কলাৱতী বান্দুৰকাৰে তেওঁৰ পাঁচটা নাতি-নাতিনীক নিজ হাতে ঘৰতে প্ৰসৱ কৰাইছে। তেওঁৰ গোটেই কেইগৰাকী বিবাহিতা জীয়ৰী তেওঁৰ দৰেই দাৰিদ্ৰ্যপীড়িত আৰু তেওঁলোক চিকিৎসালয়ৰ খৰচ বহন কৰিব পৰাকৈ সক্ষম নহয়। সেয়েহে কলাৱতীয়ে এই প্ৰসৱৰ দায়িত্ব নিজেই গ্ৰহণ কৰিছিল। আমি তেওঁৰ ঘৰ গৈ পাওঁতে পৰিয়ালত ১০জন মানুহ আছিল। তেওঁলোক সকলোকে চোৱাচিতা কৰাৰ লগতে কলাৱতীয়ে ৯ একৰ মাটিত খেতি কৰে আৰু আনৰ পথাৰতো দৈনিক ৩০ টকা মজুৰিত কাম কৰে। খেতিৰ কাম-কাজ বিশেষ নথকাৰ সময়ছোৱাত তেওঁ খৰি বিক্ৰী কৰি দিনটোত মাত্ৰ ২০ টকাহে উপাৰ্জন কৰিব পাৰে। নিজে পালন কৰা ম’হৰ গাখীৰ হৈছে কলাৱতীৰ উপাৰ্জনৰ অন্তিম উৎস।
কলাৱতীয়ে কয় যে কোনো খৰচ নকৰাকৈয়ে তেওঁ চতুৰ্থগৰাকী জীয়ৰীৰ বিয়া পাতিছিল। আৰু এতিয়া তেওঁ পঞ্চমগৰাকী জীয়ৰীকো “অধিক খৰচ নকৰাকৈ” বিয়া দিবলৈ চেষ্টা কৰি আছে। সাতগৰাকী কন্যা আৰু দুজন পুত্ৰ সন্তানৰ মাতৃ কলাৱতীয়ে বিদৰ্ভৰ যৱতমল জিলাৰ জলকা গাঁৱত বাস কৰে। তেওঁ সমগ্ৰ দেশৰ এক লাখৰো অধিক মহিলা কৃষকৰ ভিতৰত এগৰাকী, যিসকলৰ স্বামীয়ে কৃষিজনিত সমস্যাৰ বাবে বিগত ১৪ বছৰত আত্মহত্যা কৰিছিল।
ক্ষতিপূৰণ পোৱা নাছিল
“চৰকাৰৰ পৰা মই কেতিয়াও এপইচাও ক্ষতিপূৰণ নাপালোঁ”, ভাৱলেশহীন আৰু সদা-হাস্যময়ী আইতাগৰাকীয়ে কয়। ইয়াৰ কাৰণ হৈছে: তেওঁলোকে যিখন পথাৰত খেতি কৰিছে সেইখন তেওঁলোকৰ নিজৰ নহয়, বৰঞ্চ আনৰ পৰা লীজত লোৱা। সেয়েহে যেতিয়া তেওঁৰ স্বামী পৰশুৰামে ঋণৰ বোজা আৰু খেতি ব্যৰ্থ হোৱাৰ বাবে আত্মহত্যা কৰিছিল, তেতিয়া তেওঁৰ মৃত্যুক ‘কৃষকৰ আত্মহত্যা’ বুলি গণ্য কৰা হোৱা নাছিল, বৰঞ্চ কেৱল আত্মহত্যা বুলিহে কোৱা হৈছিল। চৰকাৰৰ যুক্তি আছিল যে যদি তেওঁৰ নিজৰ নামত মাটি নাথাকে তেন্তে তেওঁ কৃষক নহয়। অৱশ্যে এই পৰিয়ালটোৱে বিদৰ্ভ জন আন্দোলন সমিতি (ভিজেএএছ)ৰ পৰা কিছু সাহায্য লাভ কৰিছে।




