তামিলনাডুৰ তিৰুভল্লুৰ জিলাৰ সাগৰৰ উপকূলভূমিত থকা গাওঁবোৰ ৰক্ষা কৰে এই কান্নিচামি গোসাঁইয়ে। এইগৰাকী গোসাঁইগৰাকী দেখাত মাছমৰীয়া সম্প্ৰদায়ৰে মাজৰেই এগৰাকী যেন লাগে। উজ্জ্বল বৰণৰ বসন আৰু ধুতি, লগতে শিৰৰ ভূষণ। সাগৰত নমাৰ আগেয়ে মাছমৰীয়া সম্প্ৰদায়ৰ লোকে নিৰাপদে যাতে উভতি আহিব পাৰে, তাৰ বাবে গোসাঁইগৰাকীৰ ওচৰত প্ৰাৰ্থনা জনায়।
মাছমৰীয়া সম্প্ৰদায়বোৰে বিভিন্ন ৰূপত কান্নিচামীক পূজা কৰে আৰু উত্তৰ চেন্নাইৰ পৰা পাৰাবেৰকাৰু (পুলিকট নামে জনপ্ৰিয়)লৈ এয়া লোকপ্ৰিয় পৰম্পৰা।
এন্নুৰ কুপ্পামৰ মাছমৰীয়াসকলে সাত কিলোমিটাৰ দূৰৰ পৰা আতিপাট্টুলৈ কান্নিচামীৰ মূৰ্তি কিনিবলৈ আহে। জুন মাহত আয়োজিত এই বাৰ্ষিক উৎসৱ এসপ্তাহলৈ চলে। এইখন গাঁৱৰ মাছমৰীয়াসকলৰ সৈতে মই ২০১৯ত গৈছিলো। আমি উত্তৰ চেন্নাইৰ তাপবিদ্যুত প্ৰকল্পৰ কাষৰ কোচস্থলৈয়াৰ নদীৰ পাৰত জিৰণি লৈ আতিপাট্টু গাঁৱৰ ফালে আগবাঢ়িছিলো।
আমি দুমহলীয়া ঘৰ এটাৰ কাষ চাপিলো, তাৰে মজিয়াত শাৰী পাতি থকা কান্নিচামীৰ কেইবাটাও মূৰ্তি আছিল। মূৰ্তিবোৰ বগা কাপোৰেৰে মেৰিয়াই থোৱা আছিল। দুকুৰি বয়সৰ এজন মানুহ, বগা আঁচ থকা চোলা আৰু কপালত থিৰুনীৰ [পবিত্ৰ ভস্ম] লেপি ধুতি পিন্ধি মূৰ্তিবোৰৰ সন্মুখত থিয় হৈ আছে। প্ৰতিজন মাছমৰীয়াৰ কান্ধত এটাকৈ মূৰ্তি ৰখাৰ আগেয়ে তেওঁ প্ৰাৰ্থনা কৰি লয়।



































