কাঠপুতলি কলনিৰ প্ৰতিজন বাসিন্দাই প্ৰতিদিনেই এই সমস্যাবোৰৰ লগত সহবাস কৰিব লগা হয় ৷ এই বিষয়ে দিপালীয়ে খুব ভালদৰেই জানে যদিও সিহঁতৰ পুৰণি ঘৰবোৰ ভাঙি ইয়াত নতুন এপাৰ্টমেণ্ট আৰু শ্বপিং মল নিৰ্মাণ হোৱাটো তাই বিচৰা নাই ৷ কাৰণ সেয়া হ’লে কলনিটোৰ মানুহখিনিৰ মাজত এতিয়াৰ দৰে আত্মীয়তা নাথাকিবও পাৰে। মানুহক আকৰ্ষণ কৰাৰ উদ্দেশ্য এই এপাৰ্টমেণ্টবোৰৰ কিছুমান অতি বিলাসিকভাবে নিৰ্মাণ কৰা হ’ব ৷ আৰু তেতিয়া ধনী মানুহবোৰে সেইবোৰ কিনিবলৈ হেতা-ওপৰা লগাব ৷ তাই অতি তিক্ততাৰে প্ৰকাশ কৰিলে, “তেতিয়া আমাক একাষৰীয়া কৰি লুকুৱাই থ’বৰ চেষ্টা কৰিব। কাৰণ আমাৰ দৰিদ্ৰতা আৰু মলিনতাবোৰ কোনোপধ্যেই তেওঁলোকৰ কাৰণে গ্ৰহণযোগ্য নহ’ব।”
ককাদেউতাক পুৰাণ ভাটৰ কীৰ্তি আৰু যশস্যাক লৈ তাই বহুত বেছি গৌৰৱান্বিত ৷ দিপালীৰ মন এগৰাকী সফল ফেশ্বন ডিজাইনাৰ হোৱাৰ ৷ কিন্তু সেয়া বাস্তৱত ৰূপায়িত হ’ব নে নহ’ব তাই নিশ্চিত নহয় ৷ তাই আমাক সৰু মাতেৰে ক’লে, ”ঘৰৰ মানুহে মোক বিয়া হোৱাৰ কথা ক’ব ৷” কাৰণ তাইৰ লগৰ প্ৰায়বোৰ ছোৱালীৰে ইতিমধ্যে বিয়া হৈয়ে গ’ল ৷ তথাপি আশাত বন্দী দিপালীয়ে ক’লে, “স্বাধীনভাবে জীয়াই থাকিবলৈ আমাৰ ঘৰৰ মানুহখিনিয়ে মোক বহুত উৎসাহিত কৰি আহিছে সদায় ৷ তেওঁলোকে বিচাৰে যাতে ভালদৰে পঢ়া- শুনা কৰি মই স্বাৱলম্বী হ’ব পাৰো ৷”
এইবাৰ দিপালীয়ে মনৰ আনন্দত গাঁৱৰ বিয়া এখনৰ বিষয়ে আমাক ক’লে ৷ গাওঁখন হ’ল আকৌ তাইৰ মাকৰ জন্মভূমি আৰু সেইখন গাঁৱলৈ দিপালী প্ৰায় গৈয়ে থাকে ফুৰিবলৈ ৷ তাই বৰ ধুনীয়াকৈ বিয়াখনৰ বৰ্ণনা দিছে ৷ মাজতে এবাৰ ক’লে, “গাঁৱলীয়া বিয়াবোৰ কিন্তু সঁচাকৈ চাবলগীয়া দেই ৷ গাঁৱৰ মানুহবোৰে কেনে সুন্দৰ কাপোৰ পিন্ধি, নাচি-বাগি ফূৰ্তি কৰে নহয়। তোমালোক যদি কেতিয়াবা আহা তালৈ বহুত ভাল পাবা ৷” আমাক তালৈ লৈ যোৱাত দিপালীয়ে ইমান জোৰ দিলে যে আমি আপত্তি কৰাৰ থল বিচাৰি নাপালো।
নিজৰ প্ৰসিদ্ধ শিল্পকলাৰ বাবেই কাঠপুতলি কলনিত বাস কৰা এই মানুহখিনি বিখ্যাত ৷ কাৰণ বাকীবোৰ শিল্পী, যেনে- দৰ্জী, কাঠমিস্ত্ৰী, বাচন-বৰ্তন নিৰ্মাতাসকলতকৈ তেওঁলোকৰ কলাৰ সমাদৰ বহু বেছি ৷ পুতলা-নাচৰ উপৰিও কাঠপুতলি বস্তিটোৰ বাসিন্দাসকলে সংগীত, যাদু, নৃত্য-কলাৰ নিচিনা পৰিবেশন কলাসমূহৰ ওপৰত বহুত বেছি পৰিমাণে গুৰুত্ব দিয়ে কাৰণে তেওঁলোক এইবোৰতো যথেষ্ট পাকৈত হৈ উঠিছে ৷ তেওঁলোকৰ জীৱিকা আৰ্জনৰ মূল সমলেই হ’ল এই শিল্পকলাসমূহৰ প্ৰদৰ্শন ৷
মহম্মদ মাজিদ নামৰ যাদুকৰজনে বিভিন্ন ঠাইত যাদুৰ প্ৰদৰ্শন কৰিয়েই পেটৰ ভাতমুঠি যোগাৰ কৰিবলৈ সক্ষম হৈছে ৷ মাজিদে যাদুৰ অনুশীলন কৰা ঘৰটো কেবামহলা ওপৰত, তাকো তাত মাত্ৰ এটাহে কোঠালী আছে ৷ ইয়াৰ উপৰিও তালৈ উঠি যাব লগা চিৰিখিনিৰ অৱস্থা একেবাৰে বেয়া। মানুহক নিজৰ যাদুৰ জৰিয়তে মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ মাজিদৰ কিতাপ-পত্ৰ, ৰচী, বাল্টিং, মগ আদিৰ নিচিনা বহু সা-সৰঞ্জাম আছে ৷ জীৱনৰ অধিকতম সময় কাঠপুতলি কলনিত কটোৱা মাজিদৰ ঘৰ ৰাজস্থানৰ আলৱাৰ জিলাত ৷ নিজৰ জীৱিকাটোৰ ইতিহাস সম্পৰ্কে তেওঁ কয়, “আলৱাৰৰ যাদুকৰবিলাকে প্ৰথম অৱস্থাত কাম বিচাৰি যাযাবৰৰ দৰে অনাই-বনাই ঘূৰি ফুৰিছিল ৷ গাওঁবোৰত যাদু প্ৰদৰ্শন কৰিয়েই আমি আটাইতকৈ বেছি সমাদৃত হৈছিলো, কিন্তু ধন ঘটাৰ পৰিসৰ অতি সামান্য আছিল ৷ এতিয়া পিছে চহৰত বহুত পইচা আৰ্জন কৰাৰ স্থল আছে ৷ আমি আমাৰ যাদু হোটেলত, জন্মদিনৰ পাৰ্টিবোৰত আৰু অন্য বেলেগ বেলেগ অনুষ্ঠানত প্ৰদৰ্শন কৰোঁ ৷”
১৯ বৰ্ষীয় ৰাজেশ ভাট নামৰ ’শিল্পী ব্যৱস্থাপনা কৰা’ ব্যৱসায়টোৰ লগত জড়িত এজন উদ্যোগী যুৱকে আমাৰ আগত দাবী দি কৈছে যে মাজিদে ৩০ মিনিটৰ এটা যাদু প্ৰদৰ্শন কৰি ৩০০০ টকা উপাৰ্জন কৰে ৷
কিন্তু ১৯ বছৰীয়া উদীয়মান যুৱ ’শিল্পী ব্যৱস্থাপক’ ৰাজেশৰ প্ৰতিদ্বন্দ্বী মুন্নী তেওঁতকৈ বয়সত বহু সৰু ৷ ২ বছৰীয়া মুন্নীৰ প্ৰতিভা দেখিলে সকলো আচৰিত হৈ যাব । তাইতকৈ বয়সত বহুত ডাঙৰ ডাঙৰ ল’ৰা-ছোৱালীবোৰে গঠন কৰা ৰাজস্থানৰ স্থানীয় লোকগীতৰ শিল্পীৰ দল এটাত যোগদান কৰি সংগীতৰ তালে তালে যি সুন্দৰ তালি বজাই নহয়। এই গীতবোৰ শুনিবলৈ আৰু মধূৰ হয় যেতিয়া তাত এটা হাৰমনিয়াম, তবলা আৰু এটা ইলেকট্ৰিক গীটাৰৰ সংগীতৰ মূৰ্ছনা চলে ৷ এই গীতবোৰৰ কলিবোৰ সকলোৰে পৰিচিত - ‘পধাৰো মাৰে দেশ’ আৰু ’আ..ৰা..ৰা..ৰা’ ৷ এইবোৰ গীতৰ সুৰ কিমান পুৰণি ৰাজেশে ভালদৰে গম নাপায় পিছে ৷ তেওঁ ক’লে, “এই গানবোৰ আমাৰ ককাদেউতাহঁতৰ শৈশৱ কাল বা তাৰো আগৰে পৰাই চলি আহিছে আৰু এইবোৰৰ প্ৰচলন বোধহয় এই গাওঁবোৰতেই হৈছিল প্ৰথমতে ৷”
এই পৰিয়ালসমূহৰ বেছিভাগেই তিনিটামান দশক পূৰ্বেই কাঠপুতলি কলনিলৈ প্ৰব্ৰজিত হৈ অহা ৷ নতুন প্ৰজন্মৰ সৰহ সংখ্যকৰ জন্ম এইখন চহৰতেই যদিও তেওঁলোকৰ দৈনন্দিক জীৱন- শৈলীত গাঁৱলীয়া আৰু নগৰীয়া দুয়োটাৰে প্ৰভাৱ পৰা দেখা যায় ৷ তেওঁলোকৰ ৰন্ধন- প্ৰণালী, বিয়া-সবাহৰ নীতি-নিয়ম, বিভিন্ন শিল্প-কলাসমূহ, কাপোৰ-কানি বা গাঁৱৰ মানুহৰ লগত থকা সু-সম্পৰ্ক আদিবোৰলৈ ভালদৰে মন কৰিলে এই কথা গম পোৱা যায় ৷ কিন্তু তেওঁলোকৰ চিন্তা-ধাৰা বা আকাংক্ষাসমূহত চহৰৰ প্ৰভাৱৰ প্ৰতিফলন হোৱা দেখা যায়।
দিল্লী চৰকাৰৰ কাঠপুতলি কলনিৰ পুৰণি ঘৰবোৰ ভাঙি নগৰীকৰণ কৰাৰ উদ্দেশ্যে বিলাসী ফ্লেট নিৰ্মাণ কৰিবলৈ লোৱা এই পদক্ষেপে সেই কলনিৰ পুৰণি বাসিন্দাসকলৰ মাজত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে ৷ কাৰণ তেওঁলোকে কোনোপধ্যেই এই কথাতো সহজভাবে গ্ৰহণ কৰিব পৰা নাই ।
অনুবাদ: ডেইটী