২০২২ত কিনা ৰঙা ৰঙৰ ট্ৰেক্টৰ এখনৰ মালিক গণেশ চিণ্ডে। মহাৰাষ্ট্ৰৰ পাৰভানি জিলাৰ খালি গাঁৱৰ কপাহ খেতিয়ক চিণ্ডেয়ে নিজৰ দুই একৰ মাটিত খেতি কৰে। কিন্তু যোৱা কেইটামান বছৰত কপাহৰ দাম কমি অহাত চিণ্ডেয়ে উপাৰ্জনৰ অতিৰিক্ত বাটৰ সন্ধান কৰিবলগীয়া হৈছে। তেনেকৈয়ে তেওঁ ৰাজহুৱা খণ্ডৰ বেংকৰ পৰা ৮ লাখ টকা ঋণ লৈ ট্ৰেক্টৰ এখন কিনিবলগীয়া হৈছিল।
“মই মোৰ ট্ৰেক্টৰখন ঘৰৰ পৰা ১০ কিলোমিটাৰ দূৰৰ গংগাখেড় চহৰলৈ লৈ যাও আৰু তাৰে জংছনটোত অপেক্ষা কৰোঁ,” ৪৪ বৰ্ষীয় খেতিয়কজনে কয়। “মানুহে কাষৰে কনষ্ট্ৰাকচন ছাইটলৈ বালি-শিল আদি কঢ়িয়াই নিবলগীয়া থাকিলে মোৰ সহায় লয়। তেনেকৈ মই দিনটোত ৫০০ৰ পৰা ৮০০ টকা উপাৰ্জন কৰোঁ।” গংগাখেড়লৈ ৰাতিপুৱা ওলাই যোৱাৰ আগতে কেইঘণ্টামান সময় তেওঁ নিজৰ খেতিৰ কামত লাগে।
তেওঁ ২০২৫ৰ বাজেটখনৰ ওপৰত বহুদিনৰ পৰা চকু ৰাখিছে। এনেকুৱা নহয় যে বাজেটখনক লৈ তেওঁৰ বিশেষ কিবা আশা আছে, কিন্তু ট্ৰেক্টৰখন কোনোবাই ভাৰাত নিয়াৰ বাবে অপেক্ষা কৰি থকা সময়খিনিত একো কৰিবলগীয়া নাথাকে। “মনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতি আইন, ২০০৫)ৰ অধীনৰ কাম একেই আছে,” তেওঁ কয়। খালিৰ পূৰ্বৰ সৰপঞ্চ চিণ্ডেয়ে কয় যে মনৰেগাই তৃণমূল পৰ্য্যায়ত তেনেই সামান্য পৰিৱৰ্তন আনিব পাৰিছে। “আঁচনিত ধন নিয়োগ সৃষ্টিত কদাচিতহে ব্যৱহাৰ কৰা হৈছে। কাগজৰ খেলহে চলিছে।”



