ক ’ লহাপুৰখনক পুৰোগামী চহৰ বুলি জনা যায়। চাহু, ফুলে আৰু আম্বেদকাৰৰ দৰে অগ্ৰগামী চিন্তানায়কৰ ইতিহাসেৰে সংপৃক্ত এই চহৰ। বিভিন্ন জাতি-ধৰ্মৰ লোকে ভিন্ন সাহিত্য-সংস্কৃতিৰ প্ৰেক্ষাপটত এতিয়াও এই উদাৰ চিন্তাধাৰাক আগুৱাই নিয়াৰ বাবে কাম কৰি আহিছে।
কিন্তু অনৈক্যৰ মাজত যি এই ঐক্য, তাত বিভাজন অনাৰ বাবে শেহতীয়া সময়ত অপচেষ্টা চলিছে। চিন্তাক চিন্তাৰেই পৰাজিত কৰিব লাগিব। ছৰফুদ্দিন দেশাই আৰু সুনীল মালিয়ে সমাজৰ এই সমন্বয় অটুত ৰখাৰ বাবে চেষ্টা কৰিছে।
ছৰফুদ্দিন দেশাই আৰু সুনীল মালি মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ তাৰদাল গাঁৱৰ বাসিন্দা। ছৰফুদ্দিন দেশাইয়ে হিন্দু গুৰু এজনৰ ওচৰত দীক্ষা লৈছে, আনফালে সুনীল মালিয়ে মুছলমান গুৰু এজনৰ ওচৰত।
অনুবাদ: পংকজ দাস