“পাণৰ খেতিখিনি বাচি থাকিলে মোৰ কমেও দুই লাখ টকা লাভ হ’লহেঁতেন (২০২৩ত),” ধেউৰি গাঁৱৰ ২৯ বৰ্ষীয় খেতিয়কজনে দুখ কৰি কয়। বিহাৰৰ নৱাদা জিলাত সেইবাৰ তাপমান অত্যধিক হোৱাৰ বাবে কৰুণা দেৱীয়ে নিজৰ খেতিখিনি হেৰুৱালে। এসময়ত সেউজীয়া পাণৰ পাতেৰে ভৰি থকা বাৰেজা মানে বাগানখনত এতিয়া কেৱল লঠঙা পাণৰ ঠাৰিবোৰ আছেগৈ। তেওঁ আনৰ পানৰ বাগিচাত কাম কৰিবলৈ বাধ্য হৈ পৰিছিল।
প্ৰচণ্ড গৰমৰ সন্মুখীন হোৱা বাৰখনমান জিলাৰ বিতৰত নৱাদাও এখন আছিল। “লগতা থা কি আচমান চে আগ বৰচ ৰহা হ্যে ঔৰ হমলৌগ জল জায়েংগে। দৌপহৰ কৌ তৌ গাঁৱ একদম চুনচান হৌ জাতা থা জেইছে কি কাৰ্ফু লগ গয়া হৌ (এনেকুৱা লাগিছিল যেন আকাশে জুইহে বৰষিছে। আমি যেন জ্বলি যাম। পিছবেলা গাঁৱত মানুহ এজনো দেখা নাপাব, যেন কাৰ্ফিউ লাগি আছিল,” সেই বছৰটোত কেনেকুৱা গৰম পৰিছিল, সেয়া বৰ্ণনা কৰি তেওঁ কয়। জিলাখনৰ ৱাৰিচালিগঞ্জৰ বতৰবিজ্ঞান কেন্দ্ৰত সৰ্বোচ্চ তাপমান আছিল ৪৫.৯ ডিগ্ৰী ছেলচিয়াছ। তাৰ পিছতে অহা গৰম বতাহে প্ৰায় ১০০ জনৰো অধিক লোকৰ মৃত্যু ঘটাইছিল, এয়া ২০২৩ৰ ১৮ জুনত দা হিন্দুত প্ৰকাশিত প্ৰতিবেদনৰ তথ্য।
উৎকট গৰম স্বত্ত্বেও “আমি বৰেজালৈ যাওঁ,” কৰুণা দেৱীয়ে কয়। পৰিয়ালটোৱে ১ লাখ টকাৰ ঋণ লৈ ছয় কঠা মাটিত মগহি পাণৰ খেতি কৰিছিল। সেয়ে ৰিস্ক ল’ব খোজা নাছিল।





















