দক্ষিণ মহাসাগৰৰ পৰা ভাৰত মহাসাগৰলৈকে অগণন পৰিভ্ৰমী পক্ষীয়ে মধ্য এছিয়ান ফ্লাইৱেৰ মাজেৰে ডেউকা মেলি আহি ঋতুৰ লগে লগে কলৰৱ তোলে গুজৰাটৰ আহমেদাবাদ জিলাৰ বিৰামগাম তেহচিলৰ ১২০ বৰ্গ কিলোমিটাৰ বিশাল নল সৰোবৰ হ্ৰদত। ঋতুৰ সময়ত দূৰ দূৰণিৰ পৰা উৰি আহি নল সৰোবৰত উপস্থিত হোৱা এই পৰিভ্ৰমী পক্ষীবোৰক হ্ৰদটোলৈ আদৰিবলৈ সদায় ৰৈ থাকে ৩৭ বৰ্ষীয় এজন প্ৰকৃতিপ্ৰেমী নাৱৰীয়া, যাৰ নামেই হৈছে গণি ছামা।

শৈশৱৰ পৰাই পক্ষীৰ কলৰৱৰ মাজত ডাঙৰ দীঘল হোৱা গণি ছামা এতিয়া নল সৰবোৰ হ্ৰদৰ এজন নাৱৰীয়া। ৩৫০ টাতকৈ অধিক পক্ষীৰ প্ৰজাতিক চিনাক্ত কৰিবলৈ সক্ষম হোৱা গণি ছামাই কয়, “পূৰ্বতে ইয়াত প্ৰায় ২৪০ বিধ প্ৰজাতিৰ চৰাই দেখা গৈছিল, এতিয়া এই সংখ্যা ৩১৫ টাতকৈও অধিক হৈছে।”

বিলৰ আশে-পাশেই পাৰ হৈছিল গণি ছামাৰ শৈশৱ। প্ৰকৃতিৰ সৈতে তেওঁৰ সম্পৰ্ক নতুন নহয়। গণি ছামাই জনোৱা মতে, তেওঁক ককাক আৰু দেউতাকৰ বাবেও এই বিলখনেই আছিল জীৱন আৰু জীৱিকাৰ আধাৰ। তেওঁ কয়, “মোৰ দেউতা আৰু মোৰ ককাই এই চৰাইবোৰৰ সুৰক্ষাৰ বাবে বন বিভাগক সহায় কৰিছিল। দুয়োজনে বন বিভাগত নাৱৰীয়া হিচাপে কাম কৰিছিল আৰু এতিয়া মইও সেই একে কাম কৰি আছো।’ ১৯৯৭ চনৰ কথা সুঁৱৰি ছামাই কয়, ''যেতিয়া মই কাম কৰিবলৈ আৰম্ভ কৰিছিলো, তেতিয়া কেতিয়াবা কাম লাভ কৰিছিলো, কেতিয়াবা খালী হাতেই থাকিবলগীয়াও হৈছিল।’’

কিন্তু প্ৰকৃতিৰ প্ৰতি থকা গণি ছামাৰ ভালপোৱাক অৱশেষত স্বীকৃতি দিছিল বন বিভাগেও। ২০০৪ চনত বন বিভাগ তেওঁক আনুষ্ঠানিকভাৱে চৰাইৰ টহল আৰু সুৰক্ষাৰ বাবে নাৱৰীয়া হিচাপে নিযুক্তি দিছিল। গণি ছামাই কয়, ''এতিয়া মই মাহে প্ৰায় ১৯ হাজাৰ টকা উপাৰ্জন কৰোঁ।’’

Gani on a boat with his camera equipment, looking for birds to photograph on the Nal Sarovar lake in Gujarat
PHOTO • Zeeshan Tirmizi
Gani on a boat with his camera equipment, looking for birds to photograph on the Nal Sarovar lake in Gujarat
PHOTO • Zeeshan Tirmizi

নিজৰ কেমেৰা-পাতিৰ সৈতে নাৱত উঠি চৰাইৰ ফটো তুলিবলৈ গুজৰাটৰ নল সৰোবৰত গণি ভ্ৰমি ফুৰা এটা মুহূৰ্ত

Left: Gani pointing at a bird on the water.
PHOTO • Zeeshan Tirmizi
Right: Different birds flock to this bird sanctuary.
PHOTO • Zeeshan Tirmizi

বাওঁফালে: পানীত চৰি ফুৰা চৰাই এটালৈ গণিয়ে আঙুলিয়াই দেখুৱাইছে। সোঁফাল: পক্ষী অভয়াৰণ্যখনত পখিৰ জলবিহাৰ

নল সৰোৱৰৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত ভেকাৰিয়া গাঁৱত ডাঙৰ দীঘল হোৱা পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ নাৱৰীয়া, পক্ষীপ্ৰেমী গণি ছামাৰ কাহিনীয়ে যেন আজি পূৰ্ণতা প্ৰদান কৰি আহিছে নল সৰবোৰক। পৰ্যটনৰ কেন্দ্ৰ হিচাপে এই হ্ৰদটোৱে কেৱল পৰিৱেশক ধুনীয়া কৰি ৰখাই নহয়, তেওঁৰ গাঁৱৰ লোকসকলৰ জীৱিকাৰো মূল উৎস হৈ আহিছে এই হ্ৰদটো।

গাঁৱৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়তে আৰম্ভ হৈছিল গণিৰ শিক্ষা জীৱন। কিন্তু উচ্চ শিক্ষা লাভ কৰাৰ সপোনত তেওঁৰ হেঙাৰ হৈ থিয় দিছিল পৰিয়ালৰ আৰ্থিক পৰিস্থিতি। যাৰ বাবে কেৱল সপ্তম শ্ৰেণীতেই আনুষ্ঠানিক শিক্ষাৰ সামৰণি মাৰিবলৈ বাধ্য হৈছিল তেওঁ। কিন্তু তেওঁৰ বাবে সদায় মুকলি হৈ আছিল নল সৰোবৰৰ বিশাল দিগন্ত। দুই ভাতৃ আৰু দুই ভগ্নীৰ ভিতৰত জ্যেষ্ঠ গণিয়ে মাথো ১৪ বছৰ বয়সতে ব্যক্তিগত নাৱৰীয়া হিচাপে নল সৰোবৰত যাত্ৰা আৰম্ভ কৰিছিল।

আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰাৰ পিছতো প্ৰকৃতিয়ে যেন এক অনন্য প্ৰতিভা প্ৰদান কৰিছিল গণিক। যিকোনো চৰাই চিনিব পৰা আৰু নাম দিব পৰা গণিৰ এই প্ৰতিভা লাহে লাহে ফটোৰ মাজেৰে বহিঃপ্ৰকাশ ঘটে। গণিয়ে কয়, ''প্ৰথম অৱস্থাত মোৰ হাতত কেমেৰা নাছিল। তেতিয়া মই মোৰ ফোনটোৰে ভিউইং টেলিস্কোপলৈকে ধৰি চৰাইবোৰৰ ফটো তুলিছিলোঁ।’’ ২০২৩ চনত অৱশেষত গণি ছামাই লাভ কৰে এটা কেমেৰা আৰু বাইনোকুলাৰ। বন সংৰক্ষক আৰ জে প্ৰজাপতি আৰু ৰেঞ্জ ফৰেষ্ট অফিচাৰ ডি এম চোলাংকিয়ে গণি ছামাক এটা নিকন কুলপিক্স P950 কেমেৰা আৰু বাইন’কুলাৰ ক্ৰয় কৰাত সহায়ৰ হাত আগবঢ়ায়।

পৰিভ্ৰমী পক্ষীৰ সন্ধান বিচাৰি নল সৰবোৰলৈ অহা গৱেষকসকলৰ বাবেও গণি ছামা হৈ পৰিছিল তেওঁলোকৰ প্ৰয়োজনীয় মানুহজন। গণিয়ে গৱেষকসকলক পৰিভ্ৰমী পক্ষীবোৰৰ ফটো আৰু অধ্যয়নত সহায় কৰিছিল আৰু তেনে ফটোৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও লাভ কৰিবলৈ সক্ষম হৈছে। গণিয়ে উৎসাহেৰে কয়, “মই ৰাছিয়াৰ একেটা বাহৰ পৰা U3 আৰু U4 বুলি টেগ কৰা দুটা চৰাইৰ ফটো তুলিছিলো। ২০২২ চনত যেতিয়া U3 ইয়ালৈ আহিছিল মই তাৰ ফটো তুলিছিলো; এই বছৰ অৰ্থাৎ ২০২৩ চনত মই পুনৰ U4ৰ ফটো তুলিবলৈ সক্ষম হৈছো। এইবোৰ যেতিয়া ইণ্ডিয়ান ৱাইল্ড লাইফ ফেডাৰেচনৰ জৰিয়তে ৰাছিয়াৰ এজন বিজ্ঞানীলৈ পঠিওৱা হৈছিল, তেতিয়া বিজ্ঞানীগৰাকীয়ে আমাক কৈছিল যে সেই চৰাইবোৰ একেটা বাহৰ পৰাই আহিছে। দুয়োটা পক্ষীয়ে এবছৰৰ অগা-পিছাকৈ নল সৰোৱৰ ভ্ৰমণ কৰিছিল।’’

তেওঁ কয় যে ৰাছিয়াৰ বিজ্ঞানীসকলে তেওঁৰ দৃশ্য লক্ষ্য কৰিছিল। “মই ডেম’ইজেল ক্ৰেন ( গ্ৰাছ ভিৰ্গ’) নামৰ প্ৰায় আঠটা আঙঠিযুক্ত বগলী প্ৰত্যক্ষ কৰিছিলো। মই এই চৰাইবোৰৰ ফটো তুলিলোঁ যিবোৰ তাৰ পিছত পঠিয়াই টোকা লিখা হ’ল।”

Left: A Sooty Tern seabird that came to Nal Sarovar during the Biporjoy cyclone in 2023.
PHOTO • Gani Sama
Right: A close-up of a Brown Noddy captured by Gani
PHOTO • Gani Sama

বাওঁফালে: ধোঁৱাকলীয়া গংগাচিলনী প্ৰজাতিৰ সাগৰীয় চৰাই এটা (Sooty Tern seabird) ২০২৩ৰ বিপৰ্য্যয় ঘূৰ্ণীবতাহৰ সময়ত আহিছিল। সোঁফালে: ব্ৰাউন নডি নামে সামূদ্ৰিক চৰাই এবিধৰ গণিয়ে তোলা আলোকচিত্ৰ

Left: A pair of Sarus cranes next to the lake.
PHOTO • Gani Sama
Right: Gani's picture of flamingos during sunset on the water.
PHOTO • Gani Sama

বাওঁফালে: সৰোবৰৰ পাৰত সাৰস বগলী এহাল। সোঁফালে: সুৰ্য্যাস্তৰ সময়ত গণিয়ে তোলা ফ্লেমিংগৰ জাকৰ আলোকচিত্ৰ

কিন্তু ক্ৰমান্বয়ে ঘটিবলৈ ধৰা জলবায়ু পৰিৱৰ্তনে এতিয়া লাহে লাহে পৰিৱৰ্তন আনিছে নল সৰোবৰতো । তেওঁ কয়, “জুন মাহত গুজৰাটত হোৱা বিপৰ্য্যয় ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে ইয়াত প্ৰথমবাৰৰ বাবে কিছুমান নতুন প্ৰজাতিৰ সাগৰীয় চৰাই দেখা গৈছিল, যেনে ব্ৰাউন ন’ডি (Annus stolidus), ছুটি টাৰ্ণ (Onychoprion fuscatus), আৰ্কটিক স্কুৱা (Stercorarius parasiticus) আৰু ব্ৰিডলড্ টাৰ্ণ (Onychoprion aethetus) আদি।"

গণিয়ে কয় যে মংগোলিয়া আৰু কাজাখস্তানৰ দৰে অঞ্চলৰ পৰা অহা ৰঙা বুকুৰ হাঁহে (Branta ruficollis) শীতকালত নল সৰোবৰৰ সৌন্দৰ্য অধিক বৃদ্ধি কৰিছে। যোৱা তিনি বছৰ ধৰি ইয়াৰ অবিৰত ভ্ৰমণে নল সৰোবৰৰ বাবে এই প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা বুলি মন্তব্য কৰে গণিয়ে। ইয়াৰ উপৰিও সংকটজনকভাৱে বিপন্ন হৈ পৰা লেপউইং (Vanellus gregarius) অভয়াৰণ্যখনলৈ সঘনাই পৰিভ্ৰমণ কৰিবলৈ আৰম্ভ কৰা বুলি মন্তব্য কৰে গণি ছামাই।

গণিয়ে অতি আনন্দৰে কয়, “এটা [চৰাই] মোৰ নামেৰে নামকৰণ কৰা হৈছে। সেই চৰাইৰ প্ৰজাতিটো এতিয়া ৰাছিয়াত আছে; ই ৰাছিয়ালৈ গৈছিল আৰু তাৰ পিছত গুজৰাটলৈ উভতি আহিছিল আৰু তাৰ পিছত পুনৰ ৰাছিয়ালৈ উভতি গৈছিল।’’

গণিয়ে পুনৰ কয়, ‘‘মই প্ৰায়ে বাতৰি কাকতসমূহলৈ ফটো প্ৰেৰণ কৰো। বাতৰি কাকতত মোৰ নাম প্ৰকাশ নাপায়। কিন্তু তাত প্ৰকাশিত ছবিবোৰ দেখি মই যথেষ্ট সুখী অনুভৱ কৰো।’’

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Student Reporter : Zeeshan Tirmizi

ଜୀଶାନ ତିରମିଜି, ରାଜସ୍ଥାନ କେନ୍ଦ୍ରୀୟ ବିଶ୍ୱବିଦ୍ୟାଳୟର ଜଣେ ଛାତ୍ର। ସେ ୨୦୨୩ରେ ‘ପରୀ’ର ଇଣ୍ଟର୍ନ ଥିଲେ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Zeeshan Tirmizi
Photographs : Zeeshan Tirmizi

ଜୀଶାନ ତିରମିଜି, ରାଜସ୍ଥାନ କେନ୍ଦ୍ରୀୟ ବିଶ୍ୱବିଦ୍ୟାଳୟର ଜଣେ ଛାତ୍ର। ସେ ୨୦୨୩ରେ ‘ପରୀ’ର ଇଣ୍ଟର୍ନ ଥିଲେ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Zeeshan Tirmizi
Photographs : Gani Sama

ଗନି ଶର୍ମା ଜଣେ ୩୭ ବର୍ଷୀୟ ଆତ୍ମଶିକ୍ଷିତ ପ୍ରକୃତିବିତ୍‌। ସେ ନଲ ସରୋବର ପକ୍ଷୀ ଅଭୟାରଣ୍ୟରେ ପ୍ୟାଟ୍ରୋଲିଂ ଏବଂ ପକ୍ଷୀମାନଙ୍କର ସୁରକ୍ଷା ପାଇଁ ଜଣେ ନାବିକ ଭାବେ କାମ କରନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Gani Sama
Editor : PARI Desk

ପରୀ ସମ୍ପାଦକୀୟ ବିଭାଗ ଆମ ସମ୍ପାଦନା କାର୍ଯ୍ୟର ପ୍ରମୁଖ କେନ୍ଦ୍ର। ସାରା ଦେଶରେ ଥିବା ଖବରଦାତା, ଗବେଷକ, ଫଟୋଗ୍ରାଫର, ଚଳଚ୍ଚିତ୍ର ନିର୍ମାତା ଓ ଅନୁବାଦକଙ୍କ ସହିତ ସମ୍ପାଦକୀୟ ଦଳ କାର୍ଯ୍ୟ କରିଥାଏ। ସମ୍ପାଦକୀୟ ବିଭାଗ ପରୀ ଦ୍ୱାରା ପ୍ରକାଶିତ ଲେଖା, ଭିଡିଓ, ଅଡିଓ ଏବଂ ଗବେଷଣା ରିପୋର୍ଟର ପ୍ରଯୋଜନା ଓ ପ୍ରକାଶନକୁ ପରିଚାଳନା କରିଥାଏ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ PARI Desk
Translator : Dhrubajyoti Dhanantari