“মই দোকানত আঠৰ পৰা দহ ঘণ্টা কাম কৰি তিনিখন শাড়ীত ছাপা মাৰো,” আছগৰে কয়। “এদিনত এনেকৈ ৫০০ টকা পাওঁ। কিন্তু এই কামৰ চাহিদা তিনিৰ পৰা চাৰিমাহ থাকে। ছাপা কাম নাথাকিলে মই কনষ্ট্ৰাকছন ছাইটত লেবাৰৰ কাম কৰোঁ।”
আছগৰৰ ঘৰ বিহাৰছৰিফ চহৰত, তেওঁ দোকানৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত। দোকানত তেওঁ পুৱা ১০ বজাৰ পৰা ৰাতি ৮ বজালৈ কাম কৰে। “পইচা বচাবলৈ মোৰ ল’ৰাটোৱে ঘৰতে ৰন্ধা খাদ্য দুপৰীয়াৰ বাবে লৈ আহে,” তেওঁ কয়।
জীৱনৰ পাঁচটা বছৰ তেওঁ দিল্লীত থাকি নিৰ্মাণ ছাইটত কাম কৰিছিল। এতিয়া তেওঁ ইয়াত তেওঁৰ পত্নী আৰু স্কুলত পঢ়ি থকা দুই পুত্ৰ (বয়স ক্ৰমে ১৪ আৰু ১৬)ৰ সৈতে বিহাৰছৰিফত থাকে। চহৰখনত কাম কৰি পোৱা পইচাৰে নিজকে সুখী বুলি কোৱা আছগৰে কয় যে পৰিয়ালৰ লগত থাকিব পোৱাটো তেওঁৰ বাবে সুখৰ কথা। “য়হা ভী কাম হইয়ে ৰহা হ্যে তৌ কাহে লা বাহাৰ জায়েংগে (ইয়াতো কাম হৈয়ে আছে, গতিকে কিয় বাৰু মই বাহিৰলৈ কাম বিচাৰি যাও)?” তেওঁ এই প্ৰতিবেদকক কয়।
মহম্মদ ৰেয়াজে পাপ্পুৰ দোকানত ছাপা কাৰিকৰ হিচাপে কাম কৰে। ৬৫ বৰ্ষীয় ৰেয়াজে এই কামৰ উপৰিও বছৰটো চলিবলৈ জীৱিকাৰ আন কৌশলো আয়ত্ব কৰিছে। “ছাপা কাম নাথাকিলে মই বেণ্ডপাৰ্টি এটাৰ সৈতে কাম কৰো। তাৰোপৰি মই প্লাম্বিঙৰো কাম জানো। এই কামবোৰ কৰি মই বছৰটো চলি যাও,” ৰেয়াজ ডাঙৰীয়াই কয়।
পাপ্পুৱে কয় যে দোকানৰ পৰা পোৱা পইচাৰে পত্নী আৰু দুই পুত্ৰ (সাতৰ পৰা ষোল্ল বছৰীয়া) পৰিয়ালটো পুহিবলৈ কষ্ট হয়। “এই কামত পইচা একেবাৰে কম, প্ৰায় নায়েই বুলিব পাৰি। ছাপা কাপোৰ এখনত কিমানখিনি লাভ পাওঁ, সেয়া ভাবি আচৰিতেও হওঁ। কোনোমতে পৰিয়ালটোৰ বাবে দুবেলা দুসাজ যোগাৰ কৰিব পাৰিছো,” তেওঁ কয়।
চাহিদাবিহীন এই জীৱিকা তেওঁৰ ল’ৰা দুটাই আঁকোৱালি লোৱাটো তেওঁ নিবিচাৰে। “হম পাগল নহি হ্যে জৌ চাহেংগে কি মেৰে বেটে ইছ লাইন ম্যে আয়ে (মোৰ মূৰৰ বিকাৰ হোৱা নাই যে ল’ৰাদুটাক এই জীৱিকা আঁকোৱালি ল’বলৈ দিম)।”