বৌদ্ধ ধৰ্মালম্বী মনপা লোক অধ্যুষিত ভিতৰুৱা গাওঁ মালিয়ামাৰ এই আবেলিটোত নীৰৱতাই বিৰাজ কৰিব পাৰিলেহেঁতেন। কিন্তু হঠাৎ মিছিল এটা চলিবলৈ ধৰিলে। অক্টোবৰ মাহ যদিও সিদিনা কোনো উৎসৱ-পাৰ্বন চলি থকা নাছিল। আচলতে মিছিলটো আছিল কণ কণ দহটা মনপা জনগোষ্ঠীৰ ল’ৰা-ছোৱালীৰ - বয়স ২ৰ পৰা ১১ বছৰ। দুৰ্গা পূজাৰ বন্ধৰ বাবে সিহঁত আটাইবোৰ ঘৰতে আছিল। চলিছিল সিহঁতৰ হাঁহি-খিকিন্দালি ভৰা এটা কাৰবাৰ।
আনদিনা স্কুলৰ ঘণ্টা বাজিলেহে তেওঁলোকৰ খেলাৰ সময় আহি পৰিছিল। একেবাৰে ওচৰত বুলিবলৈ দুখন ব্যক্তিগত খণ্ডৰ স্কুল আছে আৰু এখন চৰকাৰী স্কুল। তিনিওখনেই ডিৰাঙৰ পৰা ৭ৰ পৰা ১০ কিলোমিটাৰ দূৰত। ইয়াৰে ল’ৰা-ছোৱালীয়ে সেই স্কুলকেইখনলৈ নিতৌ খোজকাঢ়িয়ে যায়। স্কুলকেইখন এতিয়া প্ৰায় দহদিনৰ বাবে বন্ধ। কিন্তু এই বন্ধৰ সময়খিনিত দিনটোৰ কোনটো সময়ত খেলিবলৈ ওলাই আহিব লাগিব, সেয়া তেওঁলোকে জানে। সময় দুপৰীয়া দুই বাজিছে। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছৰ সময়খিনিত ইণ্টাৰনেটৰ একেবাৰে দুৰ্বল সংযোগ থকা সাগৰপৃষ্ঠৰ ১৮০০ মিটাৰ ওপৰৰ এই চুবুৰীটোত ফোনবোৰ একো কামৰ হৈ নাথাকিব, তেতিয়া উপায়ন্তৰ হৈ তেওঁলোকে ফোনবোৰ মাক-দেউতাকত গতাই দিব লাগিব। এইখিনি সময়েই তেওঁলোকৰ বাবে ৰাস্তাত গোট খোৱাৰ সময়, ইটোৰ পিছত সিটো ৰাউণ্ড মানখা লাইদা (আখৰোটৰ খেল) খেলাৰ সময়।
চুবুৰীটোৰ কাষৰে হাবিত আখৰোট প্ৰচুৰ পৰিমাণে উৎপাদিত হয়। অৰুণাচল প্ৰদেশ আখৰোট উৎপাদনৰ ফালৰ পৰা দেশৰ ভিতৰতে চতুৰ্থ স্থানত আছে। পশ্চিম কামেং জিলাৰ আখৰোটৰ গুণগত মান বহুত ভাল বুলি জনা যায়। কিন্তু এইখন গাঁৱত কোনোৱে আখৰোটৰ খেতি নকৰে। ল’ৰা-ছোৱালীহঁতে আখৰোট আনিছে হাবিৰ পৰা। মালিয়ামাত ১৭ৰ পৰা ২০ টা মনপা পৰিয়াল আছে। তেওঁলোক পাৰম্পৰিকভাৱে তিব্বতীয় পশুপালক জনগোষ্ঠীৰ লোক। গাওঁখনৰ প্ৰায়ভাগে ৰন্ধা-বঢ়াৰ বাবে হাবিৰ পৰা খৰি সংগ্ৰহ কৰে। “গাওঁপৰীয়া লোকে দল বান্ধি প্ৰতি সপ্তাহত হাবিলৈ যায় আৰু কাঠফুলা, বাদামজাতীয় ফল, বগৰী, খৰি আৰু অন্যান্য বনজ সামগ্ৰী সংগ্ৰহ কৰে,” ৫৩ বৰ্ষীয় ৰিনচিন জম্বাই কয়। প্ৰতিদিনে আবেলি শিশুবোৰে হাতৰ মুঠিত আৰু পকেট ভৰ্তি কৰি আখৰোট লৈ ঘৰৰ পৰা ৰাস্তালৈ ওলাই আহে।


