আৰাট্টোণ্ডি গাঁৱৰ ঠেক আলিয়েদি এক মিঠা, বাদামী, নিচাযুক্ত সুবাস বিয়পি পৰিছে৷
প্ৰতিটো ঘৰৰ সন্মুখৰ চোতালৰ বোকাময় মজিয়াত এখন বাঁহৰ কঠত আকৰ্ষণীয় হালধীয়া, সেউজীয়া আৰু মুগা মহুৱা ফুল শুকাবলৈ দিয়া হৈছে। সতেজ, এইমাত্ৰ চিঙি অনা হালধীয়া আৰু সেউজীয়া ফুলবোৰ ৰ’দত শুকাই কঠিন, মুগা বৰণৰ হৈ পৰিছে৷
নিৰ্বাচন সমাগত। তাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ গন্দিয়াত এতিয়া মহুৱা ফুলৰ বতৰ৷
‘‘এপ্ৰিলত মহুৱা আৰু মে’ত তেন্দুপাত’’, সাৰ্থিকা কৈলাশ আদেয়ে কয়৷ ‘‘আমাৰ ইয়াত এয়াই পায়৷’’ প্ৰতিদিনে মানা আৰু গন্দ জনজাতিৰ আন লোকসকলৰ সৈতে এই ৩৫ বৰ্ষীয় লোকজনে নিকটৱৰ্তী অৰণ্যত ৪-৫ ঘণ্টা সময় মহুৱা ফুল সংগ্ৰহ কৰে৷ দুপৰীয়ালৈ অঞ্চলটোৰ পাৰাস্তম্ভ ৪১ ডিগ্ৰী চেলছিয়াচ স্পৰ্শ কৰে৷
প্ৰত্যেকডাল মহুৱা গছে গড়ে ৪-৬ কিলোগ্ৰামকৈ ফুল দিয়ে৷ আৰাট্টোণ্ডি গাঁৱৰ লোকসকলে (স্থানীয়সকলে আৰাকটোণ্ডি বুলিও কয়) বাঁহৰ পাচি বা প্লাষ্টিকৰ মোনাত এই ফুল সংগ্ৰহ কৰি শুকাবলৈ দিয়ে৷ এক কিলো শুকান মহুৱাৰ পৰা ৩৫-৪০ টকাকৈ উপাৰ্জন হয় আৰু প্ৰতিজন ব্যক্তিয়ে প্ৰতিদিনে গড়ে ৫-৭ কিলোকৈ এই ফুল সংগ্ৰহ কৰে৷
















