বঙালী খোলতকৈ অসমীয়া খোলৰ স্বৰৰ মাত্ৰা তুলনামূলকভাৱে কম। নাগাৰাৰ তুলনাত আকৌ ঢোলৰ ধ্বনিতীক্ষ্নতা অধিক। গিৰিপদ বাদ্যকৰে এইবোৰ কথা ভালকৈয়ে জানে। এগৰাকী বাদ্যযন্ত্ৰ নিৰ্মাতা হিচাপে এইধৰণৰ অভিজ্ঞতা তেওঁ প্ৰতিদিনেই নিজৰ কামত খটুৱায়।
“ডেকা ল’ৰাবোৰে আহি মোক তেওঁলোকৰ স্মাৰ্টফোন দেখুৱায় আৰু মোক টিউনিংটো নিৰ্দিষ্ট এক স্কেলত মিলাবলৈ কয়। কিন্তু মোক এই এপবোৰৰ দৰকাৰ নাই,” এইদৰে কয় অসমৰ মাজুলীৰ এগৰাকী বৰ্ষীয়ান বাদ্যযন্ত্ৰ প্ৰস্তুতকৰ্তা কাৰিকৰে।
গিৰিপদে লগতে কয় যে টিউনিং এপৰ জৰিয়তে কোনো বাদ্যযন্ত্ৰ পৰীক্ষা কৰি চালেও তাত কিবা নহয় কিবা সমস্যা ৰৈয়েই যায়। খুঁটি-নাটি মাৰি টিউনিং কৰিবলৈ হ’লে বাদ্যযন্ত্ৰটোত ব্যৱহাৰ কৰা চামৰাখন হিচাপমতে লগাব লাগিব। “তাৰ পাছতহে টিউনাৰ এপে কাম কৰিব,” গিৰিপদে কয়।
গিৰিপদ আৰু তেওঁৰ পুত্ৰ পদুমে উত্তৰাধিকাৰীসূত্ৰে এই কামৰ সৈতে জড়িত। বাদ্যযন্ত্ৰ নিৰ্মাণ আৰু মেৰামতিৰ কামৰ বাবে জনাজাত এই সম্প্ৰদায়টোক ঢুলি বা শব্দকাৰ নামেৰেও জনা যায়। সম্প্ৰদায়টোক ত্ৰিপুৰাত অনুসূচিত জাতি হিচাপে স্বীকৃতি দিয়া হৈছে।
পদুম আৰু গিৰিপদে সাধাৰণতে ঢোল, খোল আৰু তবলা সাজে। পদুমে কয়, “সত্ৰবোৰ আমাৰ ইয়াত আছে। সেয়ে আমি গোটেই বছৰটোতেই কাম পাও। এইখিনিয়েই আমাৰ বাবে যথেষ্ট।”













