সুশীলাৰ পাঁচজনীয়া পৰিয়ালটো তেওঁলোকৰ সৰু জুপুৰিটোৰ বাৰাণ্ডাত বৰ আশাৰে তেওঁৰ ‘দৰমহা’ হোৱালৈ অপেক্ষা কৰি আছে৷ দুঘৰ মানুহৰ তাত ঘৰুৱা কাম-বন কৰি ৪৫ বৰ্ষীয়া সুশীলাই মাহে ৫,০০০ টকা উপাৰ্জন কৰে৷ দুপৰীয়া ২ বজাত সুশীলা আহি ঘৰ সোমাইছেহি৷ তেওঁৰ ঘৰ উত্তৰ প্ৰদেশৰ বাৰাণসীৰ কাশী বিদ্যাপীঠ ব্লকৰ অন্তৰ্গত আমাৰাত৷
সুশীলাৰ ২৪ বৰ্ষীয় পুত্ৰ বিনোদ কুমাৰ ভাৰতীয়ে কয়, ‘‘মায়ে দুঘৰত বাচন-বৰ্তন ধুই আৰু ঘৰ মচি মাহে ৫,০০০ টকা উপাৰ্জন কৰে৷ তেওঁ প্ৰতি মাহৰ এক তাৰিখে দৰমহা পায়৷ দেউতাই ৱায়াৰিঙৰ কাম কৰে, দিন ভাল হ’লে কোনো ইলেক্ট্ৰিচিয়ানৰ তলত কাম কৰাৰ সুযোগ পায়৷ অন্যথা আমাৰ বাবে স্থিৰ উপাৰ্জনৰ কোনো ব্যৱস্থা নাই৷ মই শ্ৰমিক হিচাপে কাম কৰো৷ আমি আটাইকেইজনে মিলি মাহত ১০ৰ পৰা ১২ হাজাৰ টকালৈ উপাৰ্জন কৰো৷ গতিকে বাজেটত ১২ লাখ টকা পৰ্যন্ত কৰ ৰেহাইৰ ঘোষণা আমাৰ বাবে অপ্ৰাসংগিক৷’’
‘‘আমি কিছু বছৰ আগলৈ মনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিতি আইন, ২০০৫)ৰ অধীনত কাম কৰিছিলো৷ কিন্তু এতিয়া তেওঁলোকে কোনো কাম নাই বুলি জনাইছে’’, সুশীলাই তেওঁৰ ২০২১ চন পৰ্যন্ত কামৰ প্ৰৱিষ্টি অন্তৰ্ভুক্ত হোৱা কাৰ্ডখন দেখুৱাই এইদৰে কয়৷ এতিয়া এই আটাইবোৰ ডিজিটেল হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লোকসভা সমষ্টি এয়া।





