“এই বাজেটখনে আমাক জীয়াই থকাৰ বাবে সুবিধাকণৰ কথা চিন্তা নকৰিলে। এইখন বাজেটে কেৱল মধ্যবিত্ত, বিশেষকৈ বেতনধাৰী লোকৰ বাবেহে চিন্তা কৰিছে,” গীতা ৱড়চলে কয়।
বিশেষভাৱে বিপন্ন (পিভিটিজি) কদৰ সম্প্ৰদায়ৰ গীতা (৩৬) কেৰালাৰ থ্ৰিছুৰ জিলাৰ প্ৰস্তাবিত আদিৰপিল্লি জলবিদ্যুৎ শক্তি প্ৰকল্পৰ অৱবাহিকা অঞ্চলত থাকে।
বান্ধটো চালাকুড়ি নদীৰ ওপৰত অৱস্থিত আৰু এই বান্ধটোৰ কাৰণে তেওঁলোকৰ সম্প্ৰদায়টোৰ লোকসকল চতুৰ্থবাৰৰ বাবে বিস্থাপিত হ’ব। “গোটেই দেশতে ডাঙৰ ডাঙৰ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বাবে আমাৰ দৰে মানুহ বিস্থাপিত হৈ আহিবলগীয়া হৈছে। আকৌ আমাৰ মাটি, অৰণ্য আৰু আন সম্পদসমূহ ক’ৰ্পৰেটে নিয়াৰ কথাটোও আমাক জনোৱা হোৱা নাই,” বান্ধটোৰ বিৰুদ্ধে থিয় দিয়াসকলক নেতৃত্ব দিয়া গীতাই কয়।
“অৰণ্যত বাস কৰা জনজাতীয় লোকসকলৰ বাবে জলবায়ু পৰিৱৰ্তনে জীয়াই থকাৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিছে। আমাৰ দ্ৰুতগতিত অৱক্ষয় হৈ থকা অৰণ্য আৰু জীৱিকাৰ সীমিত বিকল্পৰে এক বিপজ্জনক পৰিৱেশলৈ ঠেলি দিয়া হৈছে,” কেৰালাৰ জনজাতীয় মহিলাসকলৰ একমাত্ৰ মুখিয়াল গীতাই কয়।




