ক’ভিড-১৯ মহামাৰীৰ সময়ত হাৰিয়াণাৰ পৰা উত্তৰ প্ৰদেশৰ মহাৰাজাগঞ্জলৈ কিদৰে যাত্ৰা কৰি নিজৰ ঘৰ পাইছিলহি সেই কথা সুনীতা নিশাধে সোঁৱৰণ কৰে৷
হঠাতে ঘোষণা কৰা দেশজুৰি লকডাউনে যি লক্ষাধিক প্ৰব্ৰজিত শ্ৰমিকসকলৰ অৱস্থা দুৰ্দশালৈ পৰিৱৰ্তিত কৰিছিল তাৰে ভিতৰত সুনীতাও আছিল অন্যতম৷ সেয়েহে কেন্দ্ৰীয় বাজেটেই হওক বা আন যিকোনো নতুন চৰকাৰী আঁচনিৰ ঘোষণাই সুনীতাৰ মনত উত্সুকতাৰ সৃষ্টি নকৰাটো কোনো আচৰিত হ’বলগীয়া বিষয় নহয়৷
‘‘আপুনি মোক বাজেটৰ বিষয়ে সুধিছে৷ তাৰ পৰিৱৰ্তে আপুনি চৰকাৰক সোধক, কিয় তেওঁলোকে কৰোনাৰ [ক’ভিড-১৯ মহামাৰী] সময়ত আমাক ঘৰলৈ পঠিওৱাৰ বাবে ধন ব্যয় নকৰিলে’’, সাংবাদিকক সুনীতাই আক্ষেপেৰে সোধে৷
এতিয়া এই ৩৫ বৰ্ষীয়া সুনীতাই পুনৰ হাৰিয়ানালৈ উভতি গৈ ৰোহটকৰ লাধোত গাঁৱত প্লাষ্টিকৰ আৱৰ্জনা একত্ৰিত কৰা কামত ব্যস্ত হৈ পৰিছে৷ ‘‘মজবুৰ হুঁ [মই অসহায়]৷ সেয়ে মই ইয়ালৈ পুনৰ উভতি আহিবলগীয়া হৈছে৷’’
সুগন্ধিৰ কেনবোৰ ৰিচাইক্লিঙৰ বাবে ফুটাই তেওঁ পুনৰ কয়, ‘‘মেৰে পাছ বড়া মোবাইল নহী হে, চোটা মোবাইল হে [মোৰ ডাঙৰ মোবাইল নাই, সৰু মোবাইল হে আছে]৷ মই কেনেকৈ জানিম বাজেট কি?’’ বৰ্ধিত ডিজিটেলকৰণ আৰু চৰকাৰী আঁচনিসমূহৰ তাৎক্ষণিক ব্যৱহাৰৰ বাবে এটা স্মাৰ্টফোন আৰু ইণ্টাৰনেট সংযোগৰ আৱশ্যক৷ কিন্তু ভাৰতৰ বহু গাঁৱত এই সুবিধাৰ ব্যৱহাৰ এতিয়াও সুদূৰ পৰাহত৷





