"কুডালু ! কুডালু ! পাত্ৰে কুডালু [চুলি ! চুলি ! চুলিৰ সলনি বাচন !]"
বেংগালুৰুৰ মাট্টিকেৰেৰ ৰাজপথত সাকে সৰস্বতীৰ কণ্ঠৰ উচ্চধ্বনি অণুৰণন হয়। ঘৰে ঘৰে গৈ এলুমিনিয়ামৰ বাচনৰ বিনিময়ত তেওঁ মানুহৰ চুলি সংগ্ৰহ কৰে। সেই বাচনবোৰৰ ভিতৰত সৰু সৰু পানীৰ পাত্ৰ, কেৰাহী, হেতা, ডাঙৰ চালনীকে ধৰি আন বহুতো বাচন থাকে।
"মই এইটো মোৰ নবৌ শিৱাম্মাৰ পৰা শিকিছিলো। তেওঁৱেই মোক জোঁৰেৰে চিঞৰিবলৈ শিকাইছিল যাতে অধিক সংখ্যক গ্ৰাহকক আকৰ্ষিত কৰিব পাৰো," বেংগালুৰুৰ ২৩ বৰ্ষীয় ব্যৱসায়ীগৰাকীয়ে এইদৰে কয়।
পৰিয়ালটোত এই কাম কৰা তৃতীয় প্ৰজন্মৰ সৰস্বতীয়ে কয়, "মোৰ মা গংগাম্মাই তেওঁৰ ছোৱালী কালৰে পৰা এই কাম কৰি আহিছে। কিন্তু পিঠি আৰু আঁঠুত তীব্ৰ বিষে ধৰাত তেওঁ আগৰ দৰে কাম কৰিব নোৱাৰা হৈছে।"
এই পৰিয়ালটো কোৰাছা সম্প্ৰদায়ৰ যাক অন্ধ্ৰ প্ৰদেশৰ অন্যান্য পিছপৰা শ্ৰেণী (অ'বিচি) হিচাপে তালিকাভুক্ত কৰা হৈছে। ৮০ বছৰীয়া পুলান্নাই এতিয়া শুকান খেজুৰ পাতৰ পৰা ঝাড়ু তৈয়াৰ কৰে আৰু সেইবোৰ ২০-ৰ পৰা ৫০ টকাত বিক্ৰী কৰে।










