ডেকা ল’ৰাজন ৰংগমঞ্চলৈ উঠি গ’ল আৰু তাত নাচি থকা মহিলাসকলৰ মাজত থকা ১৯ বৰ্ষীয় মুস্কানৰ হাতত ধৰিলে। “অভিয়ে গ’লি মাৰ দেংগে তৌ তুৰন্ত নাচনে লগোগী (এতিয়াই গুলি মাৰি দিলে নাচিবলৈ ধৰিবি),” ডেকা ল’ৰাজনে ক’লে।
তেওঁ মুস্কানক ভাবুকি দিয়া দেখি দৰ্শকে আকৌ কিৰিলি পাৰিবলৈ ধৰিলে। তৰুণ নৃত্যশিল্পীগৰাকীয়ে দৰাচলতে হাজাৰৰ ঘৰত থকা লালায়িত দৰ্শকৰ সন্মুখত সেই সস্তীয়া যৌনগন্ধী ভোজপুৰী গানটোত নাচিবলৈ অমান্তি হৈছিল। বিহাৰৰ পূৱ চম্পাৰন জিলাত সেই অনুষ্ঠান চলি আছিল।
ৰুণালী অৰ্কেষ্ট্ৰা গ্ৰুপৰ সাতগৰাকী নৃত্যশিল্পীৰ এগৰাকী মুস্কান। তেওঁলোকে স্থানীয়ভাবে অৰ্কেষ্ট্ৰা বুলি কোৱা নাচ-গানৰ দল এটাৰ লগত গৈছিল। চিৰাইয়া ব্লকৰ দূৰ্গা পূজাৰ অংশ হিচাপে এই নৃত্য-গীতৰ অনুষ্ঠানটো আয়োজন কৰা হৈছিল।
“এনেকুৱা ভয়-ভাবুকিভৰা চাৱনি আৰু আচৰণ নৃত্যশিল্পীসকলৰ বাবে কোনো নতুন কথা নহয়,” অৰ্কেষ্ট্ৰাত কাম কৰাৰ তিনি বছৰৰ অভিজ্ঞতা হ’বৰ হোৱা মুস্কানে কয়।
কিন্তু চকুৰ পচাৰতে তেনে অভব্য আচৰণ যৌন-আতিশয্যৰ ৰূপ লয়গৈ। “কঁকালত হাত দিয়া, ব্লাউজৰ ভিতৰলৈ হাত সুমোৱাই দিয়াৰ চেষ্টা কৰা আদি ইয়ালৈ অহা পুৰুষৰ বাবে তেনেই সাধাৰণ কথা। প্ৰতিদিনে এনেকুৱা ঘটনা ঘটে,” এগৰাকী নৃত্যশিল্পী ৰাধাই আমাৰ আগত কয়।













