শ্ৰমিকে
খেতি-খোলাৰ বাবে পাতলীয়া সময়ত, ভাৰতৰ সবাতোকৈ দুখীয়া জিলা এখনৰ পৰা শ্ৰমিকে আহি নগৰখনৰ নিৰ্মাণ ক্ষেত্ৰবোৰত কাম কৰে কোনো জমানত অবিহনেই
Author
Translator

Sapana Jaiswal
বাৰিষা আৰু খেতিৰ দিনত, মেহবুবনগৰৰ মানুহবোৰে তেওঁলোকৰ ঘৰুৱা জিলাখনৰ ভিতৰতে বা ওচৰে-পাজৰে কৃষি শ্ৰমিক হিচাপে কাম কৰে। কিন্তু খেতিৰ বতৰ শেষ হ’লে, বা যেতিয়া খেতি ভালকৈ নহয়, তেতিয়া নিৰ্মাণ ক্ষেত্ৰবোৰত কাম বিচাৰি তেওঁলোকে নগৰখনলৈ প্ৰব্ৰজন কৰে

Sapana Jaiswal
তেওঁলোকে নিজৰ ঘৰ আৰু গাওঁ এৰি নতুন অচিনাকী চহৰ এখনলৈ আহে

Sapana Jaiswal
নিৰ্মাণৰ কাম শেষ নোহোৱালৈকে নগণ্য সুবিধাৰে টিন আৰু প্লাষ্টিকেৰে সজা বাটৰ কাষৰ জুপুৰীবোৰ মুম্বাইত তেওঁলোকৰ অস্থায়ী ঘৰ হৈ পৰে

Sapana Jaiswal
সিহঁতে কৰা কামবোৰৰ ভিতৰত আছে গাঁত খন্দা, ড্ৰিল কৰা, আৱৰ্জনা আঁতৰোৱা আৰু ৩০ ফুট পৰ্যন্ত মাটিৰ তললৈ নামি গৈ গাঁত পৰিষ্কাৰ কৰা। সেই সকলোবোৰ কাম কোনো বীমা বা দূৰ্ঘটনা বীমা নথকাকৈয়ে কৰা হয়

Sapana Jaiswal
শ্ৰমিকসকলে এই কামবোৰ দৈনিক ৩০০ টকা বা তাতোকৈ কম টকাৰ বাবে কৰে। তেলেগু ভাষাত কথা কোৱা এজন মুকাদম বা ছুপাৰভাইজাৰে তেওঁলোকক হাজিৰাখিনি দিয়ে আৰু চহৰখনৰ নিৰ্মাণ ক্ষেত্ৰসমূহত তেওঁলোকৰ বাবে কাম বিচাৰি দিয়াত মধ্যভোগী হিচাপে কাম কৰে

Sapana Jaiswal
এই ক্ষেত্ৰসমূহত কষ্টসাধ্য শ্ৰম কৰি থকা মাইকী মানুহখিনিয়ে কৰ্মক্ষেত্ৰত সঘনাই সন্মুখীন হোৱা যৌন নিৰ্যাতনৰ কথা কয়

Sapana Jaiswal
মাইকী মানুহখিনি কণ কণ শিশুহঁতক ঘৰত অকলে এৰি থৈ আহিব নোৱাৰে বাবে সিহঁতক লগত লৈ আহিবলৈ বাধ্য। বিপদসংকূল চিমেন্টৰ বস্তা আৰু লোহাৰ দ’ম শিশুহঁতৰ খেল পথাৰ। মাজে-সময়ে কামৰ ঠাইত বা ফ্লাই অ’ভাৰবোৰৰ তলত গাড়ী থোৱা ঠাইত বাটৰ কুকুৰ এটা বা দুটা সিহঁতৰ খেলৰ লগ হয়। ধূলি-মাকতিৰ মাজত খেলি ভাগৰি পৰিলে ৰাস্তাৰ কাষতেই সিহঁত শুই পৰে

Sapana Jaiswal
অস্থায়ী বাসস্থানবোৰত শ্ৰমিকসকলক খাবলৈ পৰিষ্কাৰ পানী, শৌচাগাৰ বা বিজুলীৰ সুবিধা দিয়া নহয়

Sapana Jaiswal
তথাপি, তেওঁলোকে যিখিনি পইছা উপাৰ্জন কৰিব সেয়া ঘৰত থকাতকৈ বেছি হ’ব, সেয়ে ই তেওঁলোকক চহৰখনলৈ হাত বাউল দিয়ে
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/how-mahabubnagars-migrants-build-mumbai-as

