দক্ষিণ মহাসাগৰৰ পৰা ভাৰত মহাসাগৰলৈকে অগণন পৰিভ্ৰমী পক্ষীয়ে মধ্য এছিয়ান ফ্লাইৱেৰ মাজেৰে ডেউকা মেলি আহি ঋতুৰ লগে লগে কলৰৱ তোলে গুজৰাটৰ আহমেদাবাদ জিলাৰ বিৰামগাম তেহচিলৰ ১২০ বৰ্গ কিলোমিটাৰ বিশাল নল সৰোবৰ হ্ৰদত। ঋতুৰ সময়ত দূৰ দূৰণিৰ পৰা উৰি আহি নল সৰোবৰত উপস্থিত হোৱা এই পৰিভ্ৰমী পক্ষীবোৰক হ্ৰদটোলৈ আদৰিবলৈ সদায় ৰৈ থাকে ৩৭ বৰ্ষীয় এজন প্ৰকৃতিপ্ৰেমী নাৱৰীয়া, যাৰ নামেই হৈছে গণি ছামা।
শৈশৱৰ পৰাই পক্ষীৰ কলৰৱৰ মাজত ডাঙৰ দীঘল হোৱা গণি ছামা এতিয়া নল সৰবোৰ হ্ৰদৰ এজন নাৱৰীয়া। ৩৫০ টাতকৈ অধিক পক্ষীৰ প্ৰজাতিক চিনাক্ত কৰিবলৈ সক্ষম হোৱা গণি ছামাই কয়, “পূৰ্বতে ইয়াত প্ৰায় ২৪০ বিধ প্ৰজাতিৰ চৰাই দেখা গৈছিল, এতিয়া এই সংখ্যা ৩১৫ টাতকৈও অধিক হৈছে।”
বিলৰ আশে-পাশেই পাৰ হৈছিল গণি ছামাৰ শৈশৱ। প্ৰকৃতিৰ সৈতে তেওঁৰ সম্পৰ্ক নতুন নহয়। গণি ছামাই জনোৱা মতে, তেওঁক ককাক আৰু দেউতাকৰ বাবেও এই বিলখনেই আছিল জীৱন আৰু জীৱিকাৰ আধাৰ। তেওঁ কয়, “মোৰ দেউতা আৰু মোৰ ককাই এই চৰাইবোৰৰ সুৰক্ষাৰ বাবে বন বিভাগক সহায় কৰিছিল। দুয়োজনে বন বিভাগত নাৱৰীয়া হিচাপে কাম কৰিছিল আৰু এতিয়া মইও সেই একে কাম কৰি আছো।’ ১৯৯৭ চনৰ কথা সুঁৱৰি ছামাই কয়, ''যেতিয়া মই কাম কৰিবলৈ আৰম্ভ কৰিছিলো, তেতিয়া কেতিয়াবা কাম লাভ কৰিছিলো, কেতিয়াবা খালী হাতেই থাকিবলগীয়াও হৈছিল।’’
কিন্তু প্ৰকৃতিৰ প্ৰতি থকা গণি ছামাৰ ভালপোৱাক অৱশেষত স্বীকৃতি দিছিল বন বিভাগেও। ২০০৪ চনত বন বিভাগ তেওঁক আনুষ্ঠানিকভাৱে চৰাইৰ টহল আৰু সুৰক্ষাৰ বাবে নাৱৰীয়া হিচাপে নিযুক্তি দিছিল। গণি ছামাই কয়, ''এতিয়া মই মাহে প্ৰায় ১৯ হাজাৰ টকা উপাৰ্জন কৰোঁ।’’










