পাকিস্তান সীমান্তৰ পৰা প্ৰায় চাৰি কিলোমিটাৰমান দূৰত্বত ছমছেৰ সিঙে তেওঁৰ ভায়েকৰ গেৰেজত কাম কৰিবলৈ হাতত সঁজুলি-পাতিবোৰ লৈছে। তেওঁ যোৱা তিনিবছৰ ধৰি মেকানিক হিচাপে কাম কৰি আছে, তেওঁ হাতত অৱশ্যে আন কাম নথকা নহয়।

ছমছেৰ (৩৫) ভাৰত আৰু পাকিস্তানৰ মাজত থকা আট্টাৰি-ৱাগা সীমান্তত কাম কৰা তৃতীয় প্ৰজন্মৰ কুলী। তেওঁৰ পৰিয়ালটো ৰাজ্যখনত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাবদ্ধ প্ৰজাপতি সম্প্ৰদায়ৰ।

পাকিস্তানৰ সৈতে পাঞ্জাৱৰ এই সীমান্তত শ শ ট্ৰাকেৰে চিমেণ্ট, জিপচাম আৰু শুকান ফল-মূল আদি ভাৰতলৈ আহে। একেদৰে বিলাহী, আদা-নহৰু, ছ’য়াবিনৰ সাহ আৰু কপাহী সূতাৰ লগতে আন বিভিন্ন সামগ্ৰী ভাৰতৰ পৰা সীমান্ত পাৰ হৈ পাকিস্তানলৈ যায়।

ছমছেৰকে ধৰি আন ১,৫০০ কুলীসকলৰ কাম আছিল “ট্ৰাকৰ পৰা সামগ্ৰী নমাই আন সীমান্ত পাৰ হৈ যাবলগীয়া ট্ৰাকত সেয়া বোজাই কৰা।” সেই অঞ্চলত কোনো কাৰখানা বা উদ্যোগ নাই। আট্টাৰি-ৱাগা সীমান্তৰ আশে-পাশে প্ৰায় ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভূমিহীন বাসিন্দাসকলে সীমান্তৰ এই আদান-প্ৰদানৰ ওপৰতে নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে।

PHOTO • Sanskriti Talwar

ভাৰত-পাকিস্তানৰ মাজত থকা আট্টাৰি-ৱাগা সীমান্তত ছমছেৰে কুলী হিচাপে কাম কৰিছিল। কিন্তু যোৱা তিনিটা বছৰ ধৰি তেওঁ ভায়েকৰ গেৰেজত কাম কৰি থাকিবলগীয়া হৈছে

২০১৯ত পুলৱামাত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ৪০ গৰাকী সেনা জোৱানৰ মৃত্যুৰ পিছত পৰিস্থিতি একেবাৰে সলনি হৈ গৈছে, এই আক্ৰমণৰ বাবে চৰকাৰে ইছলামাবাদক দোষ দিছে। ইয়াৰ পিছতে পাকিস্তানক দিয়া ম’ষ্ট ফেভাৰ্ড নেছন (এমএফএন) বাণিজ্যিকি মৰ্য্যাদা উঠাই লয় আৰু আমদানীত ২০০ শতাংশ শুল্ক লগায়। জম্মু-কাশ্মীৰত ৩৭০ অনুসূচী উঠাই লোৱাৰ পিছত পাকিস্তানেও বাণিজ্যিক বাধা-নিষেধ আৰোপ কৰিবলৈ লয়।

সীমান্তত বাস কৰা গাঁৱৰ বাসিন্দাৰ লগতে অমৃতসৰ জিলাৰ প্ৰায় ৯,০০০ পৰিয়াল ইয়াৰ দ্বাৰা বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছিল, ব্যুৰ’ অৱ ৰিচাৰ্ছ অৱ ইণ্ডাষ্ট্ৰি এণ্ড ইকনমিক ফাণ্ডামেণ্টেলচ্ (ব্ৰিফ)য়ে ২০২০ত কৰা এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে।

অমৃতসৰ চহৰত কাম বিচাৰি যাবলৈ হ’লে স্থানীয় বাছত ৩০ কিলোমিটাৰ যাত্ৰা কৰিব লাগে। এই যাতায়াতত কমেও ১০০ টকা খৰছ হয়। দিনহাজিৰা কৰিলে দিনে ৩০০ টকা মজুৰি পায়, “২০০ টকা ঘৰলৈ লৈ অহাৰ অৰ্থ কি থাকিল?”

শ শ কিলোমিটাৰ দূৰত, দিল্লীত কূটনীতিবিদসকলে সিদ্ধান্ত লৈ আছে, কিন্তু কুলীসকলে ভাবে যে তেওঁলোকৰ কথা চৰকাৰে শুনা নাই। কিন্তু সংসদত এজন সদস্য থাকিলে তেওঁলোকৰ কথা দাঙি ধৰিব পাৰিব। তাৰোপৰি সংসদত তেওঁলোকৰ সাংসদ থাকিলে সীমান্ত পুনৰ খোলাৰ কাৰণে হেঁচা দিব পাৰিব, তেতিয়া তেওঁলোকৰ কামবোৰ পুনৰ আৰম্ভ হ’ব।

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

বাওঁফালে: আট্টাৰি-ৱাগা সীমান্তত ভাৰত আৰু পাকিস্তানৰ জাতীয় পতাকা। সোঁফালে: আট্টাৰি ইণ্টিগ্ৰেটেড চে’ক প’ষ্টত প্ৰতিদিনে বিভিন্ন মাল-বস্তু কঢ়িওৱা ট্ৰাক পাকিস্তানৰ পৰা ভাৰতলৈ আহে আৰু ইয়াৰ পৰা পঠিওৱা হয়। কিন্তু ২০১৯ত পুলৱামাত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সীমান্ত চিল কৰি দিয়াৰ ফলত কুলীসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছিল

এতিয়া সীমান্তত কাম কেতিয়াবাহে থাকে। যেতিয়া আফগানিস্থানৰ পৰা শস্যৰ ট্ৰাক আহে। কুলীসকলে বয়সস্থ কুলীসকলক সেই কাম কৰিবলৈ দিয়ে, কিয়নো তেওঁলোকৰ বাবে কাম বিচৰা আৰু অধিক কঠিন হৈ পৰে।

কুলীসকলে বুজি পায় যে পোতক তুলিবলৈ সীমান্ত বন্ধ কৰি দিয়া হৈছিল। “পৰ জেদা ইথে বন্দেউনা দা দে চুলে থাণ্ডে কাৰেন লাগে শৌ বাৰি সৌছনা চাহি দা (কিন্তু কিমান মানুহৰ ঘৰৰ চৌকা নজ্বলা হ’ল, সেই কথা তেওঁলোকে চিন্তা কৰি চাব লাগিছিল,” ছমছেৰে কয়।

পাঁচবছৰ ধৰি কুলীসকলে কৰ্তৃপক্ষক অনুৰোধ জনাই আহিছে, কিন্তু কোনো ফল ধৰা নাই। “ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ এনে এটা দপ্তৰ নাই, য’ত আমি যোৱা পাঁচ বছৰত সীমান্ত খুলি দিবলৈ মাংগ পত্ৰ (স্মাৰক পত্ৰ) লৈ যোৱা নাই,” তেওঁ কয়।

কংকে গাঁৱৰ এজন দলিত কুলী সুছা সিঙে কয়, “কংগ্ৰেছ দলৰ অমৃতসৰৰ সাংসদ গুৰজীত সিং ঔজলাই আমাৰ লোকসকলৰ জীৱিকাৰ প্ৰসংগত সীমান্ত খুলি দিয়াৰ বাবে মোদী চৰকাৰক প্ৰায়ে অনুৰোধ জনাইছে। কিন্তু কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ নথকাৰ বাবে চৰকাৰে একো এটা কৰা নাই।”

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

কংকে গাঁৱৰ কুলী সুছা সিঙে এতিয়া পুতেকৰ লগত ৰাজমিস্ত্ৰী হিচাপে কাম কৰে। সোঁফালে: হৰজীত সিং আৰু তেওঁৰ চুবুৰীয়া সন্দীপ সিং, দুয়োজনে কুলী। হৰজীতে এতিয়া বাগিচা এখনত কাম কৰে আৰু সন্দীপে দিনহাজিৰা কৰি চলে। তেওঁলোকে আট্টাৰিত হৰজীতৰ ঘৰটোৰ চালিখন মেৰামতি কৰি আছে

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

বলজিত (থিয় হৈ থকাগৰাকী) আৰু তেওঁৰ ডাঙৰ ভায়েক সঞ্জিত সিং (বহি থকাগৰাকী) ৰোৰানৱালাৰ বাসিন্দা। বলজিতে সীমান্তত কুলী হিচাপে কাম কৰিছিল, এতিয়া সেই কাম নাই। সোঁফালে: তেওঁলোকৰ সাতজনীয়া পৰিয়ালটোত তেওঁলোকৰ মাক মনজীত কৌৰে প্ৰতিমাহে পোৱা বিধবা পেঞ্চনৰ ১,৫০০ টকাই এতিয়া পৰিয়ালটোৰ সুস্থিৰ আয়

কুলী হিচাপে কাম হেৰুওৱাৰ পিছত ৫৫ বৰ্ষীয় দলিত মজহবি শিখ লোকজনে ৰাজমিস্ত্ৰী হিচাপে কাম কৰি দিনে প্ৰায় ৩০০ টকা উপাৰ্জন কৰে।

২০২৪ৰ লোকসভা নিৰ্বাচনত তেওঁলোকৰ মাজত সৃষ্টি হোৱা মত মন কৰিবলগীয়া। ছমছেৰে বুজাই কয়, “এইবাৰ নিৰ্বাচনত আমি নোটাত ভোট দিব খুজিছিলো, কিন্তু কেন্দ্ৰ চৰকাৰৰ ওপৰতে আমাৰ জীৱিকা (কুলী হিচাপে) নিৰ্ভৰ কৰে। বিজেপি (ভাৰতীয় জনতা দল)ক ভোট দিয়াৰ আমাৰ অলপো ইচ্ছা নাই। কিন্তু উপায়ো নাই।”

নিৰ্বাচনৰ ফলাফল ২০২৪ৰ ৪ জুনত ঘোষণা কৰা হয় আৰু কংগ্ৰেছ প্ৰাৰ্থী গুৰজীত সিং ঔজলাই পুনৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। সীমান্তৰ ৰাজনীতিত তেওঁৰ ভূমিকা কেনে হ’ব সেয়া লক্ষণীয় হ’ব।

অনুবাদ: পংকজ দাস

Sanskriti Talwar

ସଂସ୍କୃତି ତଲୱାର ଦିଲ୍ଲୀରେ ରହୁଥିବା ଜଣେ ନିରପେକ୍ଷ ସାମ୍ବାଦିକା ଏବଂ ୨୦୨୩ର ଜଣେ ପରୀ ଏମଏମଏଫ ଫେଲୋ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Sanskriti Talwar
Editor : Priti David

ପ୍ରୀତି ଡେଭିଡ୍‌ ପରୀର କାର୍ଯ୍ୟନିର୍ବାହୀ ସମ୍ପାଦିକା। ସେ ଜଣେ ସାମ୍ବାଦିକା ଓ ଶିକ୍ଷୟିତ୍ରୀ, ସେ ପରୀର ଶିକ୍ଷା ବିଭାଗର ମୁଖ୍ୟ ଅଛନ୍ତି ଏବଂ ଗ୍ରାମୀଣ ପ୍ରସଙ୍ଗଗୁଡ଼ିକୁ ପାଠ୍ୟକ୍ରମ ଓ ଶ୍ରେଣୀଗୃହକୁ ଆଣିବା ଲାଗି ସ୍କୁଲ ଓ କଲେଜ ସହିତ କାର୍ଯ୍ୟ କରିଥାନ୍ତି ତଥା ଆମ ସମୟର ପ୍ରସଙ୍ଗଗୁଡ଼ିକର ଦସ୍ତାବିଜ ପ୍ରସ୍ତୁତ କରିବା ଲାଗି ଯୁବପିଢ଼ିଙ୍କ ସହ ମିଶି କାମ କରୁଛନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Priti David
Editor : Sarbajaya Bhattacharya

ସର୍ବଜୟା ଭଟ୍ଟାଚାର୍ଯ୍ୟ ପରୀର ଜଣେ ବରିଷ୍ଠ ସହାୟିକା ସମ୍ପାଦିକା । ସେ ମଧ୍ୟ ଜଣେ ଅଭିଜ୍ଞ ବଙ୍ଗଳା ଅନୁବାଦିକା। କୋଲକାତାରେ ରହୁଥିବା ସର୍ବଜୟା, ସହରର ଇତିହାସ ଓ ଭ୍ରମଣ ସାହିତ୍ୟ ପ୍ରତି ଆଗ୍ରହୀ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Sarbajaya Bhattacharya
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das