ভাতিবেলা হ’বৰ হ’ল। নৃত্যশিল্পী গোলাপী গয়াৰী সাজু হৈছে আৰু ঘৰতে অপেক্ষা কৰিছে। আগন্তুক আঠগৰাকী স্কুলীয়া ছোৱালী। পিন্ধনত অসমৰ বড়ো জনগোষ্ঠীৰ পাৰম্পৰিক পোছাক দখনা আৰু ৰঙা আৰ্নাই। সকলোৰে পোছাক একে। গোলাপীয়ে তাইৰ গাত মেৰিয়াই লোৱা হালধীয়া ৰঙৰ দখনাখন ঠিক-ঠাক কৰি লৈছে।
“মই এই কণ কণ ছোৱালীহঁতক বড়ো নৃত্য শিকাও,” বাকছা জিলাৰ গোৱালগাওঁ গাঁৱৰ বাসিন্দা বড়ো সম্প্ৰদায়ৰ গোলাপীয়ে কয়।
বাকছাৰ লগতে কোকৰাঝাৰ, ওদালগুৰি আৰু চিৰাং জিলা লগ লাগি বড়োলেণ্ড গঠিত হৈছে, চৰকাৰীভাৱে ইয়াক বড়োলেণ্ড টেৰিট’ৰিয়েল ৰিজ’ন চমুকৈ বিটিআৰ বুলি কোৱা হয়। এই স্বতন্ত্ৰ অঞ্চলটো আন খিলঞ্জীয়া সম্প্ৰদায়ৰ লগতে অসমত অনুসূচিত জনজাতি হিচাপে তালিকাভুক্ত বড়ো সম্প্ৰদায়ৰ লোকৰ ঘাই বসতিস্থল। ব্ৰহ্মপুত্ৰৰ উত্তৰভাগত, ভুটানৰ পাদদেশত আৰু অৰুণাচলৰ গাতে লাগি আছে এই বড়োলেণ্ড।
“তেওঁলোকে স্থানীয় উৎসৱ-পাৰ্বন আৰু সভা আদিতো নৃত্য-গীত পৰিৱেশন কৰে,” ত্ৰিশৰ দেওনা পাৰ কৰা গোলাপীয়ে কয়। উপেন্দ্ৰ নাথ ব্ৰহ্ম ন্যাস (ইউ.এন.বি.টি.)য়ে ২০২২ৰ নৱেম্বৰত ১৯ সংখ্যক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান কৰা পাৰিৰ প্ৰতিস্থাপক সম্পাদক তথা সাংবাদিক পি. সাইনাথক সন্মান জনাই তেওঁ নিজৰ ঘৰতে বড়োনৃত্য প্ৰদৰ্শনৰ বাবে সুবিধা কৰি দিছে।
নৃত্যশিল্পীসকলে নৃত্য-গীত পৰিৱেশনৰ বাবে সাজু হোৱাৰ সময়তে গোৱৰ্ধন ব্লকৰ স্থানীয় বাদ্যযন্ত্ৰবিদসকলে গোলাপীৰ ঘৰত আহি নিজৰ নিজৰ বাদ্যযন্ত্ৰসমূহ ঠিক-ঠাক কৰিবলৈ লৈছে। তেওঁলোকৰ প্ৰত্যেকেই এটা খট গছলা চোলা পৰিধান কৰিছে, লগতে মূৰত মেৰিয়াই লৈছে সেউজীয়া-হালধীয়া বৰণৰ আৰ্নাই। এনেধৰণৰ পোচাক বড়ো পুৰুষে সাধাৰণতে সাংস্কৃতিক বা ধৰ্মীয় উছৱৰ সময়ত পিন্ধে।
তেওঁলোকে নিজৰ বাদ্যযন্ত্ৰবোৰ মোনাৰ পৰা উলিয়াইছে। চিফুং (দীঘল এবিধ বাঁহী), খাম (ঢোল) আৰু চেৰজা (ভায়’লিন) - এইসমূহ বাদ্যযন্ত্ৰ সাধাৰণতে বড়ো উৎসৱ-পাৰ্বণত বজোৱা হয়। প্ৰতিবিধ বাদ্যযন্ত্ৰ আৰ্নাইৰে সুসজ্জিত। স্থানীয় লোকে বৈ উলিওৱা এই আৰ্নাইবোৰত পাৰম্পৰিক বন্দুৰাম ফুল তোলা আছে।
তেওঁলোকৰ মাজৰ এগৰাকী খাম বজোৱা শিল্পী খোৰোমদাও বসুমতাৰীয়ে নৃত্য-গীত উপভোগ কৰিবলৈ উপস্থিত হোৱা যি দুই-চাৰিজন লোক আছে, তেওঁলোকক সম্ভাষণ জনাইছে। সুবনশ্ৰী আৰু বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰা হ’ব বুলি তেওঁ অভ্যাগতক জনাইছে। “বাগুৰুম্বা সাধাৰণতে খেতি-বাতি কৰি আজৰি হোৱাৰ সময়ত নাইবা খেতি চপোৱাৰ পিছত বসন্তকালৰ বৈশাগু উছৱত প্ৰদৰ্শন কৰা নৃত্য। বিয়া-বাৰু আদি আনন্দ-উছৱৰ সময়তো এই নৃত্য পৰিৱেশন কৰা হয়।”
নাচনীহঁতে নৃত্য আৰম্ভ কৰাৰ পিছত ৰঞ্জিত বসুমতাৰীয়ে আগুৱাই আহিল। তেওঁ অকলে চেৰজা বাদ্য প্ৰদৰ্শন কৰি অনুষ্ঠান সামৰিলে। জীৱিকা নিৰ্বাহৰ উপায় হিচাপে বিয়া-সবাহত চেৰজা বজোৱা ৰঞ্জিত বসুমতাৰী তেনে মুষ্টিমেয় কেইগৰাকীমান শিল্পীৰ মাজৰ এজন। এইখিনি সময়ত গোলাপী সামান্য আঁতৰি অভ্যাগতৰ আপ্যায়নৰ বাবে চাহ-পানীৰ যা-যোগাৰ কৰাত লাগিছে।
তেওঁ খোৱামেজখন বিভিন্ন ধৰণৰ পাৰম্পৰিক খাদ্যৰে উপচাই দিছে: সবাই জং চামো (মাটিমাহেৰে শামুক), ভজা ভাঙোন মাছ, অনলা জং দাও বেদৰ (পিঠাগুড়িৰে কুকুৰাৰ মাংসৰ ব্যঞ্জন), কলফুলেৰে ৰন্ধা গাহৰিৰ মাংস, মৰাপাটৰ টোপোলা, চাউলৰ মদ আৰু খুদ-জলকীয়া। ৰাতিপুৱাৰ পৰা বিস্ময়মুগ্ধ কৰি পেলোৱা নৃত্য-গীতত ভোল গৈ থকাৰ পিছত এনে এসাজ ভাত বৰ জুতি লগাই খোৱা হ’ল।
অনুবাদ: পংকজ দাস