পাকিস্তান সীমান্তৰ পৰা প্ৰায় চাৰি কিলোমিটাৰমান দূৰত্বত ছমছেৰ সিঙে তেওঁৰ ভায়েকৰ গেৰেজত কাম কৰিবলৈ হাতত সঁজুলি-পাতিবোৰ লৈছে। তেওঁ যোৱা তিনিবছৰ ধৰি মেকানিক হিচাপে কাম কৰি আছে, তেওঁ হাতত অৱশ্যে আন কাম নথকা নহয়।
ছমছেৰ (৩৫) ভাৰত আৰু পাকিস্তানৰ মাজত থকা আট্টাৰি-ৱাগা সীমান্তত কাম কৰা তৃতীয় প্ৰজন্মৰ কুলী। তেওঁৰ পৰিয়ালটো ৰাজ্যখনত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাবদ্ধ প্ৰজাপতি সম্প্ৰদায়ৰ।
পাকিস্তানৰ সৈতে পাঞ্জাৱৰ এই সীমান্তত শ শ ট্ৰাকেৰে চিমেণ্ট, জিপচাম আৰু শুকান ফল-মূল আদি ভাৰতলৈ আহে। একেদৰে বিলাহী, আদা-নহৰু, ছ’য়াবিনৰ সাহ আৰু কপাহী সূতাৰ লগতে আন বিভিন্ন সামগ্ৰী ভাৰতৰ পৰা সীমান্ত পাৰ হৈ পাকিস্তানলৈ যায়।
ছমছেৰকে ধৰি আন ১,৫০০ কুলীসকলৰ কাম আছিল “ট্ৰাকৰ পৰা সামগ্ৰী নমাই আন সীমান্ত পাৰ হৈ যাবলগীয়া ট্ৰাকত সেয়া বোজাই কৰা।” সেই অঞ্চলত কোনো কাৰখানা বা উদ্যোগ নাই। আট্টাৰি-ৱাগা সীমান্তৰ আশে-পাশে প্ৰায় ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভূমিহীন বাসিন্দাসকলে সীমান্তৰ এই আদান-প্ৰদানৰ ওপৰতে নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে।









