“এই অৰণ্যত আমাৰ কিমানটা প্ৰজন্ম বাগৰিছে মই নাজানিম,” মাস্তুৱে কয় (তেওঁ এই নামটোৰে নিজৰ পৰিচয় দিয়ে)। বন গুজ্জৰ সম্প্ৰদায়ৰ এই গৰখীয়াজনৰ ঘৰ ছাহাৰানপুৰ জিলাৰ বেহাট গাঁৱত, সকুমভাৰি ৰেঞ্জত।
বন গুজ্জৰসকল হিমালয় পৰ্বতমালা আৰু নিম্নদেশৰ সমভূমি অঞ্চলৰ মাজত ঋতুবিশেষে প্ৰব্ৰজন কৰা ভাৰতৰ উত্তৰ প্ৰান্তৰ এটা যাযাবৰ পশুপালক সম্প্ৰদায়। মাস্তু আৰু তেওঁৰ সমূহটো সম্প্ৰতি উত্তৰকাশী জিলাৰ বুগয়াললৈ যোৱাৰ বাটত উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ সীমাস্থিত শিৱালিক শ্ৰেণীৰ মাজেৰে গৈ আছে। শীতকাল অহাৰ আগেয়ে তেওঁলোকে শিৱালিকলৈ উভতি আহিব।
বন অধিকাৰ আইন (এফ.আৰ.এ.) ২০০৬য়ে অৰণ্যত বাস কৰা বা জীৱিকাৰ বাবে অৰণ্যৰ ওপৰত নিৰ্ভৰশীল লোকক সুৰক্ষা প্ৰদান কৰে। এই আইনে উক্ত সম্প্ৰদায়সমূহৰ লগতে অৰণ্যৰ ওপৰত পৰম্পৰাগতভাৱে জীৱিকা নিৰ্বাহ কৰি অহা লোকসকলৰ অধিকাৰক স্বীকৃতি দিয়ে আৰু তেওঁলোকৰ জীৱিকাৰ বাবে অৰণ্যৰ সম্পদ ব্যৱহাৰৰ বাবে মান্যতা প্ৰদান কৰে। কিন্তু তৎস্বত্ত্বেও বন গুজ্জৰসকলে আইনপ্ৰদত্ত তেওঁলোকৰ অধিকাৰ লাভ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে।
জলবায়ু সংকটৰ প্ৰভাৱে অৰণ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাইছে। “পৰ্বত-পাহাৰৰ পৰিস্থিতিতন্ত্ৰৰ পৰিৱৰ্তন ঘটিছে, অখাদ্য বনস্পতি বাঢ়িছে, চৰণীয়া পথাৰ দ্ৰুত গতিত হ্ৰাস পাইছে,” ছচাইটি ফৰ প্ৰম’চন অৱ হিমালয়ান ইণ্ডিজেনাচ এক্টিভিটিজ-ৰ সহকাৰী নিৰ্দেশক মুনেশ শৰ্মাই কয়।
“অৰণ্যবোৰ হেৰাই গ’লে আমি আমাৰ পশুবোৰক কি খুৱাম?” সাহান বিবিয়ে কয়। পুত্ৰ গুলাম নবীক লগত লৈ তেওঁ মাস্তুৰ গোটটোৰ সৈতে উত্তৰাখণ্ডলৈ গৈ আছে।
এই ছবিখনত তেওঁলোকৰ গোটটোৱে প্ৰতিবছৰে কৰা যাত্ৰাত কেনেকৈ সমস্যাসমূহৰ সৈতে মোকাবিলা কৰিছে, সেয়া দেখুওৱা হৈছে।
অনুবাদ: পংকজ দাস