গড়চিৰোলি লোকসভা সমষ্টিটোত ১৯ এপ্ৰিলৰ দিনা সাতটা পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন, ২০২৪ৰ ভোটদান অনুষ্ঠিত হোৱাৰ এসপ্তাহ আগৰ কথা। জিলাখনৰ ১২ খন টেহচিলৰ প্ৰায় ১৪৫০ খন গাওঁসভাই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীলৈ সমৰ্থন আগবঢ়ায়, যিটো এক নজীৰবিহীন পদক্ষেপ।
এয়া নজীৰবিহীন বুলিয়েই ক’ব লাগিব, কিয়নো এই জনজাতীয় লোকসকলে কাচিৎহে ৰাজনৈতিক পক্ষ লয়। জিলা পৰ্য্যায়ৰ ফেডাৰেচনৰ অধীনত গ্ৰামসভাৰ সমৰ্থনে কংগ্ৰেছক আচৰিত কৰাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিক হতাশ কৰিছে, য’ত বৰ্তমানৰ সাংসদ অশোক নেটেয়ে তৃতীয়টো কাৰ্য্যকালৰ বাবে পুনৰ নিৰ্বাচিত হোৱাৰ আশা পালি আছে।
গাওঁসভাৰ প্ৰায় হাজাৰজন কাৰ্য্যালয় কৰ্মকৰ্তা আৰু গাওঁসভাৰ প্ৰতিনিধিসকলে গড়চিৰোলি চহৰৰ বিবাহভৱন এটাত সুপ্ৰভাত মংগল কাৰ্য্যালয়ত ধৈৰ্য্যসহকাৰে ১২ এপ্ৰিলৰ দিনটো কংগ্ৰেছ প্ৰাৰ্থী আৰু নেতৃবৃন্দৰ সৈতে মুকলি সভা এখনৰ বাবে অপেক্ষা কৰিলে। সন্ধিয়া ভামৰাগড়ৰ দক্ষিণ-পূব ব্লকৰ মাড়িয়াৰ বিপন্ন জনজাতীয় গোটৰ উকীল আৰু সমাজকৰ্মী লাচু নগতিয়ে কিৰ্ষাণৰ আগত সৰু সৰুকৈ অথচ স্পষ্টভাৱে পঢ়ি শুনাইছে। তেওঁ সমৰ্থন পত্ৰখন গ্ৰহণ কৰিছে আৰু সাসংদ হিচাপে নিৰ্বাচিত হ’লে তেওঁলোকে কৰা দাবীসমূহ মানি চলাৰ অংগীকাৰ কৰিছে।
এই চৰ্তসমূহৰ ভিতৰত আছে জিলাখনৰ বনাঞ্চলত চলি থকা অবাধ আৰু কোনো চিন্তা-চৰ্চা নোহোৱাকৈ কৰা খনন বন্ধ কৰা, বন অধিকাৰ আইনৰ নিয়মসমূহ সুচল কৰা, দাবীসমূহ পেণ্ডিং হৈ থকা গাওঁবোৰত সামূহিক বন অধিকাৰ (কমিউনিটি ফৰেষ্ট ৰাইটচ্ চমুকৈ চিএফআৰ)ৰ ব্যৱস্থা কৰা আৰু ভাৰতৰ সংবিধানখনৰ কঠোৰ অনুপালন।
“আমাৰ সমৰ্থন কেৱল নিৰ্বাচনৰ বাবে,” চিঠিখনত এইকথা স্পষ্ট কৰি কোৱা হৈছে, “প্ৰতিশ্ৰুতি ভংগ কৰিলে আমি অন্য মতত উপনীত হ’ব পাৰো।”
গাওঁসভাই এই পদক্ষেপ কিয় গ্ৰহণ কৰিলে?
“আমি চৰকাৰক খনিয়ে দিয়া ৰাজহতকৈ অধিক ৰাজহ দিম,” কংগ্ৰেছ দলটোৰ প্ৰাক্তন নেতা আৰু এগৰাকী প্ৰবীণ জনজাতীয় সমাজকৰ্মী সঞ্জু গ’তাই কয়। “এই অঞ্চলত বন ধ্বংস কৰি খনন কৰাটো ভুল কাম হ’ব।”










