এয়া বাবলু কৈৱৰ্তৰ সাধাৰণ নিৰ্বাচনত ভোট দিয়াৰ দ্বিতীয় সুযোগ।
যোৱাবাৰ নিৰ্বাচনত বাবলুৱে ভোট দিবলৈ যাওতে বিষয়া-বৰ্গই তেওঁক সোমাবলৈ দিছিল। তেওঁ শাৰী পাতি থাকিবলগীয়া হোৱা নাছিল। কিন্তু তেওঁ পশ্চিমবংগৰ পুৰুলিয়া জিলাৰ পলমা গাঁৱৰ ভোটকেন্দ্ৰটোৰ ভিতৰত সোমাই গ’ল ঠিকেই, কিন্তু ভোটটো কেনেকৈ দিব তেওঁ ভাবি পোৱা নাছিল।
দৃষ্টিহীন ২৪ বছৰীয়া বাবলুৰ বাবে সেই স্থানীয় প্ৰাথমিক বিদ্যালয়খনত ২০১৯ত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে আশা কৰা চৰকাৰে ব্ৰেইল বেলট পেপাৰ নাইবা ব্ৰেইল ইভিএম (ইলেট্ৰনিক ভোটিং মেচিন)ৰ ব্যৱস্থা কৰা নাছিল।
“কি কৰিম ভাবি পোৱা নাছিলো। মোক যদি সহায় কৰা ব্যক্তিজনে প্ৰতীকচিহ্ন সম্পৰ্কে মিছা কথা কয়?” স্নাতক ডিগ্ৰীৰ দ্বিতীয় বৰ্ষত অধ্যয়নৰত বাবলুৱে কয়। কোনোবাই সঁচা ক’লেও তেওঁ ভোট দিয়াৰ ক্ষেত্ৰত গোপনীয়তা ৰক্ষা নোহোৱাটো গণতান্ত্ৰিক অধিকাৰ উলংঘা হ’ব, তেওঁ যুক্তি দিয়ে। বিব্ৰতবোধ কৰা বাবলুৱে তেওঁক দেখুৱাই দিয়া চিহ্নত ভোট দি সত্যাপন কৰাই ওলাই আহিল। “ভাগ্যে সেইজন ব্যক্তিয়ে মোক মিছা কোৱা নাছিল,” তেওঁ কয়।
ভাৰতৰ নিৰ্বাচন আয়োগে বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে ভোটকেন্দ্ৰত ব্ৰেইল বেলট পদ্ধতি ব্যৱহাৰৰ লগতে ভোটকেন্দ্ৰটো তেওঁলোকৰ বাবে সুচল কৰি তোলাৰ বাবে নিৰ্দেশ দিছে। “বহু ব্যৱস্থা কেৱল কাগজতে আছে, ৰূপায়ণ খুবেই শোচনীয়,” কলকাতাৰ শ্ৰুতি ডিজেবিলিটি ৰাইটচ্ চেণ্টাৰৰ সঞ্চালক চম্পা সেনগুপ্তাই কয়।
সাধাৰণ নিৰ্বাচন আকৌ আহি পালে। কিন্তু ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ ষষ্ঠ পৰ্য্যায়ত ভোট দিবলৈ নিজ ঘৰলৈ যাব নে নাই, তাকে লৈ তেওঁ নিশ্চিত হ’ব পৰা নই। পুৰুলিয়া জিলাত বাবলু ভোটাৰ হিচাপে তালিকাভুক্ত, তাত ২৫ মে’ত নিৰ্বাচন আছে।





