কিৰণে ঘৰ সৰা-মচাৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া আটাইখিনি ঘৰুৱা কাম-বন কৰে। খৰিও সংগ্ৰহ কৰে আৰু বৰ কষ্টৰে বোজা বাই ঘৰলৈ আনে, বাৰিষাৰ দিনত দূৰত্ব আৰু বাঢ়ে
বয়স তাইৰ মাত্ৰ ১১ বছৰ, অথচ উপায়হীন। তাইৰ মাক-দেউতাক বছৰি কামৰ সন্ধানত ওলাই যায় আৰু বাঁচৱাৰা জিলাৰ গাওঁখনত (নাম উহ্য ৰখা হৈছে) তাইৰ ঘৰত আন কোনো নাথাকে। তাইৰ ১৮ বছৰ বয়সীয়া ভায়েক বিকাশ (নাম সলনি কৰা হৈছে) আশে-পাশে নথকা নহয়, কিন্তু তেঁৱো যিকোনো সময়তে কামৰ বাবে প্ৰব্ৰজন কৰিবলগীয়া হ’ব পাৰে। তেওঁলোকৰ আন তিনিজন ৩ৰ পৰা ১৪ বছৰীয়া ভাই-ভনী মাক-দেউতাকহঁতৰ লগত গুজৰাটৰ বদোদৰাৰ নিৰ্মাণ ছাইটতে থাকে। সিহঁতকেইটাৰো স্কুল খতি হৈছে, কিন্তু কিৰণে স্কুললৈ যাব পাইছে বাৰু।
“মই পুৱাৰ ভাগত অলপ আহাৰ ৰান্ধো,” এইজন প্ৰতিবেদকক দিনটোত তাই কি কি কৰে, কিৰণে কৈ গৈছে। পাকঘৰ মানে এটা কোঠাৰ জুপুৰীটোৰ আধাখিনি, সুৰ্য্য ডুবিলে চালত ওলমাই থোৱা ফ্লেশ্বলাইটোৰ পোহৰেই একমাত্ৰ পোহৰৰ উৎস।
এটা চুকত মাটিৰ চৌকা এটা আছে, অতিৰিক্ত অলপ খৰি আৰু তেলৰ পুৰণি কেন এটা কাষতে থোৱা আছে। পাচলি, মচলা-পাতি আৰু আন ইটো-সিটো সামগ্ৰী পলিথিনৰ বেগত থোৱা আছে। সেইবোৰ মজিয়াতে থোৱা আছে, দুই-এটা বেৰত হাতে ঢুকি পোৱাতে ওলমাই থোৱা আছে। “স্কুলৰ পৰা আহি মই ৰাতিৰ আহাৰো ৰান্ধো। ফিৰমুৰ্গি কৌ দেখনা (তাৰপিছত কুকুৰাকেইটা চাও), তাৰপিছত শুবলৈ যাও,” কিৰণে কয়।
তাই লাজ লাজকৈ কোৱা দিনটোৰ কৰ্মসূচীখনত বহু কামেই ক’বলৈ ৰৈ গৈছে। এই ধৰক কাষতে থকা খৰি সংগ্ৰহ কৰিবলৈ পাহাৰৰ দাঁতিলৈ যোৱা, যাক স্থানীয় লোকে বিজলিয়া বা ডাৱৰা খৰা বুলি কয়। হাবিলৈ যাওতে এঘণ্টামান সময়, খৰি কাটি, সংগ্ৰহ কৰি সেয়া বোজা কৰি লোৱা, তাৰপিছত লেহুকা দেহাৰে তাই নিজতকৈ বেছি ওজনৰ খৰিৰ বোজাটো দাঙি ঘৰলৈ লৈ আহোতে আৰু এঘণ্টা – এইখিনি কথা তাইৰ ক’বলৈ ৰৈ গৈছে।












