বুটে মাঝিয়ে নিজৰ নাতি-পুতিৰ ভৰণ-পোষণক লৈ চিন্তিত হৈ পৰে। তেওঁৰ নাতিল’ৰা ছটা, নাতিনী দুজনী। আটাইতকৈ সৰুজনীৰ বয়স ছবছৰ। “সিহঁতক কেনেকৈ ডাঙৰ-দীঘল কৰিম, ভাবি উৱাদিহ নাপাও,” ওড়িশাৰ বালাংগীৰ জিলাৰ হিয়াল গাঁৱৰ বাসিন্দী ৭০ বৰ্ষীয় গোণ্ড আদিবাসী সম্প্ৰদায়ৰ মহিলাগৰাকীয়ে কয়।
তেওঁৰ ল’ৰা নৰূপা মাঝিৰ ৫০ বছৰ বয়সত মৃত্যু হয়, তেওঁলোকে বৃক্ক বিকল হৈ মৃত্যু হোৱা বুলি কয়। প্ৰব্ৰজিত শ্ৰমিক হিচাপে নৰূপাই তেওঁৰ পত্নী নমানি (৪৭)ৰ লগত তেলাংগনা, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ ইটাৰ ভাতীত কাম কৰিবলৈ গৈছিল।
“২০১৯ৰ নৱেম্বৰত আমি চেন্নাইৰ এটা ইটাৰ ভাতীত কাম কৰিবলৈ গৈছিলো,” নমানিয়ে কয়। পৰিয়ালটোৰ ১০ জন সদস্য গৈছিল। তেওঁৰ স্বামী নৰূপা, তেওঁলোকৰ ডাঙৰজন ল’ৰা যুধিষ্ঠিৰ (বয়স ২৪), তেওঁৰ পত্নী প্ৰমীলা, লগতে পুৰ্ণামী (১৯) আৰু সজনে (১৬, কুমাৰী (১৫) আৰু তেওঁৰ স্বামী দীনেশ (২১)। “আমাৰ প্ৰত্যেককে ২৫ হাজাৰ টকা আগধন হিচাপে স্থানীয় ঠিকাদাৰজনে দিছিল,” তেওঁ যোগ দিয়ে। পৰিয়ালটোৰ লগত ১০ বছৰীয়া সাবিত্ৰী আৰু ছবছৰীয়া জানকীও গৈছিল, তেওঁলোকক একো পইচা দিয়া হোৱা নাছিল।
২০২০ৰ জুনত তেওঁলোক আটায়ে ক’ভিড-১৯ লকডাউনৰ কাৰণে ঘৰলৈ উভতি আহে। চৰকাৰে উভতি অহা প্ৰব্ৰজিত শ্ৰমিকৰ কাৰণে স্কুল আৰু সামূহিক কেন্দ্ৰ আদিত অস্থায়ী চিকিৎসা সাহায্য আৰু কোৱাৰেইণ্টাইনৰ বাবে সুবিধা কৰি দিছিল। “আমি গাঁৱৰ স্কুলখনত ১৪ দিনৰ বাবে আছিলো। তাত থকাৰ বাবে মোৰ স্বামী আৰু মই গাইপতি ২,০০০ টকা পাইছিলো (ওড়িশা চৰকাৰৰ পৰা),” নমানিয়ে কয়।
কিন্তু পৰিস্থিতি বেয়া হ’বলৈ ধৰিলে। “তেওঁৰ গিৰীয়েকৰ চেন্নাইতে বেমাৰে লগ দিলে। মালিকে (স্থানীয় ঠিকাদাৰে) তেওঁক গ্লুক’জ আৰু কিছু দৰৱ-পাতি দিলে। আমি গাঁৱলৈ উভতি অহাৰ পিছত তেওঁৰ স্বাস্থ্যৰ আৰু বেছি অৱনতি ঘটিল,” নমানিয়ে কয়। তেওঁক কান্তাবেনজীৰ চৰকাৰী হস্পিতালত ভৰ্তি কৰোৱা হ’ল। নৰূপাৰ মাক বুটেয়ে মাজতে যোগ দিয়ে, “মোৰ ল’ৰাটোৰ শৌচৰ লগত তেজ যোৱা হ’ল।”
পৰিয়ালটোৱে তেওঁক সিন্ধেকেলা আৰু ৰামপুৰৰ ভালেকেইখন চৰকাৰী হস্পিতাললৈ নিলে। শেষত কান্তাবেনজী হস্পিতালত ডাক্তৰে তেওঁলোকক ক’লে যে তেওঁৰ শৰীৰৰটো খুবেই দুৰ্বল হৈ পৰিছে। “আমাৰ হাতত পইচা নাছিল, সেয়ে আমি ঘূৰি আহিলো আৰু পইচা যোগাৰ কৰিলো। এইবাৰ হস্পিতাললৈ যোৱাত ডাক্তৰে কিছুমান টেষ্ট কৰালে আৰু ক’লে যে তেওঁৰ বৃক্ক বিকল হ’ব ধৰিছে।”
নমানিয়ে এইবাৰ আন চিকিৎসা পদ্ধতিৰ কথা চিন্তা কৰিলে। “মোৰ মাহঁতে তেওঁক আয়ুৰ্বেদিক চিকিৎসাৰ বাবে সিন্ধকেলালৈ (২৫ কিলোমিটাৰ দূৰৰ) লৈ যোৱাৰ পৰামৰ্শ দিলে। তাত দেখুওৱাৰ পিছত তেওঁৰ এমাহলৈ চিকিৎসা চলিল, কিন্তু স্বাস্থ্যৰ উন্নতিৰ একো লক্ষণ দেখা নিদিলে,” তেওঁ কয়। তেওঁৰ স্বাস্থ্য অত্যধিক শোচনীয় হৈ পৰাত তেওঁক ৪০ কিলোমিটাৰ দূৰৰ ৰামপুৰৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ এটালৈ লৈ যোৱা হ’ল।
২০২১ৰ মাৰ্চত নৰূপা ঢুকাই থাকিল, এৰি গ’ল আঠটা সন্তান, আটাইতকৈ সৰুটোৰ বয়স তেতিয়া মাত্ৰ ছবছৰ।
পৰিয়ালটোৱে তেওঁৰ চিকিৎসাৰ নামত খৰছ হোৱা টকাখিনি ক্ষতিপূৰণ হিচাপে পালে কেইদিনমান চলিব পাৰিব বুলি আশা কৰিছিল। নমানিয়ে এতিয়াও বাহিৰত কাম কৰিবলৈ যাব নে নাযাব, সেই লৈ নিশ্চিত নহয়। “আমি আকৌ ঘূৰি তালৈ যাব লাগিব, স্বামীৰ চিকিৎসাৰ নামত লোৱা ধাৰখিনি শুজিব লাগিব। চৰকাৰে সহায় কৰিলে যাবলগীয়া নহ’ব।”
নৰূপা তেনেই কম সংখ্যক ওড়িয়া শ্ৰমিকৰ মাজৰ এজন, যিয়ে ২০১৮ত ৱেলফেয়াৰ ব’ৰ্ডত হিতাধিকাৰী হিচাপে নিজৰ নাম পঞ্জীয়ন কৰাইছিল। কিন্তু তেওঁৰ পৰিয়ালটোৱে এতিয়ালৈ প্ৰাপ্য কোনো সা-সুবিধা লাভ কৰিব পৰা নাই। সুবিধা মানে নমানিয়ে ওড়িশা বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকচন ৱৰ্কাৰ্চ ৱেলফেয়াৰ ব’ৰ্ডৰ পৰা প্ৰয়াত স্বামীৰ নামত পাবলগীয়া দুই লাখ টকা। “সিহঁতে (শ্ৰম বিভাগৰ বিষয়াই) কয় যে আমি তিনি বছৰ ধৰি মাচুল (নৱীকৰণৰ) দিয়া নাই, সেয়ে আমি পইচা নাপাও,” তেওঁ কয়।
ৰাজ্য চৰকাৰে এনেকৈ প্ৰাপ্য ধনৰাশি হ’ল্ড কৰি থোৱাটো সাংবিধানিক অধিকাৰৰ উলংঘন, এয়া ভাৰতীয় গণনা আৰু হিচাপ লেখ বিভাগে কৈছে। প্ৰতিবেদনখনত কোৱা হৈছে যে “২০২০-২১ বৰ্ষত আদায় কৰা ৪০৬.৪৯ কোটি টকা সাংবিধানিক নিয়মৰ উলংঘা কৰি ভাৰতীয় ষ্টেট বেংক, চৰকাৰী ট্ৰেজাৰি শাখাত ফিক্স ডিপ’জিত আৰু ফ্লেক্সি সঞ্চয় খাতা হিচাপে ‘চৰকাৰী খাতা’ৰ পৰা বাহিৰত ৰখা হৈছিল।”
“নৰূপাৰ গা বেয়া হৈ থকা সময়ত আমি তেওঁৰ একমাত্ৰ ভনী উমেৰ ওচৰলৈ পইচা বিচাৰি গৈছিলো।” উমেয়ে ওচৰতে বিয়া হৈছে আৰু কাষৰে গাওঁ এখনত (মালপাৰা, মালপাড়া বুলিও কয়) থাকে। “তেওঁ তেওঁৰ অলংকাৰখিনি আমাক দিছিল। তেওঁলোকৰ মাজত সিমানখিনি আত্মীয়তা আছিল,” বুটেয়ে কয়। নৰূপাই সেইখিনি মৰ্টগেজ কৰি কেইহাজাৰমান টকা পাইছিল, সেইখিনি তেওঁৰ চিকিৎসাৰ নামত খৰছ হৈছিল।
বুটে আৰু তেওঁৰ প্ৰয়াত স্বামী গোপী মাঝিৰ পৰিয়ালটোক ২০১৩ত এটা চৰকাৰী ঘৰ দিয়া আবণ্টন দিয়া হৈছিল। ২০১৪ত গোপী মাঝি ঢুকাই থাকিল। “গোপী জীয়াই থাকোতে আমি ক্ৰমে ১০ হাজাৰ, ১৫ হাজাৰ আৰু ১৫ হাজাৰৰ তিনিটা কিস্তিত মুঠ ৪০ হাজাৰ টকা পাইছো,” বুটে কয়। ঘৰটো বনাবলৈ বুলি শিল-বালি আনি থোৱা হৈছিল, কিন্তু মুৰব্বী মাঝিৰ মৃত্যুৰ পিছত ঘৰ নিৰ্মাণৰ কামটোও বন্ধ হৈ থাকিল।
“আমি কোনোমতে এই কেঁচা ঘৰটোত থাকিছো,” বুটে ঘৰটোলৈ বুলি অনা শিলবোৰলৈ আঙুলিয়াই কয়।
নিজৰ পুত্ৰ আৰু বোৱাৰীৰ নিচিনাকৈ বুটে কেতিয়াও আন ৰাজ্যলৈ কামৰ সন্ধানত যাবলগীয়া হোৱা নাই। “আমি আগতে খেতি কৰি জীৱিকা নিৰ্বাহ কৰিছিলো। নৰূপাই প্ৰথমে বহিৰাজ্যলৈ যোৱা আৰম্ভ কৰিছিল,” পৰিয়ালটোৱে নিজৰ মাটিখিনি বন্ধকীত থৈ গাঁৱৰ সুদখোৰৰ পৰা ১ লাখ টকা লৈছিল।
“যুধিষ্ঠিৰে (নৰূপাৰ পুত্ৰ) কাম কৰি সেই মাটি মোকলাব লাগিব,” বুটেয়ে কয়।
*****
বিয়াৰ আগত নমানিয়ে কেতিয়াও জীৱিকাৰ সন্ধানত ওড়িশাৰ বাহিৰলৈ যাবলগীয়া হোৱা নাছিল। প্ৰথমবাৰ তেওঁ স্বামীৰ সৈতে অন্ধ্ৰপ্ৰদেশৰ মহবুবনগৰলৈ কামৰ সন্ধানত গৈছিল। তেওঁলোকৰ ডাঙৰজন ল’ৰা যুধিষ্ঠিৰ তেতিয়া তৃতীয়মানত পঢ়ি আছিল। “কামটোৰ বাবে আমি পোৱা আগধন বহুত কম আছিল। আমি ৮ হাজাৰ টকা আগধন পাইছিলো। চনটো মনত নাই, কিন্তু সজনে (জীয়ৰী) তেতিয়া কোলাৰ কেঁচুৱা, সেয়ে তাইক আমাৰ লগতে নিলো।” নমানিয়ে কয় যে সেয়া ১৭ বছৰ আগৰ কথা, তেতিয়াৰে পৰা তেওঁলোকে বিভিন্ন ঠাইলৈ কামৰ সন্ধানত গৈ থাকিবলগীয়া হৈছে।
প্ৰথমবাৰ যোৱাৰ পিছত পৰিয়ালটোৱে প্ৰতিবাৰ যাবলৈ ধৰিলে। “দুটা বছৰ আমি অন্ধ্ৰপ্ৰদেশলৈ গ’লো। তাৰ পৰা পোৱা আগধন আছিল প্ৰায় ৯,৫০০ টকা,” তেওঁ কয়। পিছৰ চাৰিটা বছৰত আগধন বাঢ়ি এটা সময়ত গোটেই গোটটোৰ বাবে ১৫ হাজাৰ টকা হ’ল।
আটাইতকৈ বেছি পইচা আহিছিল চেন্নাইলৈ গৈ। ২০১৯ত তেওঁলোকে আগধন হিচাপে ২৫,০০০ টকা পাইছিল। চেন্নাইৰ প্ৰতি ১,০০০ ইটাৰ বিপৰীতে শ্ৰমিকৰ এটা দলে প্ৰায় ৩৫০ টকা পাইছিল। এসপ্তাহত চাৰিজনীয়া গোট এটাই প্ৰত্যেকে ১,০০০ৰ পৰা ১,৫০০ টকা পাইছিল।
তেওঁলোকক সপ্তাহৰ শেষত পইচা পৰিশোধ কৰা হৈছিল আৰু সেই পইচা খাদ্য-পাতি, চাবোন, চেম্পু আদি বস্তু কিনাত ব্য়য় হৈছিল। “পৰিশোধৰ সময়ত চুপাৰভাইজাৰে কিছু পইচা আগধনৰ বিপৰীতে কাটি ৰাখিছিল আৰু বাকীখিনি আমাক দিছিল,” নমানিয়ে কয়। গোটেই আগধনখিনি কটা নোহোৱালৈকে এই প্ৰক্ৰিয়া চলি থাকিছিল।
প্ৰায়ভাগ শ্ৰমিকে শেষত ১০০ টকা লাভ কৰিছিল, যিটো নিৰ্মাণ খণ্ডৰ অকৌশলী শ্ৰমিকৰ ক্ষেত্ৰত প্ৰাপ্য ন্যূনতম মজুৰিতকৈ কম আছিল। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ মুখ্য শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্দেশনা মতে ইটা বনোৱা মজদুৰে চহৰ এলেকাত এদিনত কমেও ৬১০ টকা (১,০০০ ইটাৰ বাবে) পাব লাগে।
নৰূপাৰ পৰিয়ালে যিমানখিনি মজুৰি পাই আছিল, সেয়া আছিল সেই শ্ৰম আইনখনৰ চৰম উলংঘন।
অট্টালিকা আৰু আন নিৰ্মাণ কাৰ্য্যত জড়িত হৈ থকা প্ৰায়ভাগ ওড়িয়া আন্তঃৰাজ্যিক শ্ৰমিকে ওড়িশা বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকচন ৱৰ্কাৰ্ছ এক্ট অনুযায়ী পঞ্জীয়ন কৰা নাই, যিটোৱে তেওঁলোকক সুৰক্ষা, স্বাস্থ্য আৰু কল্যাণকামী সা-সুবিধাসমূহ দিয়ে
অৱশ্যে নৰূপাই পঞ্জীয়ন কৰিছিল যদিও তেওঁলোকৰ পৰিয়ালটোক সামান্য এটা সুৰুঙা বাবে সা-সুবিধা দিয়া হোৱা নাই। শ্ৰমিকে সুবিধাসমূহৰ বাবে তিনি বছৰলৈ বছৰী ৫০ টকাকৈ দিব লাগে। সেয়া বালাংগীৰ জিলাৰ শ্ৰম বিভাগৰ কাৰ্য্যালয়ত জমা দিব লাগে, যিটো অফিছ আছে বালাংগীৰৰ হিয়াল গাঁৱৰ পৰা ৮০ কিলোমিটাৰ দূৰত্বত।
২০২২ৰ ১ মে’ৰ পিছত প্ৰক্ৰিয়াটো অনলাইন হ’ল। নৰূপাই চেন্নাইলৈ যোৱাৰ ঠিক আগেয়ে কাৰ্ডখন পালে। তেওঁ লকডাউনৰ বাবে অসুখীয়া গাৰে অফিছটোলৈ গৈ পইচা জমা দিব নোৱাৰিলে। এতিয়া সেইটো কাৰণতে পৰিয়ালটোৱে প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হৈছে।
এই প্ৰতিবেদকে নমানি আৰু তেওঁৰ পৰিয়ালক ওড়িশা বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকচন ৱৰ্কাৰ্ছ এক্টৰ অধীনত মৃত্যুৰ পিছৰ সা-সুবিধাৰ বাবে অনুৰোধ জনাই বালাংগীৰ জিলা দণ্ডাধীশ আৰু উপায়ুক্তলৈ এখন চিঠি লিখিছে আৰু হোৱাটচআপ নম্বৰতো যোগাযোগ কৰিছে। এই ষ্ট’ৰিটো প্ৰকাশ হোৱাৰ সময়লৈ প্ৰতিবেদকে কোনো সঁহাৰি লাভ কৰা নাই।
অনুবাদ: পংকজ দাস