তিনিটা আঙুলি, এখন ভিজা বৰ্গাকাৰ কাপোৰ আৰু এক মৃদু স্পৰ্শ৷ ‘‘মই অতিশয় সাৱধানেৰে বনাবলগীয়া হয়৷’’
অন্ধ্ৰপ্ৰদেশৰ সমুদ্ৰতীৰৰ জনপ্ৰিয় মিঠাই – পুথাৰেকুৰ বিষয়ে বিজয়াই কৈ যায়৷ চাউলৰ মাৰৰ স্বচ্ছ আৰু একেবাৰে পাতল পাট আৰু গুড়, শুকান ফলৰ সৈতে প্ৰস্তুত কৰা এই মিঠাইবিধ উৎসৱৰ বতৰত খুব বিক্ৰী হয়৷ মিঠাই নিৰ্মাণত সিদ্ধহস্ত বিজয়াই প্ৰতিদিনে প্ৰায় ২০০ ৰেকু প্ৰস্তুত কৰে আৰু স্থানীয় মিঠাইৰ দোকানবোৰে সেয়া তেওঁৰ পৰা সংগ্ৰহ কৰে৷ ‘‘পুথাৰেকু প্ৰস্তুতিৰ সময়ত মই বিশেষভাৱে মনোযোগ দিবলগীয়া হয়৷ সেই সময়ত মোৰ আনৰ সৈতে কথা পতাৰো সময় নাথাকে,’’ বিজয়াই পাৰিক এইদৰে কয়৷
‘‘মোৰ ঘৰৰ যিকোনো উৎসৱ-পাৰ্বন বা বিশেষ কোনো উপলক্ষত এই পুথাৰেকুলু থকাটো অপৰিহাৰ্য্য,’’ জি ৰামকৃষ্ণই এইদৰে কয়৷ আত্ৰেয়াপুৰমৰ নিবাসী জি ৰামকৃষ্ণই মিঠাইৰ কেইখনমান দোকানত মিঠাইৰ বাকচ পেকিঙত সহায় কৰে৷ প্ৰথমে দেখাত এয়া কাগজ এখিলা যেনেই লাগিব, আপুনি হয়তো কাগজ খোৱা বুলিও ভাবিব পাৰে ৷
কিন্তু যেতিয়া একামোৰ মৰাৰ লগে ই মুখত যেনেদৰে পমি যায়, মই নাভাবো যে এই সংসাৰত ইয়াতকৈও আন কিবা সুস্বাদু মিঠাই থাকিব পাৰে,’’ গৌৰৱেৰে তেওঁ কৈ যায়৷
এয়া অন্ধ্ৰ প্ৰদেশৰ ড. বি আৰ আম্বেদকাৰ কোনাচীমা জিলাৰ চাউল, য’ৰ পৰা এই সুস্বাদু মিঠাইবিধ প্ৰস্তুত কৰা হয় ৷ ‘‘এই চাউলবিধ খুব আঠালেটীয়া হয়, সেয়ে ৰেকু [পৃষ্ঠ] প্ৰস্তুতিৰ বাহিৰে অন্য কোনো কামত ব্যৱহাৰ কৰা নহয়,’’ ৰামচন্দ্ৰপুৰম ব্লকৰ আত্ৰেয়াপুৰম জিলাৰ বাসিন্দা কায়েলা বিজয়া কোটাই এইদৰে কয়৷ ২০২৩ বৰ্ষত আত্ৰেয়াপুৰমৰ পুথাৰেকু ই ভৌগোলিক সূচক (জিআই) টেগ লাভ কৰিছে৷ ১৪ জুন ২০২৩ তাৰিখে বিশাখাপট্টনমৰ ছাৰ আৰ্থাৰ কটন আত্ৰেয়াপুৰম পুথাৰেকুলা মেনুফেকচাৰ্ছ ৱেলফেয়াৰ এছ’ছিয়েচনক এই জিআই টেগৰ স্বীকৃতি প্ৰদান কৰা হয়৷
ৰাজ্যখনৰ তৃতীয়বিধ খাদ্যসামগ্ৰী হিচাপে পুথাৰেকুক এই জিআই টেগ প্ৰদান কৰা হৈছে (আন দুবিধ খাদ্য-সামগ্ৰী হৈছে তিৰুপতি লাডু আৰু বান্দৰ লাডু)৷ অন্ধ্ৰ প্ৰদেশৰ ২১ বিধ সামগ্ৰীয়ে বিভিন্ন শাখা যেনে হস্তশিল্প, খাদ্য সামগ্ৰী, কৃষিজাত আৰু অন্যান্য ক্ষেত্ৰত জিআই টেগ লাভ কৰিছে৷ যোৱা বছৰ পুথাৰেকুৰ সৈতে গোৱাৰ বেবিনকা মিঠায়েও জিআই টেগ লাভ কৰিছে৷ ইয়াৰ পূৰ্বে মোৰেনাৰ গজক আৰু মুজাফৰনগৰৰ গুড়েও জিআই টেগৰ স্বীকৃতি লাভ কৰিছে৷




















