অনন্তপুৰৰ মণ্ডলৰ কুৰুংগুণ্টা গাঁৱৰ ৩৫ বৰ্ষীয় কৃষক আলিবেলম্মাই কয়, “এই ফটোখনেই মোৰ ৰক্ষাকবচ, মোৰ সাহস।” এটিএম কাৰ্ডখনৰ লগত আলিবেলম্মাই গিৰীয়েকৰ ফটোখন দেখুৱাই আমাক কয়।
আলিবেলাম্মাৰ স্বামী চি ভেকংটৰামুৰুৱে আধিয়া খেতি কৰিছিল। ২০১৩ত বাদাম সংৰক্ষণৰ বাবে ব্যৱহৃত ৰাসায়নিক সেৱন কৰি তেওঁ আত্মহত্যা কৰে। “তেওঁ আমাক কৈছিল যে খেতিত বহুত ধাৰ লাগিছে, ইফালে মুনাফা শূন্য। তেওঁ মোক কৈছিল ‘যাৰ যাৰ পৰা ধাৰ লৈছিলো, সিহঁতে ঘনাই পইচা বিচাৰিবলৈ লৈছে। উশাহ বন্ধ হৈ যাব যেন লাগে। কি কৰিম একো ভাবি নাপাও। বাদামৰ বীজ সিচিবলৈ পইচা ক’ৰ পৰা পাম, ভাবি পোৱা নাই।’” আলিবেলাম্মাই প্ৰায়ে তেওঁক বাদাম খেতি নকৰিবলৈ কৈছিল, কিন্তু তেওঁ বাদামৰ খেতিয়েই কৰিবলৈ বিচাৰিছিল। তেওঁ যুক্তি আছিল, “য’ত লোকচান খাইছো, তাৰ পৰাই উলিওৱা উচিত।”



