এই মাৰ্চ নম্মা প্ৰাইড আৰু চেভেন ৰেইনব’জ নামে ৰূপান্তৰকামী লোকৰ হৈ কাম কৰা সংস্থা দুটাৰ সহযোগত অনুষ্ঠিত কৰা হৈছিল। “এইবছৰ আমি দ্বিতীয়বাৰৰ বাবে ওলাই আহিছো আৰু এদিনতে পুলিচৰ পাৰ্মিচন পাইছো, যোৱাবাৰ দুসপ্তাহ লাগিছিল,” সম্প্ৰদায়টোৰ মাজত সন্মানেৰে সম্বোধিত প্ৰণতি আম্মাই কয়। তেওঁ চেভেন ৰেইনব’জৰ প্ৰতিস্থাপক আৰু যোৱা ৩৭ বছৰ ধৰি লিংগ তথা যৌনতা বিষয়ক কাম-কাজত জড়িত।
“আমি পুলিচৰ সৈতে ভালদৰে যোগাযোগ ৰক্ষা কৰিবলৈ শিকিছো। অৱশ্যে মহীশূৰতে এতিয়াও এনে বহু মানুহ আছে যিয়ে আমাক ভাল নাপায় আৰু আমি নাইকিয়া হৈ যোৱাটো বিচাৰে। কিন্তু আমি ভাবো যে এই প্ৰাইড মাৰ্চ ডাঙৰ হওঁক আৰু প্ৰতিবছৰে ই আৰু বৈচিত্ৰময় হৈ উঠক,” তেওঁ কয়।
এক কিলোমিটাৰ এই মাৰ্চ চহৰৰ ব্যস্ততাভৰা পথেৰে আগবাঢ়িছিল। স্থানীয় আৰক্ষীয়ে ট্ৰেফিক নিয়ন্ত্ৰণ কৰিছিল যাতে অনুষ্ঠানটো সুকলমে হৈ যায়। “এইসকল লোকক আমি সন্মান কৰোঁ। একো বাধা-বিঘিনি নহওঁক বুলি আমি তেওঁলোকক সহায় কৰিছো। আমি এইসকল লোকক (ৰূপান্তৰকামী) সমৰ্থন কৰোঁ,” সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক বিজয়েন্দ্ৰ সিঙে কয়।
“ৰূপান্তৰকামী মহিলাই ভাৰতত এক জটিল স্থান অধিকাৰ কৰি আছে। কিংবদন্তি আৰু আলৌকিক শক্তিৰ ইতিহাস থকা বাবে তেওঁলোকক কিছু সাংস্কৃতিক সুৰক্ষা দিয়া হৈছে যদিও সততে তেওঁলোক বৈষম্যৰ চিকাৰ হয় আৰু হাৰাশাস্তিৰ সন্মুখীন হয়,” কুইয়াৰ ব্যক্তি হিচাপে নিজকে চিনাকি দিয়া মানসিক স্বাস্থ্য বিষয়ক পেছাদাৰী দীপক ধনঞ্জয়ে কয়। “স্থানীয় সম্প্ৰদায়টোৱে মানুহক এইবিষয়ত সজাগ-সচেতন কৰাৰ কাম কৰি আছে। একে ৰাতিতে মানুহৰ মানসিকতা সলনি কৰিব পৰা নাযায়, কিন্তু যেতিয়া এই যাত্ৰাবোৰ দেখো, বিশেষকৈ সৰু চহৰত, কোনো হিংসা-বিদ্বেষৰ ঘটনা নোহোৱাকৈ, তেতিয়া মোৰ মনত আশা জাগে,” তেওঁ কয়।
গৌৰৱ যাত্ৰাত ভাগ লোৱা ৩১ বৰ্ষীয় প্ৰিয়াংক আশা সুখনন্দে কয়, “ইউনিভাৰ্ছিটিত থাকোতে মই বৈষম্য আৰু আতিশয্যৰ সন্মুখীন হৈছিলো। তেতিয়াই সিদ্ধান্ত লৈছিলো যে মই মোৰ অধিকাৰৰ বাবে যুঁজিম। প্ৰতিবাৰ এই প্ৰাইড মাৰ্চে মোৰ দৰে পৰিস্থিতিত থকা লোকসকলৰ অধিকাৰৰ এই সংগ্ৰামখন মনত পেলাই দিয়ে। সেয়ে মই এই যাত্ৰাত তেওঁলোকৰ কথা ভাবি ভাগ লওঁ।” বেংগালুৰুৰ এগৰাকী বিশেষ শিক্ষক আৰু চেফ প্ৰিয়াংক লগতে কয়, “আমি মহীশূৰৰ এলজিবিটি সম্প্ৰদায়ৰ প্ৰকৃত শক্তি দেখিছো আৰু ই আমাক মনোবল দিছে।”